ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ট্ৰেন্সইউনিয়ন চিবিল লিমিটেড্‌
ধৰণ ক্ৰেডিট তথ্য কোম্পানী
দেশ/অঞ্চল ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব ৰাজেশ কুমাৰ (পৰিচালনা সঞ্চালক)[1][2][বিসংগতিপূৰ্ণ উৎস]
এম.ভি.নায়াৰ (অধ্যক্ষ)[3]
পৰিসেৱা গৱেষণা, বিপদাশংকা আৰু নীতি পৰামৰ্শ
ৱেবছাইট www.transunioncibil.com

ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড(ইংৰাজী: Credit Information Bureau (India) Limited) হৈছে ভাৰতত কাম কৰা এটা ক্ৰেডিট তথ্য কোম্পানী। ই ৬০০ নিযুত ব্যক্তি আৰু ৩২ নিযুত ব্যৱসায়ৰ ওপৰত ক্ৰেডিট ফাইল বজাই ৰাখে। ট্ৰেন্সইউনিয়ন চিবিল লিমিটেড হৈছে ভাৰতত কাম কৰা চাৰিটা ক্ৰেডিট ব্যুৰোৰ ভিতৰত এটা আৰু ই আমেৰিকান বহুজাতিক গোট ট্ৰেন্সইউনিয়নৰ অংশ।[4][5]

চিবিল স্কোৰ হৈছে গ্ৰাহক এজনৰ ক্ৰেডিট ইতিহাসৰ তথ্যৰ ওপৰত আধাৰিত কৰি তেওঁলোকৰ বিশ্বাসযোগ্যতাৰ মূল্যাঙ্কন। নম্বৰ যিমানে বেছি হয়, বেঙ্কটো গ্ৰাহকৰ বাবে সিমানেই অনুকূল হয়। ই হৈছে ৩০০ ৰ পৰা ৯০০-ৰ ভিতৰত ৩-অংকৰ সংখ্যা। আদৰ্শভাৱে, ৭২০ বা তাতকৈ অধিক নম্বৰ ক এক ভাল চিবিল নম্বৰ হিচাপে গণ্য কৰা হয়।[6]

উপভোক্তাৰ ক্ৰেডিট প্ৰতিবেদন[সম্পাদনা কৰক]

ট্ৰেন্স ইউনিয়ন চিবিলে ঋণৰ বিপদাশংকা আৰু মূল্য নিৰ্ধাৰণ ৰ বাবে উপভোক্তাৰ ঋণ আৰু পৰিশোধৰ তথ্য একত্ৰিত কৰে।[7] ই চিকাগো স্থিত ট্ৰেন্সইউনিয়নৰ সৈতে অংশীদাৰীত্ব কৰিছে।[8][9]

ব্যৱসায়িক ক্ৰেডিট প্ৰতিবেদন[সম্পাদনা কৰক]

ট্ৰেন্সইউনিয়ন চিবিলে ঋণৰ বিপদাশংকা আৰু মূল্য নিৰ্ধাৰণ ৰ বাবে ব্যৱসায়িক বিত্তীয় আৰু পৰিশোধ তথ্য একত্ৰিত কৰে। ই নিউ জাৰ্চি স্থিত ডুন আৰু ব্ৰেডষ্ট্ৰীটৰ সৈতে অংশীদাৰীত্ব কৰিছে। ডি এণ্ড বিয়ে বিশ্বব্যাপী ১৫০ নিযুত ব্যৱসায়ৰ ফাইল বজাই ৰাখে।[10]

চিআৰআইএফ আৰু চিবিল[সম্পাদনা কৰক]

বেংক আৰু বিত্তীয় সংগঠনবোৰে চিআৰআইএফ আৰু চিবিল ব্যাপকভাৱে ব্যৱহাৰ কৰে। তেওঁলোক দুয়োটা কম বেছি পৰিমাণে একে।

চিআৰআইএফ আৰু চিবিলৰ তুলনামূলক বিশ্লেষ:-

চি.আৰ.আই.এফ. ক্ৰেডিট স্কোৰ:[সম্পাদনা কৰক]

300–500 Very low
500-600 Low
650–750 Great
750-900 Excellent

চিবিল ক্ৰেডিট স্কোৰ:

<600 Low
600-649 Difficult
650-699 Possible
700-749 Good
750-900 Excellent

ইতিহাস[সম্পাদনা কৰক]

  • ২০০০ চনত চিবিল (ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড) অন্তৰ্ভুক্ত কৰা হৈছে।
  • ২০০৪ চনত ভাৰতত ক্ৰেডিট ব্যুৰো সেৱা আৰম্ভ কৰা হয় (উপভোক্তা ব্যুৰো)।
  • ২০০৬ চনৰ পৰা বাণিজ্যিক ব্যুৰো কাৰ্যকলাপ আৰম্ভ হয়।
  • ২০০৭ চনৰ পৰা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰতৰ প্ৰথম জেনেৰিক ৰিস্ক স্কোৰিং মডেল চিবিল স্কোৰ প্ৰৱৰ্তন কৰা হৈছিল।[11]
  • ২০১১ চনত চিবিল স্কোৰ ব্যক্তিগত গ্ৰাহকসকলৰ বাবে উপলব্ধ কৰা হয়।
  • ২০১৭ চনৰ পৰা ট্ৰেন্সইউনিয়ন চিবিলে সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত ঋণ প্ৰৱেশ বৃদ্ধি কৰিবলৈ আৰু ঋণদাতাসকলক বিপদাশংকা ভালদৰে মূল্যাঙ্কন কৰাত সহায় কৰিবলৈ চিবিল এমএছএমই ৰেংক মুকলি কৰে [12][13]
  • ২০১৭ চনত বেঙ্ক অফ ইণ্ডিয়াই কোম্পানীটোত ইয়াৰ ৫% অংশ ১৯০.৬ কোটি টকাত বিক্ৰী কৰে, যাৰ অৰ্থ হৈছে ট্ৰেন্সইউনিয়ন চিবিলৰ বাবে ৫৯২ নিযুত আমেৰিকান ডলাৰ ।[14]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Rajesh Kumar, new MD & CEO of CIBIL". Business Line. 9 July 2015. http://www.thehindubusinessline.com/companies/satish-pillai-new-md-ceo-of-cibil/article7403622.ece। আহৰণ কৰা হৈছে: 2 August 2015. 
  2. "Cibil to launch mortgage default database". Hindustan Times. 2010-07-08. Archived from the original on 2013-01-25. https://archive.today/20130125110312/http://www.hindustantimes.com/Cibil-to-launch-mortgage-default-database/Article1-568987.aspx। আহৰণ কৰা হৈছে: 2010-12-08. 
  3. "SBI, HDFC dilute stake in CIBIL". The Hindu Business Line. 2005-05-17. http://www.thehindubusinessline.com/2005/05/17/stories/2005051700970600.htm। আহৰণ কৰা হৈছে: 2010-12-08. 
  4. "India to get three new credit data bureaus". Live Mint. 1 June 2009. http://www.livemint.com/Home-Page/a0DDNYf6He8Nb50kEREqtK/India-to-get-three-new-credit-data-bureaus.html. 
  5. . 
  6. "CIBIL Score: Full Form, What it is? Difference Between Credit Score & CIBIL" (en-US ভাষাত). Buddy Loan Official Blog. 2021-11-03. https://www.buddyloan.com/blog/what-is-cibil-score/। আহৰণ কৰা হৈছে: 2022-01-04. 
  7. "Important of Cibil Credit Score". Credit Vidya. 2012-05-17. http://www.creditvidya.com/credit-score/importance-of-cibil-credit-score-cs103.aspx। আহৰণ কৰা হৈছে: 2010-12-08. 
  8. "Important of Cibil Credit Score". Credit Vidya. 2012-05-17. http://www.creditvidya.com/credit-score/importance-of-cibil-credit-score-cs103.aspx। আহৰণ কৰা হৈছে: 2010-12-08. 
  9. "How to get Cibil Score Online". CreditVidya. 2012-05-17. http://creditvidya.com/credit-score/how-to-get-your-cibil-credit-score-online-cs107.aspx। আহৰণ কৰা হৈছে: 2010-12-08. 
  10. "About Us." Dun & Bradstreet.
  11. "Everything About : TransUnion CIBIL Limited". Aim Success. http://www.aimsuccess.in/2017/01/everything-about-transunion-cibil.html. 
  12. "TransUnion CIBIL launches credit risk ranking for MSMEs". SME Times. 1 March 2017. http://www.smetimes.in/smetimes/news/top-stories/2017/Mar/01/transunion-cibil-launches-credit-risk-rank-for-msmes1634269.html. 
  13. "TransUnion CIBIL introduces ranking for MSMEs". Bank Frontiers. 1 March 2017. http://bankingfrontiers.com/transunion-cibil-introduces-ranking-msmes/. 
  14. "BoI to complete sale of 29.96% stake in STCI Finance by month-end". Financial Express. 29 August 2017. http://www.financialexpress.com/market/boi-to-complete-sale-of-29-96-stake-in-stci-finance-by-month-end/830289/। আহৰণ কৰা হৈছে: 6 September 2017.