কৰ্ণ (অংগ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰ্ণ
Earrr.JPG
মানুহৰ (বহিঃ) কৰ্ণ
লেটিন এয়োৰিছ (Auris)
Gray's subject #228 1029
তন্ত্ৰ শ্ৰৱণ তন্ত্ৰ

কৰ্ণ বা কাণ (ইংৰাজী: ear) হৈছে শব্দ অন্তঃকৰণ কৰা একপ্ৰকাৰৰ অংগ। ইয়াক শ্ৰৱণেন্দ্ৰিয় বুলিও কোৱা হয়। ই কেৱল শব্দ শুনাৰ লগতে জড়িত নহয়, ই দেহৰ অৱস্থান আৰু ভাৰসাম্যতা ৰক্ষা কৰাতো সহায় কৰে।

গঠন[সম্পাদনা কৰক]

মানুহৰ কাণৰ ব্যৱচ্ছেদ।

স্তন্যপায়ীৰ বিভিন্ন প্ৰজাতিভেদে বহিঃকৰ্ণৰ আকাৰৰ ভিন্নতা দেখা যায়। যদিও সকলোবোৰ স্তন্যপায়ীৰ কাণৰ আভ্যন্তৰিণ কাৰ্য প্ৰায় একে বুলিব পাৰি।

বহিঃকৰ্ণ[সম্পাদনা কৰক]

কাণৰ একেবাৰে বাহিৰৰ অংশটোক বহিঃকৰ্ণ বোলে। মানুহ আৰু অন্য প্ৰায় সকলো মেৰুদণ্ডীৰ কাণৰ দৃশ্যমান অংশটোৱেই হৈছে বহিঃকৰ্ণ, আৰু সাধাৰণতে কাণ বুলিলে এই অংশটোকেই বুজোৱা হয়।

মধ্য কৰ্ণ[সম্পাদনা কৰক]

মধ্য কৰ্ণ হৈছে মেলিয়াছ (বা হামাৰ), ইনকাছ (বা এনভিল), আৰু ষ্টেপছ্ (বা ষ্ট্ৰিৰাপ)নামৰ তিনিডাল হাড়যুক্ত এটা বায়ুপূৰ্ণ গহ্বৰ। এই মধ্য কৰ্ণ ইউষ্টেচিয়ান নলীৰ দ্বাৰা ডিঙিৰ ওপৰৰ অংশৰ লগত সংযুক্ত হৈ থাকে।

অন্তঃ কৰ্ণ[সম্পাদনা কৰক]

অন্তঃ কৰ্ণ দেহৰ ভিতৰত থাকে। ই ভাৰসাম্য আৰু গতিৰ বাবে সংবেদন অংগৰ দ্বাৰা গঠিত।

কাৰ্য[সম্পাদনা কৰক]

বহিঃকৰ্ণই শব্দ গ্ৰহণ কৰে, মধ্যকৰ্ণৰ ক্ষুদ্ৰাস্থিৰ মাজেৰে অন্তঃকৰ্ণলৈ প্ৰেৰণ কৰে, য'ত ই স্নায়ু সংকেতলৈ পৰিবৰ্তন ঘটি স্নায়ুৰ মাজেৰে মগজুলৈ পৰিবাহিত হয়।

শুনা[সম্পাদনা কৰক]

বহিঃকৰ্ণত পৰা শব্দ তৰংগ মধ্য কৰ্ণৰ মাজেৰে পাৰহৈ যায়, আৰু অন্তঃকৰ্ণত স্নায়ুতন্ত্ৰলৈ পৰিবাহিত হয়। এই তৰংগ স্নায়ুয়ে মগজুৰ টেম্পৰেল লবলৈ পৰিবাহিত কৰে, তাত ইয়াক শব্দ হিচাপে পঞ্জীকৰণ কৰা হয়।

ভাৰসাম্যতা[সম্পাদনা কৰক]

স্থিৰ বা গতিশীল আৱস্থাত ভাৰসাম্যতা প্ৰদান কৰা কাণৰ অন্য এটা প্ৰধান কাৰ্য। কাণে দুই প্ৰকাৰৰ ভাৰসাম্যতা প্ৰদান কৰে: স্থিতাৱস্থাৰ ভাৰসাম্যতা, মাধ্যাকৰ্ষণ শক্তি অনুভৱ কৰিব পৰা, আৰু গতিশীল ভাৰসাম্যতা, ত্বৰণৰ সংবেদন গ্ৰহণ কৰিব পৰা।

ৰোগ[সম্পাদনা কৰক]

শ্ৰৱণহীনতা[সম্পাদনা কৰক]

আংশিক বা পূৰ্ণভাৱে শুনাৰ ক্ষমতা নাইকিয়া হোৱাই শ্ৰৱণহীনতা। ইয়াৰ কাৰণ আঘাত পোৱা, শ্ৰৱণ যন্ত্ৰ বিকল হোৱা, কিছুমান অন্য ৰোগ, বা অন্য মানসিক কাৰণো হ'ব পাৰে।

ভাৰ্টিগ'[সম্পাদনা কৰক]

অন্য প্ৰাণী[সম্পাদনা কৰক]

বিভিন্ন প্ৰজাতিৰ বহিঃকৰ্ণৰ আকৃতি আৰু আকাৰৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়।[1][2]

অমেৰুদণ্ডী[সম্পাদনা কৰক]

কেৱল মেৰুদণ্ডী প্ৰাণীৰহে কাণ থাকে, শব্দ চিনাক্তকৰণৰ বাবে অমেৰুদণ্ডীৰ অন্য কিছুমান সংবেদন অংগ থাকে। পতংগৰ ক্ষেত্ৰত, শব্দ শুনাৰ বাবে টাইম্পানেল অৰগান ব্যৱহাৰ কৰে। এই অংগবোৰ পতংগৰ পৰিয়ালভেদে মূৰ বা অন্য যিকোনো অংশত থাকিব পাৰে।[3]

শব্দ চিনাক্তকৰণৰ বাবে সন্ধিপদীৰ কিছুমান অতি সৰল অংগ থাকে। যেনে- মকৰা আৰু পঁইতাচোৰাৰ ঠেঙত থকা কিছুমান নোমৰ দ্বাৰা শব্দ চিনাক্ত কৰে। পলুবোৰৰ দেহত থকা নোমৰ দ্বাৰা সিহঁতে কম্পন অনুভৱ কৰিব পাৰে[4] আৰু শব্দৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. The Bat's Ear as a Diffraction Grating
  2. PMID 19425684 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  3. Yack, JE, and JH Fullard, 1993. What is an insect ear? Ann. Entomol. Soc. Am. 86(6): 677-682.
  4. Scoble, M. J. 1992. The Lepidoptera: Form, function, and diversity. Oxford University Press