কুকুই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
'এল ক’ক’ৰ চিত্ৰ, শিল্পী: ফ্ৰান্সিছক' গয়া

ক’ক’ (ইংৰাজী‌: Coco), ক’কা (Coca), কুক’ (Cuco), কুকা (Cuca), কুকু (Cucu), কুকুই (Cucuy, Cucuí) বা অল কুকুই (El-Cucuí) হৈছে স্পেইন আৰু পৰ্তুগালৰ কিংবদন্তিত বৰ্ণিত এবিধ কিংবদন্তিমূলক জীৱ। ই হৈছে ব'গীমেনৰ সমতুল্য এবিধ পৌৰাণিক ভূতৰ দৰে দানৱ। এই কিংবদন্তিমূলক বিশ্বাসবোৰ বহু স্পেইনভাষী আৰু পতুৰ্গীজভাষী বাস কৰা দেশতো বিয়পি পৰিছে। ইয়াক ‘বাগবিয়াৰ’ৰ (Bugbear) আইবেৰিয়ান সংস্কৰণ বুলিও ক'ব পাৰি[1] কাৰণ ই এটা অযুক্তিকৰ বা অতিৰঞ্জিত ভয়ক প্ৰতিনিধিত্ব কৰা এটা সাধাৰণতে ব্যৱহৃত বাক্য। কুকুই এটা পুৰুষ সত্তা আনহাতে কুকা হৈছে পৌৰাণিক দানৱটোৰ নাৰী সংস্কৰণ। এই "দানৱ"টোৱে অবাধ্য শিশুবোৰত ৰাতি ঘৰলৈ আহি ধৰি লৈ যায় বুলি বিশ্বাস কৰা হয়।

ব্যুৎপত্তি[সম্পাদনা কৰক]

ক’ক’ বা কুকুইৰ শ্ৰুতিকথাৰ উৎপত্তি উত্তৰ পৰ্তুগাল আৰু গালিচিয়াত হৈছিল। “ৰিয়েল একাডেমিয়া এস্পানিঅ'লা”ৰ (Real Academia Española) মতে, কোকো শব্দটো গালিচিয়ান আৰু পৰ্তুগীজ côco [ˈkuku] ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে "নাৰিকল"।[2] স্পেনিছ ভাষাত মানুহৰ মূৰক বুজাবলৈ ক’ক’ শব্দটো কথিত ভাষাত ব্যৱহাৰ কৰা হয়।[3] ক’ক’ শব্দই অৰ্থ "লাওখোলা" অৰ্থও বুজায়।[4] পৰ্তুগীজ ভাষাত cocuruto শব্দৰ অৰ্থ হৈছে "শিৰৰ মুকুট" বা "সৰ্বোচ্চ স্থান"[5] আৰু একে ব্যুৎপত্তিৰে গালিচিয়া ভাষাৰ crouca,[6] প্ৰ’ট’-কেল্টিক ভাষাৰ *krowkā-,[7] আৰু cróca[8] মানেও “মূৰ”। পৰ্তুগীজ আৰু গালিচিয়ান উভয়তে coco বা cuca শব্দৰ অৰ্থ হৈছে "মূৰ"।[9] সেইদৰে কৰ্নিছ ভাষাৰ crogen শব্দৰ অৰ্থ "লাওখোলা"।[10] ব্ৰেটন ভাষাৰ krogen ar pennৰ অৰ্থও হৈছে "লাওখোলা"।[11][12] আইৰিছ ভাষাত clocan শব্দৰ অৰ্থ "লাওখোলা"।[13]

বহু লেটিন আমেৰিকাৰ দেশত এই দানৱটোক এল কুক’ বুলি কোৱা হয়। উত্তৰ নিউ মেক্সিকো আৰু দক্ষিণ ক'লৰাডোত, য'ত হিস্পানিক (স্পেনিছ ভাষী) জনসংখ্যাৰ সংখ্যা বেছি, ইয়াক ইয়াৰ ইংৰাজীকৃত নাম "ক’ক’ মেন" বুলি কোৱা হয়।[14] ব্ৰাজিলৰ লোককথাত এই দানৱটোক কুকা বুলি কোৱা হয় আৰু পৰ্তুগীজ শব্দ ক’কা[15] অৰ্থাৎ ড্ৰেগনৰ পৰা উদ্ভৱ হোৱা মাইকী মানৱৰূপী কুম্ভীৰ হিচাপে চিত্ৰিত কৰা হয়।

কিংবদন্তি[সম্পাদনা কৰক]

কৰ্পাছ ক্ৰীষ্টি উদযাপনৰ সময়ত ফেষ্টা দা ক’কা, পৰ্তুগালৰ মনচাওত

স্পেইন, পৰ্তুগাল আৰু লেটিন আমেৰিকাত পিতৃ-মাতৃয়ে কেতিয়াবা সন্তানক অসৎ আচৰণৰ পৰা কৰাত বাধা প্ৰদান কৰাৰ উপায় হিচাপে ক’ক’ বা কুকাক কথা কয়; তেওঁলোকে ল'ৰা-ছোৱালীক সকীয়াই দি নিচুকনি গীত গায় বা পদ্য গায় শুনায়। এই গীত আৰু পদ্যসমূহত মাক-দেউতাকৰ কথা নমনা শিশুসকলক এল কুকুইৱে আহি ধৰি লৈ যায় আৰু তাৰ পিছত খাই পেলায় বুলি কোৱা হয়।

ক’ক’ৰ চেহেৰাই নহয় বৰঞ্চ ই কৰা কামেহে শিশুসকলক বেছিকৈ ভয় খুৱাই। ই এটা শিশু ভক্ষণকাৰী আৰু অপহৰণকাৰী; ই শিশুটিক লগে লগেও খাই পেলাব পাৰে, তাক কোনো অজ্ঞাত ঠাইলৈ লৈ যাব পাৰে নাইবা কেতিয়াও ঘূৰি আহিব নোৱাৰা ঠাইলৈ লৈ যাবও পাৰে, কিন্তু ই কেৱল অবাধ্য শিশুৰ ক্ষেত্ৰতহে এই কাম কৰে। ই ঘৰৰ ছাদ পৰা শিশুৰ অসৎ আচৰণ লক্ষ্য কৰি থাকে; ই কেতিয়াবা ক'লা ছাঁ হৈ শিশুসকলক লুকাই লুকাই চাই থাকে।[16] ইয়াক ৰক্ষক দূতৰ বিপৰীত বুলি গণ্য কৰা হয় আৰু প্ৰায়ে চয়তানৰ সৈতে তুলনা কৰা হয়। আন কিছুমানে ক’ক’ক স্থানীয় সম্প্ৰদায়ৰ মৃতকৰ আত্মা বুলি বিশ্বাস কৰে।[17]

শাৰীৰিক উপস্থাপন[সম্পাদনা কৰক]

মেজৰ ডি চাণ্টা টেক্লাৰ সময়ত কুকাফেৰা

কুকুইৰ শৰীৰৰ গঠন সম্পৰ্কীয় কোনো নিৰ্দিষ্ট বিৱৰণ পোৱা নাযায় যদিও ই আকৃতি সলনি কৰি অত্যন্ত ভয়ংকৰ ৰূপ ল’ব পাৰে। ইয়াৰ মুখাবয়ব বা শৰীৰৰ বিশেষ বৰ্ণনা পোৱা নায়ায় যদিও কেতিয়াবা বিভিন্ন ধৰণে বৰ্ণনা কৰা হৈছে। কেতিয়াবা ইয়াক আকৃতিহীন, কেতিয়াবা নোমাল দানৱ বুলি কোৱা হৈছে। ই আলমাৰী বা বিচনাৰ তলত লুকাই থাকে আৰু শুবলৈ কোৱাৰ সময়ত বেয়া আচৰণ কৰা শিশুবোৰক ধৰি খায়।

কিংবদন্তিৰ জীৱ[সম্পাদনা কৰক]

আইবেৰিয়ান উপদ্বীপৰ বিভিন্ন মধ্যযুগীয় উদযাপনত প্ৰদৰ্শন কৰা মাইকী ড্ৰেগনৰ নামো ক’কা। পৰ্তুগালৰ কৰ্পাছ ক্ৰীষ্টি উদযাপনৰ সময়ত আয়োজিত মধ্যযুগীয় প্ৰতিযোগিতাত চেণ্ট জৰ্জৰ সৈতে ক’কাই যুঁজে। তেওঁক চাণ্টা ক’কা ("চেণ্ট ক’কা") বুলি কোৱা হয়।[18]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Year's Work in Modern". CUP Archive. https://books.google.com/books?id=aNY3AAAAIAAJ&q=coco+Bugbear&pg=PA175. 
  2. "Coco". Diccionario de la lengua española. Real Academia Española. Retrieved 26 December 2012.
  3. Taylor, James Lumpkin (29 May 2019). A Portuguese-English Dictionary. প্ৰকাশক Redwood City, California: Stanford University Press. ISBN 9780804704809. https://books.google.com/books?id=pyylwqkVIUoC&q=coco+cabe%C3%A7a++head&pg=PA152. 
  4. Skeat, Walter W.; Skeat, Walter William (29 May 1993). The Concise Dictionary of English Etymology. প্ৰকাশক Ware, Hertfordshire, England: Wordsworth Editions. পৃষ্ঠা. 91. ISBN 9781853263118. https://archive.org/details/concisedictionar0000skea. "coco skull." 
  5. Vieyra, Antonio (29 May 2019). "A Dictionary of the Portuguese and English Languages, in Two Parts: Portuguese and English, and English and Portuguese". J. Collingwood. https://books.google.com/books?id=yQktAAAAYAAJ&q=dicionario+coco+cabe%C3%A7a&pg=PT155. 
  6. "Dicionario de dicionarios". sli.uvigo.es. http://sli.uvigo.es/ddd/ddd_pescuda.php?pescuda=crouca&tipo_busca=lema. 
  7. Cf. Meyer-Lübke, Wilhelm (1911). Romanisches etymologisches wörterbuch. প্ৰকাশক Heidelberg, Germany: Carl Winter's Universitätsbuchhandlung. পৃষ্ঠা. 183. https://archive.org/details/romanischesetymo00meyeuoft. , s.v. crūca
  8. "Dicionario de dicionarios". sli.uvigo.es. http://sli.uvigo.es/ddd/ddd_pescuda.php?pescuda=CR%25D2CA&tipo_busca=lema. 
  9. "Dicionario de dicionarios". sli.uvigo.es. http://sli.uvigo.es/ddd/ddd_pescuda.php?pescuda=coca&tipo_busca=lema. 
  10. Williams, Robert (1865). Lexicon Cornu-Britannicum: A dictionary of the ancient Celtic language of Cornwall, in which the words are elucidated by copious examples from the Cornish works now remaining; with transl. in English. The synonyms are also given in the cognate dialects of Welsh, Armoric, Irish, Gaelic, and Manx; shewing at one view the connexion between them. Trubner. পৃষ্ঠা. 73. https://books.google.com/books?id=ts5EAAAAcAAJ&pg=PA73. 
  11. Diefenbach, Lorenz (1851). Vergleichendes Wörterbuch der gotischen Sprache. J. Baer. পৃষ্ঠা. 599. https://archive.org/details/bub_gb_5ib5muoYMDIC. 
  12. Le Gonidec, Jean-François (1847). Dictionnaire français-breton: Enrichi d'additions et d'un Essai sur l'histoire de la langue bretonne. L. Prud'homme. পৃষ্ঠা. 178. https://books.google.com/books?id=Iy0_AAAAcAAJ&pg=PA178. 
  13. Windisch, Ernst. "Compendium of Irish Grammar". প্ৰকাশক Dublin: M. H. Gill and Son. https://digital.nls.uk/dcn6/7628/76284327.6.pdf. 
  14. Castro, Rafaela (2000). Chicano Folklore: A Guide to the Folktales, Traditions, Rituals and Religious Practices of Mexican Americans. OUP USA. পৃষ্ঠা. 57. ISBN 978-0-19-514639-4. https://books.google.com/books?id=v72wKX9I6lgC&pg=PA57. 
  15. Cunha, Secundino (2009-06-10). "Festa da Coca anima Monção" (pt ভাষাত). Correio da Manhã. http://www.cmjornal.xl.pt/noticia.aspx?contentid=614462EB-F2A5-498E-A2F6-6BCDC2D63DF6&channelid=00000010-0000-0000-0000-000000000010. 
  16. Martos Núñez, Eloy. "La imagen del joven a través de las ficciones de terror y sus fuentes folklórico-literarias. El caso iberoamericano" (es ভাষাত). University of Extremadura. Archived from the original on 2012-04-25. https://web.archive.org/web/20120425141628/http://www.alonsoquijano.org/cursos2004/animateca/recursos/Biblioteca%20virtual/C1.%20Tradiciones%20y%20Literatura%20Infantil/17.%20Eloy%20Martos.pdf। আহৰণ কৰা হৈছে: 2011-11-05. 
  17. Viana, Luis Díaz (1988). Aproximación antropológica a Castilla y León. Anthropos Editorial. পৃষ্ঠা. 500. ISBN 978-84-7658-070-7. https://books.google.com/books?id=EIerX9EVf58C&pg=PA500. 
  18. "Co. Kildare Online Electronic History Journal: KILCOCK, PARISH OF - Comerford's "Dioceses of Kildare and Leighlin"". www.kildare.ie. http://www.kildare.ie/ehistory/2006/09/kilcock_parish_of_comerfords_d.asp.