সমললৈ যাওক

কোহিৰাম দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোহিৰাম দাস
জন্ম ১৮৮২
বৰপেটা জিলা
মৃত্যু ১৯৫৯
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কলিকতা বিশ্ববিদ্যালয়
ধৰ্ম হিন্দু ধৰ্ম


কোহিৰাম দাস (ইংৰাজী: Kuhiram Das) এজন শিক্ষাবিদ, সমাজসেৱক, মুক্তি যুঁজাৰু, লিখক আৰু অভিধান প্ৰণেতা আছিল।[1]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

জন্মস্থান বৰপেটা জিলাৰ সৰ্থেবাৰী। প্ৰাথমিক শিক্ষা সৰ্থেবাৰীত লাভ কৰে। ১৯০৩ খ্ৰীষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত অনাৰ্চসহ বি. এ. ডিগ্ৰী লাভ কৰে।

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

'চেতনা', 'বাঁহী', 'জয়ন্তী', 'পখিলা' আদি আলোচনীৰ পাতত সাহিত্য-চৰ্চা কৰিছে। 'ভাৰতৰ ধৰ্ম গুৰুসকল' আৰু 'হজৰত মহম্মদৰ জীৱন চৰিত' নামৰ দুখন গ্ৰন্থ ৰচনা কৰিছে। 'চন্দ্ৰকান্ত অভিধান'ৰ শব্দ সংকলন কাৰ্যত সহযোগিতা আগবঢ়াইছিল। কামৰূপী অভিধান এখনৰ সংকলনৰ কাম সমাপ্ত কৰে যদিও সেইখন অপ্ৰকাশিত হৈ ৰয়। সাহিত্য-চৰ্চা কৰাৰ লগতে দেশৰ হকেও কাম কৰি যায়। তেওঁ মুক্তি যুঁজাৰু হিচাপে প্ৰখ্যাত আছিল।[2] ১৯৩৩ চনত তেওঁ মহাজনৰ শোষণৰ পৰা কঁহাৰ সকলক মুক্ত কৰি কাঁহ শিল্পৰ উন্নতিৰ উদ্দেশ্যে “অসম সমবায় কঁহাৰ সংঘ” নামৰ এটা সংগঠনৰ জন্ম দিছিল৷[3]

প্ৰসংগসূত্ৰ

[সম্পাদনা কৰক]
  1. অতুল চন্দ্ৰ বৰুৱা. "চন্দ্ৰকান্ত অভিধানৰ কোহিৰাম দাস". ভোৰতাল, স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভাৰ ৬১তম সৰ্থেবাৰী অধিবেশন: 174-178. https://tihucollegeonline.co.in/attendence/lib/1678442927.pdf. 
  2. দত্তবৰুৱা, মঞ্জু, সম্পা.(২০১২), অসম লেখক কোষ, তৃতীয় খণ্ড, অসম সাহিত্য সভা, পৃ.৩৪
  3. "সৰ্থেবাৰী- হস্ত-নিৰ্মিত কাঁহ শিল্পৰ বাবে বিখ্যাত নগৰ". Archived from the original on 2024-09-16. https://web.archive.org/web/20240916044533/https://assamculture.com/%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A7%87%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%95%E0%A6%BE%E0%A6%81%E0%A6%B9-%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA/। আহৰণ কৰা হৈছে: 2024-10-20.