কৃষণ মহাৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯২৩ চনৰ বেনাৰসত এটা সংগীতময় পৰিয়ালত কৃষণ মহাৰাজৰ জন্ম হৈছিল। কৃষণ মহাৰাজে সংগীতজ্ঞ হৰি মহাৰাজৰ(পিতৃ) ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। পিতৃ মৃত্যু পাছত খুড়াক কণ্ঠে মহাৰাজে তেখেতক সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। কম বয়সৰ পৰা কৃষণ মহাৰাজে প্ৰখ্যাত সংগীত শিল্পী বৰে গোলাম আলি খান, ভীমসেন যোশী, ৰবি শংকৰ, আলী আকবৰ খান আদি সকলৰ সৈতে একে মঞ্চতে সংগীত পৰিৱেশন কৰা সুযোগ লাভ কৰিছিল। ১৯৭৩ চনত পদ্মশ্ৰী আৰু ২০০২ চনত পদ্মবিভূষণ সন্মানৰে সন্মানিত কৰা হৈছিল। কৃষণ মহাৰাজৰ মৃত্যু হয় ২০০৮ চনৰ ৪ মে'ত।