কৌতুকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুৰুষৰ সোঁ‌হাতত বান্ধিথোৱা কৌতুকা
কৌতুকাৰ এটা লদা

কৌতুকা হ'ল ৰঙা আৰু হালধীয়া ৰঙৰ সূতা। ধৰ্মীয় বিশ্বাস অনুসৰি এই সূতাই সুৰক্ষা প্ৰদান কৰে, ইয়াত কেতিয়াবা কেতিয়াবা গাঠি কিছুমান দিয়া থাকে। ভাৰতীয় উপমহাদেশত এই সূতা আৰু ইয়াৰে জড়িত বিশ্বাস প্ৰচলিত হৈ আছে। এই সূতাক ঠাইভেদে নানা নামেৰে জনা যায়, যেনে- কলভ, মৌলি, মৌই, ৰক্ষসসূত্ৰ,[1] প্ৰতিসাৰ (উত্তৰ ভাৰতত), কাপু, কায়ৰু, চৰাণ্ডু বা ৰক্ষধাৰা (দক্ষিণ ভাৰতত)।[2][3] ভাৰতবিদ জান গোণ্ডাৰ মতে, কৌতুকা হ'ল এবিধ গোঠা সূতা, দড়ি বা ফিতা, একে ঐতিহ্যগতভাবে প্ৰতিৰক্ষামূলক বা অ্যাপোট্ৰোপিক।[3] বৈদিক পাঠ্য অথৰ্ববেদ সংহিতাৰ ২.১১ ধাৰাত প্ৰতিসাৰ তথা কৌতুকাৰ উল্লেখ এবিধ ধৰ্মীয় আচাৰমূলক সূতা হিসাবে পোৱা যায়।[3] ইয়াতকৈয়ো আগৰ এক উল্লেখ অনুযায়ী এই সূতাই দুইধৰণৰ কাম কৰে, "ৰঙা আৰু ক'লা" ৰঙৰ সূতায়ে "দুৰাত্মা"বোৰক দূৰলৈ খেদি পঠিয়াই আৰু আনটো হৈছে "বন্ধন বান্ধোন" নিজৰ আত্মীয়ৰ দ্বাৰা কইনা আৰু দৰাৰ মাজত এই সূতা বন্ধা হয় বুলি ঋগবেদত উল্লেখ আছে[3][4]


প্ৰতিসৰা বা কৌতুকাই হিন্দু ধৰ্মত এক আচাৰ-অনুষ্ঠানত বিশেৰ ভূমিকা পালন কৰে, আৰু কোনো ভক্ত, পৃষ্ঠপোষক, প্ৰিয়জনৰ হাতৰ মণিবন্ধত বা কলহ বা লোটা (পাত্ৰ)ৰ দৰে বস্তুৰ চাৰিওফালে পুৰোহিত বা পৰিয়ালৰ আটাইতকৈ বয়সস্থ সদস্যই বান্ধি ৰাখে বা যজ্ঞ অনুষ্ঠানত ব্যৱহাৰ কৰে।[2][5] পূজাৰ থালিতো এই সূতা ৰখা হয়। ইয়াৰ ৰং সাধাৰণতে ৰঙা, কেতিয়াবা কমলা, কেশৰ, হালধীয়া বা এই ৰঙৰ মিশ্ৰণ দেখা যায়।[3][6][1] কিন্তু ই বগা বা পুষ্পমাল্য বা অন্য সংস্কৃতিত পোৱা বিশেষ প্ৰকাৰৰ ঘাঁহৰ দোলো হ'ব পাৰে আৰু ইয়াৰ একেধৰণৰে এপ'ট্ৰ'পিক মূল্য থকাবুলি বিশ্বাস কৰা হয়।[3] ইয়াক সাধাৰণতে হাতৰ মণিবন্ধত বান্ধি থোৱা হয় বা নেকেলেচৰ দৰে ওলোমাই পিন্ধা হয়, কেতিয়াবা আকৌ ইয়াক মূৰৰ বেণ্ড বা পাগুৰিৰ দৰে কাপোৰৰ সৈতে সংযুক্তভাৱে পিন্ধিব পাৰি।[3] হিন্দু পূজা অনুষ্ঠানৰ সময়ত বিভিন্ন বস্তু আৰু পাত্ৰত একেধৰণৰ সূতা বান্ধি দিয়া হয়।[7]

পৰম্পৰাগতভাৱে পুৰুষসকলে সোঁহাত বা বাহুত আৰু মহিলা সকলে বাওফালে পিন্ধে। এই সূত্ৰটোৱে কিছুমান বিশেষ পাৰিবাৰিক আৰু বৈবাহিক অনুষ্ঠানতো ভূমিকা পালন কৰে। যেনে, ৰঙা বা সোণালী বা একে ৰঙৰ সূতা, ভগ্নীয়ে নিজৰ ভাতৃক ৰাখী বন্ধনত আগবঢ়ায়। ইণ্ড'লজিষ্ট জেক গুডীৰ মতে এই থ্ৰেডটো একেলগে "ভাতৃৰ বাবে দুৰ্ভাগ্যৰ পৰা সুৰক্ষা, ভগ্নী আৰু ভাতৃৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতাৰ প্ৰতীক আৰু পাৰস্পৰিক সন্মানৰ চিন।" [8]

ৰক্ষাসূত্ৰ (কৌতুকা, প্ৰতিসাৰ) কোনো উৎসৱৰ অনুষ্ঠান আৰু শোভাযাত্ৰাৰো অংশ, য’ত উৎসৱৰ প্ৰতীক আৰু মানৱ অংশগ্ৰহণকাৰীৰ হাতৰ মণিবন্ধত সুৰক্ষামূলক সূতা বান্ধি থোৱা হয়। ইণ্ডোলজিষ্ট ৰিচাৰ্ড ডেভিছৰ মতে অজিতাগামাৰ ২৭.২০৬-২০৭ নং পদত এই বিষয়ে উল্লেখ আছে।[1] কিছুমান হিন্দু গ্ৰন্থত এই সূতাবোৰক মন্দিৰৰ শোভাযাত্ৰা আৰু উৎসৱমুখৰ উদযাপনৰ বাবে ৰাখীবন্ধন অনুষ্ঠানৰ অংশ বুলি উল্লেখ কৰা হৈছে, বোৱা সোণ, ৰূপ বা কপাহী সূতা ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে, কিছুমান গ্ৰন্থত কৌতুকাত সূতাৰ সংখ্যা নিৰ্দিষ্টকৈ উল্লেখ কৰা হৈছে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Richard H. Davis (2010). A Priest's Guide for the Great Festival: Aghoraśivācārya Mahotsavavidhi. Oxford University Press. পৃষ্ঠা. 61–62, 67–68, 99–100 with footnotes 131 and 132. ISBN 978-0-19-537852-8. https://books.google.com/books?id=ruAfDP0OZyEC. 
  2. 2.0 2.1 Colleen M. Yim (2008). Veiled Gurus: A Hindu Mother's Experiential Involvement in Religious Knowledge Transmission. University Press of America. পৃষ্ঠা. 53–57, 64. ISBN 978-0-7618-3775-6. https://books.google.com/books?id=xteudBGBIuoC. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Jan Gonda (1980). Handbuch Der Orientalistik: Vedic Rituals. BRILL Academic. পৃষ্ঠা. 145–146. ISBN 978-90-04-06210-8. https://books.google.com/books?id=7UBxYpXWP30C&pg=PA145. 
  4. Jan Gonda (1975) (German ভাষাত). Sanskrit Word Studies. Brill Academic. পৃষ্ঠা. 313. ISBN 978-90-04-04231-5. https://books.google.com/books?id=vAFHPQAACAAJ. , Quote: "die Verwandten der Braut binden ihr mit RV 10,85,28 eine rote und schwarze, wollene oder linnene Schnur um: raktakrmam ävikam ksaumaw vä trimanirripratisaram jnätayo 'syä badhnanti nllalohitam iti"
  5. Ashis Nandy (1998). Exiled at Home: Comprising, At the Edge of Psychology, The Intimate Enemy, Creating a Nationality. Oxford University Press. পৃষ্ঠা. 126. ISBN 978-0-19-564177-6. https://books.google.com/books?id=SBVuAAAAMAAJ. 
  6. Ajay Mitra Shastri (1969). India as seen in the Bṛhatsaṁhitā of Varāhamihira. Motilal Banarsidass. পৃষ্ঠা. 178–179. ISBN 9780896842212. https://books.google.com/books?id=KQAbAAAAMAAJ. 
  7. Shovana Narayan (2007). Meandering Pastures of Memories. Macmillan. পৃষ্ঠা. 33. ISBN 978-1-4039-3102-3. https://books.google.com/books?id=bYBdK0algM8C. 
  8. Jack Goody (1990). The Oriental, the Ancient and the Primitive: Systems of Marriage and the Family in the Pre-Industrial Societies of Eurasia. Cambridge University Press. পৃষ্ঠা. 222–223. ISBN 978-0-521-36761-5. https://archive.org/details/orientalancientp0000good.