সমললৈ যাওক

জৰায়ু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৰায়ু

মানুহৰ জৰায়ু আৰু ইয়াৰ চাৰিওকাষৰ গঠন
সবিশেষ
তন্ত্ৰ প্ৰজনন তন্ত্ৰ
ধমনী ডিম্বাশয়ৰ ধমনী আৰু জৰায়ুৰ ধমনী
সিৰা জৰায়ুৰ সিৰা
লসিকা শৰীৰ আৰু জৰায়ুৰ মুখৰ পৰা আভ্যন্তৰীণ ইলিয়াক লিম্ফ ন'ড (iliac lymph nodes)লৈ, ফাণ্ডাছৰ পৰা পেৰা-এৱ'ৰ্টিক (para-aortic) লিম্ফ ন'ডলৈ, লাম্বাৰ আৰু পৃষ্ঠীয় ইংগুইনেল (superficial inguinal) লিম্ফ ন'ডলৈ।
চিনাক্তকাৰক
লেটিন uterus
গ্ৰীক ὑστέρα (hystéra)
MeSH D014599
TA98 A09.1.03.001
TA2 3500
FMA 17558
দেহতাত্ত্বিক পৰিভাষা


জৰায়ু বা গৰ্ভাশয় (uterus) হৈছে স্ত্ৰীলিঙ্গৰ মানুহকে ধৰি স্তন্যপায়ী জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে। জৰায়ু হৈছে হৰম’ন -প্ৰতিক্ৰিয়াশীল যৌন অংগ যাৰ আৱৰণত গ্ৰন্থি থাকে যিয়ে ভ্ৰূণৰ পুষ্টিৰ বাবে জৰায়ুৰ গাখীৰ (uterine milk) নিঃসৰণ কৰে।

মানুহৰ ক্ষেত্ৰত জৰায়ুৰ তলৰ মূৰটো ঠেক হৈ গ্ৰীৱা (cervix)ৰ সৈতে সংযোগ কৰি যোনিলৈ যায়। এই অংশটোক ইষ্টমাছ (isthmus) বুলি কোৱা হয়। জৰায়ুৰ ওপৰৰ মূৰটো ডিম্ববাহী নলী (fallopian tube)ৰ সৈতে সংযুক্ত হৈ থাকে। ফেল’পিয়ান টিউবৰ খোলাবোৰৰ ওপৰৰ ঘূৰণীয়া অংশটো হ’ল ফাণ্ডাছ (fundus)। জৰায়ুৰ গহ্বৰ (uterine cavity)ৰ সৈতে ফেল'পিয়ান টিউব সংযোগ হোৱা অংশটোক ইউটেৰ'টিউবেল জাংচন (uterotubal junction) বুলি কোৱা হয়।

Different regions of the uterus displayed and labelled using a 3D medical animation still shot
ত্ৰিমাত্ৰিক চিকিৎসা চিত্ৰ ব্যৱহাৰ কৰি প্ৰদৰ্শিত জৰায়ুৰ বিভিন্ন অঞ্চল

মানুহৰ ক্ষেত্ৰত জৰায়ু মূত্ৰাশয় (urinary bladder)ৰ ঠিক পিছফালে আৰু চিগম'ইড কলন (sigmoid colon)ৰ সন্মুখত অৱস্থিত। মানুহৰ জৰায়ু নাচপতিৰ আকৃতিৰ আৰু প্ৰায় ৭.৬ ছে:মি: দীঘল, ৪.৫ ছে:মি: বহল (এফালৰ পৰা কাষলৈ), আৰু ৩ ছে:মি: ডাঠ। [1][2] সাধাৰণ প্ৰাপ্তবয়স্ক জৰায়ুৰ ওজন প্ৰায় ৬০ গ্ৰাম। জৰায়ুক শাৰীৰিকভাৱে চাৰিটা অঞ্চলত ভাগ কৰিব পাৰি: ফাণ্ডাছ (fundus)– ফেল’পিয়ান টিউবৰ মুকলি ঠাইৰ ওপৰৰ জৰায়ুৰ ওপৰৰ আটাইতকৈ ঘূৰণীয়া অংশ,[3] শৰীৰ, জৰায়ুৰ মুখ (cervix) আৰু জৰায়ুৰ নলী (cervical canal)। জৰায়ুৰ মুখখন যোনিৰ ভিতৰলৈকে থাকে। জৰায়ুক শ্ৰোণীকোষ (pelvis)ৰ ভিতৰত কিছুমান লিগামেণ্টে ধৰি ৰাখে। এই লিগামেণ্টসমূহৰ ভিতৰত পিউব’চাৰ্ভাইকেল লিগামেণ্ট (pubocervical ligaments), কাৰ্ডিনেল লিগামেণ্ট আৰু ইউটেৰ’চেক্ৰেল (uterosacral) লিগামেণ্ট আদি প্ৰধান।[4]

জৰায়ুৰ তিনিটা তৰপ থাকে, যিবোৰ একেলগে জৰায়ুৰ বেৰ গঠন কৰে। ভিতৰৰ পৰা বাহিৰলৈকে এই স্তৰবোৰ হ’ল এণ্ডোমেট্ৰিয়াম (endometrium), মায়'মেট্ৰিয়াম (myometrium) আৰু পেৰিমেট্ৰিয়াম (perimetrium)।[5]

মহিলাৰ শৰীৰত জৰায়ুৰ অৱস্থান

জৰায়ু শ্ৰোণী গহ্বৰ (pelvic cavity)ৰ মাজত অৱস্থিত। জৰায়ুটো লৰচৰ কৰিব পাৰে আৰু পূৰ্ণ হৈ থকা মূত্ৰাশয়ৰ চাপত পিছফালে, বা সম্পূৰ্ণ মলদ্বাৰৰ চাপত আগফালে গতি কৰিব পাৰে। দুয়োটা অংগ ভৰি থাকিলে ই ওপৰলৈ গতি কৰে। পেটৰ ভিতৰৰ চাপ বৃদ্ধিয়ে ইয়াক তললৈ ঠেলি দিয়ে। জৰায়ুৰ পেশী-আঁহযুক্ত অংশই (musculo-fibrous apparatus)ই ইয়াৰ এই গতিশীলতা সম্ভৱপৰ কৰি তোলে।

মানুহৰ জৰায়ুৰ প্ৰাথমিক কাম হ’ল নিষিক্ত (fertilized) ডিম্বাশয় স্থাপনৰ বাবে প্ৰস্তুতি চলোৱা আৰু গৰ্ভাৱস্থা ৰক্ষা কৰা।[6] ফেল’পিয়ান টিউবৰ মাজেৰে জৰায়ুৰ গহ্বৰলৈ যোৱাৰ পথত এই ডিম্ব বিভক্ত হৈ ব্লাষ্ট’চিষ্ট (blastocyst) লৈ পৰিণত হয়। শেষত ইয়ে জৰায়ুৰ বেৰত সংলগ্ন হৈ এণ্ডোমেট্ৰিয়ামত প্ৰতিস্থাপন হয়।[7] পিছলৈ প্লেচেণ্টাৰ বিকাশ ঘটি এই ভ্ৰূণক পুষ্টি প্ৰদান কৰে। এই প্ৰক্ৰিয়াৰ সময়ত জৰায়ুৰ আকাৰ ডাঙৰ হৈ বৃদ্ধি হৈ অহা ভ্ৰুণটোক ঠাই দিয়ে।[8] স্বাভাৱিক প্ৰসৱ আৰম্ভ হ’লে জৰায়ুৰ মুখখন প্ৰসাৰিত হোৱাৰ লগে লগে জৰায়ু বলপূৰ্বকভাৱে সংকোচিত হয়, যাৰ ফলত শিশুটিৰ প্ৰসৱ হয়।[9]

গৰ্ভাৱস্থা নথকা অৱস্থাত ঋতুস্ৰাৱ হয়।[10] এই প্ৰক্ৰিয়া হয় নিষেচন (fertilization) নঘটিলে মহিলাৰ যৌন হৰম’ন যেনে ইষ্ট্ৰ'জেন আৰু প্ৰজেষ্টেৰ'ন ক্ষৰণ হৈ জৰায়ুৰ আৱৰণ বা এণ্ডোমেট্ৰিয়ামৰ কাৰ্য্যক্ষম স্তৰটো ভাঙি-ছিঙি যোৱাৰ ফলত।[11] এই স্তৰটো প্ৰতিটো ঋতুচক্ৰত ভাঙি-ছিঙি যায় আৰু পুনৰ গঠন হয়।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Manual of Obstetrics. (3rd ed.). Elsevier 2011. pp. 1–16. আই.এচ.বি.এন. 9788131225561.
  2. Donita, D'Amico (2015). Health & physical assessment in nursing. Barbarito, Colleen (3rd সম্পাদনা). প্ৰকাশক Boston: Pearson. পৃষ্ঠা. 645. ISBN 9780133876406. OCLC 894626609. 
  3. 27.2 Anatomy and Physiology of the Female Reproductive System - Anatomy and Physiology | OpenStax". openstax.org. Retrieved 4 November 2022.
  4. Gray's Anatomy for Students, 2nd edition
  5. Tortora, G; Derrickson, B (2011). Principles of anatomy & physiology (13th. ed.). Wiley. p. 1105. ISBN 9780470646083.
  6. Critchley, Hilary O. D.; Maybin, Jacqueline A.; Armstrong, Gregory M.; Williams, Alistair R. W. (2020-07-01). "Physiology of the Endometrium and Regulation of Menstruation". Physiological Reviews. 100 (3): 1149–1179. doi:10.1152/physrev.00031.2019. ISSN 0031-9333.
  7. "27.2 Anatomy and Physiology of the Female Reproductive System - Anatomy and Physiology | OpenStax". openstax.org. Retrieved 4 November 2022.
  8. Ameer, Muhammad Atif; Fagan, Sarah E.; Sosa-Stanley, Jessica N.; Peterson, Diana C. (2023), "Anatomy, Abdomen and Pelvis: Uterus", StatPearls, Treasure Island (FL): StatPearls Publishing, PMID 29262069, retrieved 2023-10-30
  9. Ameer, Muhammad Atif; Fagan, Sarah E.; Sosa-Stanley, Jessica N.; Peterson, Diana C. (2023), "Anatomy, Abdomen and Pelvis: Uterus", StatPearls, Treasure Island (FL): StatPearls Publishing, PMID 29262069, retrieved 2023-10-30
  10. Critchley, Hilary O. D.; Maybin, Jacqueline A.; Armstrong, Gregory M.; Williams, Alistair R. W. (2020-07-01). "Physiology of the Endometrium and Regulation of Menstruation". Physiological Reviews. 100 (3): 1149–1179. doi:10.1152/physrev.00031.2019. ISSN 0031-9333.
  11. Critchley, Hilary O. D.; Maybin, Jacqueline A.; Armstrong, Gregory M.; Williams, Alistair R. W. (2020-07-01). "Physiology of the Endometrium and Regulation of Menstruation". Physiological Reviews. 100 (3): 1149–1179. doi:10.1152/physrev.00031.2019. ISSN 0031-9333.