কিৰণ মকছুদ বালুচ
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | কিৰণ মকছুদ বালুচ | |||
জন্ম | ২৩ ফেব্ৰুৱাৰী, ১৯৭৮ (৪৬ বছৰ) জাকবাবাদ, পাকিস্তান | |||
বেটিং শৈলী | সোঁ-হতীয়া | |||
বলিং শৈলী | ৰাইট আৰ্ম অফ ব্ৰেক | |||
ভূমিকা | অলৰাউণ্ডাৰ | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
টেষ্ট অভিষেক (কেপ ১) | ১৭ এপ্ৰিল ১৯৯৮ বনাম শ্ৰীলংকা | |||
অন্তিম টেষ্ট | ১৫ মাৰ্চ ২০০৪ বনাম ৱেষ্ট ইণ্ডিজ | |||
অ'ডিআই অভিষেক (কেপ ৩) | ২৮ জানুৱাৰী ১৯৯৭ বনাম নিউজিলেণ্ড | |||
অন্তিম অ'ডিআই | ২ এপ্ৰিল ২০০৪ v ৱেষ্টইণ্ডিজ | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
২০০৫/০৬ | কৰাছী ৱুমেনচ্ ক্ৰিকেট | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | ৱুমেনচ্ টেষ্ট ক্ৰিকেট | ৱুমেনচ্ ৱান ডে ইণ্টাৰনেচনেল | ডব্লিউএলএ | {{{column4}}} |
মুঠ খেল | ৩ | ৪০ | ৪৬ | {{{matches4}}} |
ৰাণ | ৩৬০ | ৫৭০ | ৯৩৩ | {{{runs4}}} |
বেটিং গড় | ৬০.০০ | ১৪.২৫ | ২১.২০ | {{{bat avg4}}} |
শতক/অৰ্ধশতক | ১/১ | ০/১ | ২/২ | {{{100s/50s4}}} |
সৰ্বোচ্চ ৰাণ | ২৪২ | ৬১ | ১৬২* | {{{top score4}}} |
বল | ৩০০ | ১,৩৭৭ | ১,৪৭৯ | {{{deliveries4}}} |
উইকেট | ২ | ২২ | ২২ | {{{wickets4}}} |
বলিং গড় | ৭৬.৫০ | ৩৭.৮১ | ৪১.৩৬ | {{{bowl avg4}}} |
এক ইনিংছত ৫টা উইকেট | ০ | ০ | ০ | {{{fivefor4}}} |
এখন খেলত ১০টা উইকেট | ০ | ০ | ০ | {{{tenfor4}}} |
শ্ৰেষ্ঠ বলিং | ২/৪১ | ২/১৩ | ২/১৩ | {{{best bowling4}}} |
কেচ্চ/ষ্টাম্পিং | ১/– | ৬/– | ৬/– | {{{catches/stumpings4}}} |
উৎস: https://cricketarchive.com/Archive/Players/17/17344/17344.html CricketArchive, 14 December 2021 {{{year}}} |
কিৰণ মকছুদ বালুচ (ইংৰাজী: :Kiran Maqsood Baluch ; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৭৮) এগৰাকী প্ৰাক্তন পাকিস্তানী মহিলা ক্ৰিকেটাৰ । তেওঁ অল-ৰাউণ্ডাৰ হিচাপে খেলিছিল,আৰু সোঁহাতেৰে বেটিং আৰু বলিং দুয়োটাতে সমানে পাৰদৰ্শিতা দেখুৱাইছিল। পাকিস্তানৰ হৈ তিনিখন টেষ্ট মেচ আৰু ৪০ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছিল।[1] ২০০৪ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২৪২ ৰান সংগ্ৰহ কৰি মহিলা টেষ্ট ক্ৰিকেটত সৰ্বাধিক স্ক'ৰৰ অভিলেখ গঢ়িছিল।[2] তেওঁ কৰাচীৰ হৈ ঘৰুৱা মহিলা ক্ৰিকেট দলত খেলিছিল।[3]
প্ৰাৰম্ভিক জীৱন আৰু ক্ৰিকেটৰ সৈতে পৰিচয়
[সম্পাদনা কৰক]কিৰণ বালুচ পৰিয়ালৰ জেষ্ঠ সন্তান আছিল। তেওঁৰ পিতৃ এজন পেছাদাৰী ক্ৰিকেটাৰ আছিল যিয়ে কোৱাইড-ই-আজম ট্ৰফীৰ দৰে প্ৰতিযোগিতাত আৰু পাকিস্তান টেলিভিছন আৰু পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ দৰে দলৰ হৈ খেলিছিল। এনে পৰিবেশত ডাঙৰ হোৱা বাবেই কিৰনে অতি কম বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ প্ৰেৰণা পাইছিল। সৰুতে তেওঁ বাস্কেটবল আৰু বেডমিণ্টন আদিও খেলিছিল কাৰণ সেই সময়ত স্কুলত মহিলাসকলৰ বাবে ক্ৰিকেট খেলাৰ সুবিধা নাছিল। দেউতাকে কিৰণক বলিং শিকাইছিল আৰু কিৰণে নিয়মিতভাৱে দেউতাক আৰু সৰু ভায়েকৰ সৈতে ক্ৰিকটৰ অণুশীলন কৰিছিল।[4]
জাতীয় দলত প্ৰৱেশ
[সম্পাদনা কৰক]১৯৯৬ চনৰ অক্টোবৰ মাহত শ্বাইজা খানৰ নেতৃত্বত পাকিস্তান মহিলা ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাই অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিবলৈ লোৱা দল এটা গঢ়ি তুলিবলৈ পৰীক্ষামূলকভাৱে খেলুৱৈৰ সন্ধানত নামিছিল। কিৰণ বালুচক শ্বাইজা খানে দলটোত অংশ গ্ৰহণ কৰিবলৈ যোগাযোগ কৰিছিল।[4] ১৯৯৭ চনলৈকে বালুচে কোনো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলা নাছিল। তেওঁৰ প্ৰথমখন উল্লেখযোগ্য প্ৰতিযোগিতা আছিল পাকিস্তানত বাৰ্ষিক ঘৰুৱা প্ৰতিযোগিতা ফাতিমা জিন্না ট্ৰফী। ইয়াৰ পিছত ১৯৯৭ চনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰা ৰাষ্ট্ৰীয় দলত তেওঁক তিনিখন এদিনীয়া আৰু কেইখনমান ঘৰুৱা খেল খেলিবলৈ নিৰ্বাচিত কৰা হৈছিল।[4] ১৯৯৭ চনৰ জানুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন এদিনীয়া মেচত বালুচে পাকিস্তান মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল । সেইখন খেলত ৫৬ ৰানত পাকিস্তানৰ সকলো উইকেট আউট হৈছিল, আৰু সেই একেখন খেলতে বালুচে ১৯ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰিছিল। পাকিস্তানে খেলখনত ১০ উইকেটত পৰাস্ত হয়।[5] পিছৰ খেলখনত কিৰণ বালুচে একৰান ও নকৰাকৈ বাহিৰ হৈছিল। তাৰ পিছৰ ছিৰিজ' অষ্ট্ৰেলিয়া আৰু ভাৰতত তেওঁৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত আছিল। শৃংখলাৰ সেই সময়ছোৱাত ভাৰতত ডেনমাৰ্কৰ বিৰুদ্ধে খেলা এখন মেচত তেওঁ ১৩ ৰানত ২টা উইকেট দখল কৰে, যিটো তেওঁৰ এদিনীয়া বলিঙৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হৈয়ে আছে।[6]
ইয়াৰ পিছত ১৯৯৮ চনত শ্ৰীলংকা ভ্ৰমণ কৰা টেষ্ট দলৰ বাবে বালুচক নিৰ্বাচিত কৰা হয়। পাকিস্তান মহিলা ক্ৰিকেট দলটোৱে শৃংখলাত প্ৰথমখন টেষ্ট মেচ খেলে। প্ৰথমখন টেষ্ট মেচত খেলি বালুচে প্ৰথম ইনিংছত ৭৬ ৰান সংগ্ৰহ কৰি নিজৰ দলৰ হৈ শীৰ্ষস্থান দখল কৰে। কিন্তু আয়োজক দলটোৱে ৩০৯ ৰানত জয়লাভ কৰে।[7] ২০০০ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে তেওঁৰ পৰৱৰ্তী মেচত একৰান ও নকৰাকৈ আউট হৈছিল। ইয়াৰ পিছত দলটোৱে ২০০৪ চনত ঘৰুৱা শৃংখলাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিল। শৃংখলাৰ একমাত্ৰ টেষ্ট মেচখনৰ প্ৰথম ইনিংছত কিৰণ বালুচে ব্যত্তিগত ২৪২ ৰান সংগ্ৰহ কৰিছিল। যিটো ২০২১ চনলৈকে মহিলা টেষ্ট ক্ৰিকেটত এগৰাকী খেলুৱৈৰ ব্যক্তিগত সৰ্বাধিক স্ক'ৰ বুলি উল্লেখিত হৈ আছে।[8][9] মেচখনৰ তৃতীয় ইনিংছত ৪১ ৰানত ২টা উইকেট দখল কৰি তেওঁ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ টেষ্ট বলিং প্ৰদৰ্শন অৰ্জন কৰে। [10]
টোকা
[সম্পাদনা কৰক]কিৰণ বালুচে ভাৰতৰ মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ পূৰ্বৰ ২১৪ ৰাণৰ অভিলেখ অতিক্ৰম কৰে।[11]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Player Profile: Kiran Baluch". ESPNcricinfo. https://www.espncricinfo.com/player/kiran-baluch-54989। আহৰণ কৰা হৈছে: 14 December 2021.
- ↑ "Kiran hits world record 242 n.o" (en ভাষাত). DAWN.COM. 2004-03-17. http://beta.dawn.com/news/353943/kiran-hits-world-record-242-n-o। আহৰণ কৰা হৈছে: 2021-05-10.
- ↑ "Player Profile: Kiran Baluch". CricketArchive. https://cricketarchive.com/Archive/Players/17/17344/17344.html। আহৰণ কৰা হৈছে: 14 December 2021.
- ↑ 4.0 4.1 4.2 Samiuddin, Osman (8 May 2004). "Pakistan's record-breaking lady". ESPNcricinfo. http://www.espncricinfo.com/ci/content/story/140747.html। আহৰণ কৰা হৈছে: 31 December 2014.
- ↑ ""Pakistan Women in New Zealand Women's ODI Series – 1st Women's ODI".". ESPNcricinfo.. Retrieved 31 December 2014..
- ↑ "Statistics / Statsguru / Kiran Baluch / Women's One-Day Internationals". ESPNcricinfo. http://stats.espncricinfo.com/ci/engine/player/54989.html?class=9;template=results;type=bowling;view=series। আহৰণ কৰা হৈছে: 31 December 2014.
- ↑ "Pakistan Women in Sri Lanka Women's Test Match". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/67505.html। আহৰণ কৰা হৈছে: 31 December 2014.
- ↑ "Pakistan draw despite heroics from Baluch and Shaiza". ESPNcricinfo. http://www.espncricinfo.com/women/content/story/134251.html। আহৰণ কৰা হৈছে: 31 December 2014.
- ↑ "Records / Women's Test matches / Batting records / Most runs in an innings". ESPNcricinfo. http://stats.espncricinfo.com/women/content/records/284261.html। আহৰণ কৰা হৈছে: 31 December 2014.
- ↑ "Statistics / Statsguru / Kiran Baluch / Women's Test matches / all-round analysis". ESPNcricinfo. http://stats.espncricinfo.com/ci/engine/player/54989.html?class=8;template=results;type=allround;view=match। আহৰণ কৰা হৈছে: 31 December 2014.
- ↑ "Records / Women's Test matches / Batting records / Most runs in an innings". ESPNcricinfo. http://stats.espncricinfo.com/women/content/records/284261.html। আহৰণ কৰা হৈছে: 31 December 2014.