ক্লামিডিয়া সংক্ৰমণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ক্লামোডিয়াৰ পৰা পুনঃনিৰ্দেশিত)
Chlamydia
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

Pap smear showing C. trachomatis (H&E stain)
আই.চি.ডি.-10 A55-A56.8, A70-A74.9
আই.চি.ডি.-9 099.41, 483.1
ডিজিজেছ ডে'টাবে'ছ 2384
ইমেডিচিন med/340
MeSH D002690

ক্লামিডিয়া সংক্ৰমণ (ইংৰাজী: Chlamydia infection) এবিধ যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ। ই ক্লামিডিয়া ট্ৰাকোমেটিকছ নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়।[1] এই বেক্টেৰীয়া পুৰুষ আৰু মহিলা উভয়ৰ দেহলৈ সংক্ৰমিত হব পাৰে এই বেক্টেৰীয়াই মহিলাৰ প্ৰজনন অংগবোৰৰ ক্ষতিসাধন কৰে।

সংক্ৰমণ[সম্পাদনা কৰক]

যৌনসংগমৰ সময়ত যোনী মুখ আৰু শৌচাগাৰত এই সংক্ৰমণ হ’ব পাৰে। আক্ৰান্ত মাকৰ পৰা প্ৰসৱৰ সময়ত যোনীৰে এই সংক্ৰমণ শিশুৰ দেহলৈ যাব পাৰে।[2] যৌন কাৰ্য্যৰ বাবে সক্ষম সকলো ব্যক্তি এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

উপসৰ্গ[সম্পাদনা কৰক]

প্ৰথম অৱস্থাত এই বেক্টেৰিয়াই মহিলাৰ যোনী, জৰায়ু মুখ আৰু জৰায়ু নলীত সংক্ৰমণ ঘটাব পাৰে। মহিলাৰ যোনীৰে অস্বাভাৱিক স্ৰাৱ নিৰ্গত হোৱা, আৰু প্ৰস্ৰাৱ কৰোঁতে জ্বলা পোৰা কৰিব পাৰে। সংক্ৰমণ যেতিয়া জৰায়ুৰ পৰা ডিম্বনলীলৈ প্ৰসাৰিত হয়- তেতিয়া কিছুমান মহিলাৰ তলপেট, কঁকাল আদিত বিষ, বমিভাৱ, জ্বৰ, যৌনসংগমৰ সময়ত কষ্ট পোৱা, মাহেকীয়া ঋতুস্ৰাৱৰ মাজৰ সময়খিনিতো তেজ যাব পাৰে। কিছুমান মহিলাৰ কোনো উপসৰ্গই দেখা নিদিয়ে। পুৰুষৰ এই সংক্ৰমণৰ ফলত লিংগৰে জুলীয়া পদাৰ্থৰ নিঃসৰণ আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা পোৰা অনুভূত হ’ব পাৰে। লিংগৰ মুকলি অংশত পোৰণি আৰু খজুৱতি হ’ব পাৰে।

পৰিণাম[সম্পাদনা কৰক]

এই ৰোগৰ চিকিৎসা নকৰিলে প্ৰজনন অংগ আৰু সামগ্ৰিক শাৰীৰিক স্বাস্থ্যৰ ওপৰত অল্পম্যাদী আৰু দীৰ্ঘম্যাদী ভয়াবহ জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এনে মহিলাই যৌনসংগমৰ সময়ত এইচ আই ভিৰে সংক্ৰমণ হোৱাৰ সম্ভাৱনা ৫ গুণ বেছি। পুৰুষৰ ক্ষেত্ৰত তেনে বিশেষ জটিলতাই দেখা নিদিয়ে।

প্ৰতিৰোধ[সম্পাদনা কৰক]

এই সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায় হ’ল যৌনসংগম নকৰা। বা এনে এজন যৌনসংগী বাচি লোৱা-যাৰ কোনো যৌন সংক্ৰমিত ৰোগ নাই।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "2014 Sexually Transmitted Diseases Surveillance Chlamydia". November 17, 2015. Archived from the original on 10 June 2016. https://www.cdc.gov/std/stats14/chlamydia.htm। আহৰণ কৰা হৈছে: 10 June 2016. 
  2. "Chlamydia - CDC Fact Sheet". CDC. May 19, 2016. Archived from the original on 11 June 2016. https://www.cdc.gov/std/chlamydia/stdfact-chlamydia.htm। আহৰণ কৰা হৈছে: 10 June 2016. 
  • আইএনডিজি দল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বৰ্গীকৰণ