কেশৱ বলিৰাম হেডগেৱাৰ
| ডা° কেশৱ বলিৰাম হেডগেৱাৰ | |
|---|---|
| জন্ম | ১৮৮৯ চনত নাগপুৰ |
| মৃত্যু | ১৯৪০চনত |
ডা° কেশৱ বলিৰাম হেডগেৱাৰ (ইংৰাজী: K.B.Hedgewar) আছিল এজন দেশভক্ত। কেশৱে বাল্য কালতে সীতা মঢ়ী দুৰ্গাৰ পৰা ইংৰাজৰ পতাকা নমাবৰ কাৰণে সুৰংগ খন্দাৰ দৰে দুঃসাহসিক কামৰ জৰিয়তে প্ৰখৰ দেশভক্তিৰ নিদৰ্শন দাঙি ধৰিছিল। ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত উত্তেজিত ভাষণ দিয়া বাবে ইংৰাজ চৰকাৰে তেওঁক কাৰাবাস দিছিল।[1]
জম্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]ডা° কেশৱ বলিৰাম হেডগেৱাৰ ৰ জন্ম হয় ১৮৮৯ চনৰ ১ এপ্ৰিল তাৰিখে নাগপুৰত। তেওঁৰ পিতৃৰ নাম পণ্ডিত বলিৰাম হেডগেৱাৰ আৰু মাতৃৰ নাম ৰেৱতী বাঈ।[2]
কৰ্ম
[সম্পাদনা কৰক]কেশৱ বলিৰাম হেডগেৱাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপনাৰে সম্পূৰ্ণ হিন্দু সমাজক সুসংগঠিত সংস্কাৰিত কৰি সম্পূৰ্ণ ৰাষ্ট্ৰীয় জাগৰণৰ দৰে অদ্বিতীয় কাম কৰিছিল। ১৯২৫ চনৰ বিজয় দশমীৰ দিনা নাগপুৰুষৰ মোহিতৰ বাড়া নামৰ স্থানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপন কৰে।[3]
মৃত্যু
[সম্পাদনা কৰক]১৯৪০ চনৰ ২১ জুনৰ পুৱা ৯ বাজি ২৭ মিনিটত হেডগেৱাৰ দেৱে অমৰধামলৈ গতি কৰে।[4]