কৰ্মচাৰী চয়ন আয়োগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কৰ্মচাৰী নিৰ্বাচন আয়োগৰ পৰা পুনঃনিৰ্দেশিত)
কৰ্মচাৰী চয়ন আয়োগ
চমু  নাম এছএছচি
প্ৰতিষ্ঠা ৪ নৱেম্বৰ ১৯৭৫ (1975-11-04) (৪৮ বছৰ পূৰ্বে)
ধৰণ চৰকাৰী
প্ৰধান  কাৰ্যালয় নতুন দিল্লী, ভাৰত
সেৱা  ক্ষেত্ৰ ভাৰত
অধ্যক্ষ অসীম খুৰানা
ৱেবছাইট ssc.nic.in
পূৰ্বৰ  নাম অধীনস্থ সেৱা আয়োগ

কৰ্মচাৰী চয়ন আয়োগ চমুকৈ এছএছচি ভাৰত চৰকাৰৰ অধীনস্থ বিভিন্ন মন্ত্ৰণালয় আৰু বিভাগৰ কৰ্মচাৰীৰ ভৰ্তি কৰা এক সংস্থা। ই ভাৰত চৰকাৰৰ কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনত। ইয়াৰ এজন অধ্যক্ষ, দুজন সদস্য আৰু এজন সচিব তথা পৰীক্ষা নিয়ন্ত্ৰক আছে। ইয়াৰ অধ্যক্ষৰ পদ ভাৰত চৰকাৰৰ অতিৰিক্ত সচিবৰ সমপৰ্যায়ৰ।

১৯৬৭-৬৮ চনৰ লোকসভাৰ অনুমান সমিতিয়ে ইয়াৰ ৪৭তম খতিয়ানত নিম্ন পৰ্যায়ৰ চাকৰিৰ ভৰ্তিৰ বাবে কৰ্মচাৰী চয়নৰ বাবে আয়োগ প্ৰতিষ্ঠা কৰিবলৈ অনুমোদন জনাইছিল। তাৰপিছত ১৯৭৫ চনৰ ৪ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগে অধীনস্থ সেৱা আয়োগ গঠন কৰিছিল। ১৯৭৭ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে ইয়াৰ নাম সলনি কৰি কৰ্মচাৰী চয়ন আয়োগ ৰখা হয়। ইয়াৰ কাৰ্যকলাপ সমূহ ২১ মে ১৯৯৯ চনত কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ে পুনৰ নিৰ্ধাৰণ কৰে। কৰ্মচাৰী চয়ন আয়োগৰ নতুন সংবিধান আৰু কাৰ্যকলাপ ১৯৯৯ চনৰ ১ জুনত আৰম্ভ হয়।

ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত আৰু বৰ্তমান অধ্যক্ষ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অসীম খুৰানা।

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]