কুঁৱৰী মেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুঁৱৰী মেল(ইংৰাজী: Kunwari Mel) আহোম যুগত কুঁৱৰীসকলক ভোগ কৰিবলৈ দিয়া ৰাজকীয় মৰ্যাদা৷ আহোম শাসন কালত যিসকল ৰাজকোঁৱৰে প্ৰশাসনিক দায়িত্ব নাপাইছিল, তেওঁলোকক ৰাজকীয় মৰ্যাদাৰে জীৱন অতিবাহিত কৰাৰ সুযোগ দি একোখণ্ড মাটি দি তাত উৎপাদন কৰিবৰ বাবে ৰজাঘৰৰ পৰা পাইক আৰু বিষয়া নিযুক্ত কৰা হৈছিল৷ এই ভূমিখণ্ডক “মেল’’ বোলা হৈছিল৷ [1]ৰাজকাৰেঙৰ নাৰীসকলৰ প্ৰতিও সমমৰ্যাদা প্ৰদান কৰি আহোম শাসন ব্যৱস্থাত কুঁৱৰীসকলৰ বাবেও অনুৰূপ “মেল’’ একোখন দিয়া হৈছিল৷ এইবোৰকে কুঁৱৰী মেল বোলে৷

আহোম যুগত এজন ৰজাই কেইবাগৰাকী পত্নী বিয়া কৰাইছিল৷ সেইসকলৰ ভিতৰত এগৰাকীক বৰকুঁৱৰী, এগৰাকীক পৰ্বতীয়া কুঁৱৰী, এগৰাকীক তামুলী কুঁৱৰী আৰু বাকীসকলক চমুৱা কুঁৱৰী পতা হৈছিল৷ প্ৰতিগৰাকী কুঁৱৰীৰে বেলেগ বেলেগ নামৰ “মেল’’ আছিল৷ ৰাজকন্যা বা ৰাজকুমাৰীসকলেও এখন মেল ভোগ কৰিবলৈ পাইছিল৷[2] ৰজাৰ কুঁৱৰীৰ সংখ্যা কম হ’লে পৰিয়ালৰ আন আন মহিলাসকলৰ মাজত এই মেলবোৰ ভগাই দিছিল৷[3] ৰাজপৰিয়ালত এই মহিলাসকলৰ পদবী অনুসাৰে নিৰ্দিষ্টকৈ মেলবোৰৰ নাম ৰখা হৈছিল৷ ৰজাৰ বৰকুঁৱৰীয়ে পাইছিল “ৰাইদঙীয়া মেল’’, পৰ্বতীয়া কুঁৱৰীয়ে “পৰ্বতীয়া মেল’’, চমুৱা কুঁৱৰীসকলে ভোগ কৰিছিল “পুৰণি মেল’’, “ন-মেল’’, ৰাজমাতৃয়ে পাইছিল “খঙীয়া মেল’’, ৰজাৰ মাহীমাকে পাইছিল “মাহী মেল’’, ৰজাৰ আইতাকে পাইছিল “এনাইঘৰীয়া মেল’’, ৰজাৰ ধাইমাকে পাইছিল “কলিচেঙৰ মেল’’, ৰাজৰ জীসকলে ভোগ কৰিছিল “গাভৰু মেল’’৷[1][2] ৰজাৰ শহুৰেক বা স্বৰ্গী হোৱা ৰজাৰ কুঁৱৰীক যিখন মেল ভোগ কৰিবলৈ দিয়া হৈছিল তাক “পুৰণি মেল’’ বোলা হৈছিল৷[4] কুঁৱৰী বা মেলৰ গৰাকীসকলে “ফুকন, বৰুৱা, হাজৰিকা, শইকীয়া, বৰা’’ আদি বিষয়াসকলৰ সহযোগত মেলবোৰ চলাইছিল৷ মেলৰ অন্তৰ্গত মাটি-বাৰী চোৱা-চিতা কৰা, গোচৰ নিষ্পত্তি কৰা আদি কামবোৰ বিষয়াসকলে চকু দিছিল৷[3]

ৰাজপৰিয়ালৰ নাৰীসকলৰ বাবে আবণ্টিত মেলবোৰ চোৱা-চিতা কৰিবলৈ যিবোৰ বিষয়া নিয়োগ কৰা হৈছিল, তেওঁলোকক সেই মেলৰ নামানুসৰি জনা গৈছিল৷ কিছুমানে নিজৰ অধীনত একোজন “কাকতী’’ও পাইছিল৷ ৰাইডঙীয়া ফুকন-ৰাইডঙীয়া বৰুৱা, পৰ্বতীয়া ফুকন-পৰ্বতীয়া বৰুৱা, খঙীয়া ফুকন-খঙীয়া বৰুৱা, মাহীমেলীয়া ফুকন-মাহীমেলীয়া বৰুৱা, এনাইঘৰীয়া বৰুৱা, পুৰণিমেলীয়া বৰুৱা, ন-মেলীয়া বৰুৱা, কলিচেঙৰ বৰুৱা, গাভৰু-মেলীয়া বৰুৱা, মাজু-মেলীয়া বৰুৱা, সৰু-মেলীয়া বৰুৱা আদিৰ উপৰি পৰ্বতীয়া কুঁৱৰীৰ “বৰ-ভঁৰালী’’ৰূপে ভণ্ডাৰী গোঁহাই নামে এজন বিষয়া পায়৷ ওপৰত উল্লেখ কৰা আটাইকেইজন ফুকনে তেওঁলোকৰ অধীনত একোজন “কাকতী’’ লাভ কৰিছিল৷[4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 শইকীয়া, ড° ৰক্তিম ৰঞ্জন (২০২২). প্ৰাক্-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস. অসম পাব্লিচিং কোম্পানী. পৃষ্ঠা. ৩৭০. ISBN 978-93-92305-41-2. 
  2. 2.0 2.1 Gait, Sir Edward (2022). History of Assam. E B H Publishers. পৃষ্ঠা. 244. ISBN 978-81-92754-11-6. 
  3. 3.0 3.1 ৰাজকুমাৰ, ৺সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ১২৮. ISBN 81-7339-308-7. 
  4. 4.0 4.1 বৰবৰুৱা, হিতেশ্বৰ (২০১৮). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৬১৪. ISBN 978-93-84733-87-2.