সমললৈ যাওক

কেশৱ মহাৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেশৱ মহাৰাজ
{{{imagealt}}}
২০১৯ চনত
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম কেশৱ আত্মানন্দ মহাৰাজ
জন্ম ০৭ ফেব্ৰুৱাৰী, ১৯৯০ (৩৫ বছৰ)
ডাৰবান, দক্ষিণ আফ্ৰিকা
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী Slow left-arm orthodox
ভূমিকা বলাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল দক্ষিণ আফ্ৰিকা
টেষ্ট অভিষেক (কেপ ৩২৭) ৩ নৱেম্বৰ ২০১৬ বনাম অষ্ট্ৰেলিয়া
অন্তিম টেষ্ট ৮ মাৰ্চ ২০২৩ বনাম ৱেষ্ট ইণ্ডিজ
অ'ডিআই অভিষেক (কেপ ১২০) ২৭ মে' ২০১৭ বনাম ইংলেণ্ড
অন্তিম অ'ডিআই ৫ নৱেম্বৰ ২০২৩ v ভাৰত
অ'ডিআই চোলা নং. ১৬
টি২০ অভিষেক (কেপ ৯৪) ১০ ছেপ্টেম্বৰ ২০২১ বনাম শ্ৰীলংকা
অন্তিম আন্তৰ্জাতিক টি২০ ৩ ছেপ্টেম্বৰ ২০২৩ বনাম অষ্ট্ৰেলিয়া
টি২০ চোলা নং. ১৬
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা Test ODI T20I FC
মুঠ খেল ৪৯ ৩৮ ২৬ ১৫৫
ৰাণ ১,১৩০ ২০৯ ৭৮ ৩,৯৫৬
বেটিং গড় ১৫.৭০ ১৪.৯২ ১৫.৬০ ২০.২২
শতক/অৰ্ধশতক ০/৫ ০/০ ০/০ ২/১৭
সৰ্বোচ্চ ৰাণ ৮৪ ৪০ ৪১ ১১৪*
বল ৯,৫৭৫ ১,৮৯৮ ৫২১ ৩১,৭৬৬
উইকেট ১৫৮ ৪৮ ২২ ৫৮৬
বলিং গড় ৩২.০০ ৩১.২৫ ২৯.৩১ ২৭.০৪
এটা ইনিংছত ৫টা উইকেট ৩৭
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ৯/১২৯ ৪/৩৩ ২/২১ ৯/১২৯
কেচ্চ/ষ্টাম্পিং ১৬/– ৯/– ১২/– ৫৮/–
উৎস: http://www.espncricinfo.com/southafrica/content/player/267724.html Cricinfo, ১ নৱেম্বৰ, ২০২৩ {{{year}}}

কেশৱ আত্মানন্দ মহাৰাজ (ইংৰাজী : Keshav Atmananda Maharaj; জন্ম: ৭ ফেব্ৰুৱাৰী, ১৯৯০) ডাৰবানত জন্মগ্ৰহণ কৰা এজন ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ অন্যতম সদস্য। ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত কোৱাজুলু-নাটাল আৰু ডলফিনক প্ৰতিনিধিত্ব কৰে। তেওঁ মূলতঃ অল ৰাউণ্ডাৰ হিচাপে খেলে। কেশৱ মহাৰাজে সোঁহতীয়া বেটিং কৰাৰ লগতে লেহেমীয়া বাওঁহতীয়া গতানুগতিক বল কৰে।

প্ৰাথমিক আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯০ চনৰ ৭ ফেব্ৰুৱাৰীত কোৱাজুলু-নাটালৰ ডাৰবানত আথমানন্দ মহাৰাজ আৰু কাঞ্চন মালাৰ ঘৰত হিন্দু পৰিয়ালত কেশৱ মহাৰাজৰ জন্ম হয়।[1] মহাৰাজ ভাৰতীয় বংশৰ, তেওঁৰ পূৰ্বপুৰুষ ভাৰতৰ উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ পৰা যোৱা আৰু ১৮৭৪ চনত ইনডেনচাৰ শ্ৰমিক হিচাপে ডাৰবানলৈ প্ৰব্ৰজন কৰিছিল।[2] তেওঁৰ পিতৃয়ে কোৱাজুলু-নাটালৰ হৈ উইকেটৰ ৰক্ষক হিচাপে খেলিছিল। তেওঁৰ এগৰাকী ভগ্নী আছে, তেওঁৰ নাম তাৰিছমা মহেছান।[2]

২০২২ চনৰ এপ্ৰিল মাহত মহাৰাজে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা লেৰিছা মুনছামী নামৰ এগৰাকী কত্থক নৃত্যশিল্পীক বিয়া কৰায়।[3][4]

ঘৰুৱা ক্ৰিকেট

[সম্পাদনা কৰক]

২০০৬–০৭ ছিজনত কোৱাজুলু-নাটালৰ হৈ ১৬ বছৰ বয়সত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মহাৰাজৰ অভিষেক ঘটে‍।[5] ২০০৯-১০ চনত ডলফিনছ দলক প্ৰতিনিধিত্ব কৰিছিল। মহাৰাজে ২০১০ চনৰ এপ্ৰিল–মে’ মাহত দক্ষিণ আফ্ৰিকা এ দলৰ সৈতে বাংলাদেশ ভ্ৰমণ কৰিছিল, বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ দলৰ বিৰুদ্ধে চাৰিদিনীয়া খেল দুখনত ১৩টা উইকেট দখল কৰিছিল। টি-২০ৰ এখন মেচত বলিঙৰ আৰম্ভণিতে চাৰি অভাৰত ১২ ৰানত ৪ উইকেট দখল কৰে।[6] ২০১০–১১ চনত তেওঁ ভ্ৰমণকাৰী বাংলাদেশ এ দলৰ বিৰুদ্ধেও দক্ষিণ আফ্ৰিকা এৰ হৈ খেলিছিল।

২০১২–১৩ চনৰ ঘৰুৱা শৃংখলাত মহাৰাজে বেটেৰে‍ তেওঁৰ শ্ৰেষ্ঠ শৃংখলা লাভ কৰি তেওঁ ২টা শতককে ধৰি গড়ে ৪৮.১ ৰান কৰি প্ৰথম শ্ৰেণীৰ শ্ৰেণীৰ ক্ৰিকেটত ৪৮১টা ৰান সংগ্ৰহ কৰিছিল।[7] নৰ্দাৰ্নছৰ বিৰুদ্ধে এখন খেলত ১১৯টা বলত ১১৪টা ৰান সংগ্ৰহ কৰি ৫টা উইকেট দখল কৰিছিল৷[8]

মহাৰাজে ২০১৩ চনত ছাচেক্স প্ৰিমিয়াৰ লীগত কাকফিল্ডৰ হৈ খেলিছিল, আৰু ২০১৫ চনত লেংকাশ্বাৰ লীগত নেলচনৰ পেছাদাৰী হিচাপে খেলিছিল।[9] ২০১৪–১৫ চনত কেপ কোব্ৰাৰ বিৰুদ্ধে ডলফিনৰ বাবে মহাৰাজে নিজৰ শ্ৰেষ্ঠ ইনিংছ আৰু মেচৰ সংখ্যা সেই পৰ্যায়লৈ লৈ যায়: ৫৮ ৰানত ৬ আৰু ১৪৫ ৰানত ১০।ডলফিনে জয়লাভ কৰে আৰু তেওঁ মেচৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে।[10] ২৬.১৮ গড়ে ৪৪টা প্ৰথম শ্ৰেণীৰ উইকেটৰে ছিজনটো সমাপ্ত কৰে৷[11] ২০১৫ চনৰ আফ্ৰিকা টি-২০ কাপৰ বাবে তেওঁক কোৱাজুলু-নাটাল দলত অন্তৰ্ভুক্ত কৰা হৈছিল৷[12]

আন্তৰ্জাতিক ক্ৰিকেট

[সম্পাদনা কৰক]

২০১৬ চনৰ অক্টোবৰ মাহত মহাৰাজে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দলত স্থান লাভ কৰিছিল। ২০১৬ চনৰ ৩ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটাই তেওঁ তিনিটা উইকেট দখল কৰে।[13] তেওঁ আছিল পাৰ্থৰ টেষ্টত অভিষেক ঘটা প্ৰথমজন বিশেষজ্ঞ স্পিনাৰ৷[14]

২০১৭ চনৰ ১০ মাৰ্চত মহাৰাজে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত প্ৰথমবাৰৰ বাবে মেইডেন পাঁচ উইকেট লাভ কৰে।[15] নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত দক্ষিণ আফ্ৰিকাৰ এজন স্পিনাৰৰ এইটোৱেই আছিল মাত্ৰ সপ্তমটো পাঁচটা উইকেট দখল৷[16] ২০১৭ চনৰ এপ্ৰিল মাহত মহাৰাজে ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলা আৰু ২০১৭ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে দক্ষিণ আফ্ৰিকাৰ ৱান ডে ইণ্টাৰনেশ্যনেল (এদিনীয়া) দলত স্থান লাভ কৰে।[17][18] ২০১৭ চনৰ ২৭ মে’ত ইংলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ হৈ তেওঁৰ এদিনীয়াত অভিষেক ঘটে৷[19] ২০১৭ চনৰ মে’ মাহত ক্ৰিকেটৰ দক্ষিণ আফ্ৰিকাৰ বাৰ্ষিক বঁটাত মহাৰাজে বছৰৰ আন্তঃৰাষ্ট্ৰীয় নৱাগত হিচাপে নিৰ্বাচিত হৈছিল।[20] ২০১৭ চনৰ অক্টোবৰ মাহত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত তেওঁ টেষ্টত ৫০ সংখ্যক উইকেট দখল কৰিছিল৷[21]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "World Cup 2023: World Hindu Congress Thanks Keshav Maharaj For Support Despite Absence From The November Event Due To WC Commitments" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/topnews/world-cup-2023-world-hindu-congress-thanks-keshav-maharaj-for-support-despite-absence-from-the-event-due-to-wc-commitments। আহৰণ কৰা হৈছে: 10 November 2023. 
  2. 2.0 2.1 "Forefathers of cricketer Keshav Maharaj came to South Africa as indentured labourers - Mumbai Mirror". 14 January 2018. https://mumbaimirror.indiatimes.com/sport/cricket/forefathers-of-cricketer-keshav-maharaj-came-to-south-africa-as-indentured-labourers/articleshow/62492681.cms. 
  3. "Meet South Africa Spinner Keshav Maharaj's Wife Lerisha". Zee News. 27 October 2023. https://zeenews.india.com/photos/sports/pak-vs-sa-meet-south-africa-spinner-keshav-maharajs-wife-lerisha-in-pics-pakistan-vs-south-africa-cricket-world-cup-2023-2680589. 
  4. "Keshav Maharaj's wife Lerisha is a kathak dancer". Zee News. 17 December 2022. https://zeenews.india.com/photos/sports/aus-vs-sa-1st-test-meet-keshav-maharajs-gorgeous-wife-whos-a-bollywood-lover-and-a-kathak-dancer-2549603/keshav-maharajs-wife-lerisha-munsamy-is-a-kathak-dancer-2549607. 
  5. "Keshav Maharaj lives his father's dream" (en ভাষাত). ESPN Cricinfo. 14 September 2021. https://www.espncricinfo.com/story/firdose-moonda-meets-the-father-and-mentor-of-south-african-spinner-keshav-maharaj-1063370. 
  6. "South Africa Academy in Bangladesh 2010". CricketArchive. https://cricketarchive.com/Archive/Events/13/South_Africa_Academy_in_Bangladesh_2010.html। আহৰণ কৰা হৈছে: 25 March 2015. 
  7. "Batting in each season by Keshav Maharaj". CricketArchive. https://cricketarchive.com/Archive/Players/142/142991/f_Batting_by_Season.html। আহৰণ কৰা হৈছে: 25 March 2015. 
  8. "Northerns v KwaZulu-Natal 2012–13". CricketArchive. https://cricketarchive.com/Archive/Scorecards/454/454056.html। আহৰণ কৰা হৈছে: 25 March 2015. 
  9. "South African all rounder signs as Nelson's pro for 2015 season". Pendle Today. Archived from the original on 3 April 2015. https://web.archive.org/web/20150403032708/http://www.pendletoday.co.uk/sport/cricket/south-african-all-rounder-signs-as-nelson-s-pro-for-2015-season-1-7011106। আহৰণ কৰা হৈছে: 25 March 2015. 
  10. "Cape Cobras v Dolphins 2014–15". CricketArchive. https://cricketarchive.com/Archive/Scorecards/649/649096.html। আহৰণ কৰা হৈছে: 25 March 2015. 
  11. "Bowling in each season by Keshav Maharaj". CricketArchive. https://cricketarchive.com/Archive/Players/142/142991/f_Bowling_by_Season.html। আহৰণ কৰা হৈছে: 25 March 2015. 
  12. "KwaZulu-Natal Squad Players". ESPN cricinfo. http://www.espncricinfo.com/africa-t20-cup-2015-16/content/squad/910907.html। আহৰণ কৰা হৈছে: 31 August 2015. 
  13. "South Africa tour of Australia, 1st Test: Australia v South Africa at Perth, Nov 3-7, 2016". ESPN Cricinfo. http://www.espncricinfo.com/ci/engine/match/1000851.html। আহৰণ কৰা হৈছে: 3 November 2016. 
  14. "Maharaj - first spin debutant at Perth". ESPN Cricinfo. http://www.espncricinfo.com/ci/content/story/1064616.html। আহৰণ কৰা হৈছে: 3 November 2016. 
  15. "Honours even after Williamson's hundred". ESPN Cricinfo. http://www.espncricinfo.com/new-zealand-v-south-africa-2016-17/content/story/1086201.html। আহৰণ কৰা হৈছে: 10 March 2017. 
  16. "A rare hundred, a rarer five-for". ESPN Cricinfo. http://www.espncricinfo.com/new-zealand-v-south-africa-2016-17/content/story/1086246.html। আহৰণ কৰা হৈছে: 10 March 2017. 
  17. "South Africa picks Morkel for ICC Champions Trophy 2017". International Cricket Council. 19 April 2017. https://www.icc-cricket.com/news/373576. 
  18. "Morkel, Maharaj in South Africa squad". ESPN Cricinfo. http://www.espncricinfo.com/southafrica/content/story/1093328.html। আহৰণ কৰা হৈছে: 19 April 2017. 
  19. "South Africa tour of England, 2nd ODI: England v South Africa at Southampton, May 27, 2017". ESPN Cricinfo. http://www.espncricinfo.com/ci/engine/match/1031427.html। আহৰণ কৰা হৈছে: 27 May 2017. 
  20. "De Kock dominates South Africa's awards". ESPN Cricinfo. http://www.espncricinfo.com/southafrica/content/story/1097632.html। আহৰণ কৰা হৈছে: 14 May 2017. 
  21. "New-look SA attack takes on weakened tourists". ESPN Cricinfo. http://www.espncricinfo.com/series/10904/preview/1075503/। আহৰণ কৰা হৈছে: 5 October 2017.