সমললৈ যাওক

খহুলী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(খহুলি নাথৰ পৰা পুনঃনিৰ্দেশিত)
খহুলী দেৱী
খহুলী নাথ
জন্ম ১৯২০
নগাঁও, অসম, ভাৰত
মৃত্যু ২০ ছেপ্তেম্বৰ, ১৯৪২
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
দাম্পত্যসঙ্গী পোনাৰাম নাথ

খহুলী দেৱী (ইংৰাজী: Khahuli devi) বা খহুলী নাথ বিয়াল্লিছৰ গণ আন্দোলনত শ্বহীদ হোৱা অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। মহাত্মা গান্ধীৰ আহ্বানত সঁহাৰি দি তেওঁ বিয়াল্লিছৰ গণ-আন্দোলনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ গৰ্ভৱতী অৱস্থাতে পুলিচৰ গুলীত নিহত হৈছিল।

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

১৯২০ চনত নগাঁও জিলাৰ ধিং অঞ্চলৰ ডুমডুমীয়াৰ এটা কৃষক পৰিয়ালত খহুলীৰ জন্ম হয়। তেওঁৰ তিনিজন ভাই-ককাই-বলোৰাম কাটনি, বগীৰাম কাটনি আৰু জোনাৰাম কাটনি। তেওঁলোক নাথ সম্প্ৰদায়ৰ আছিল আৰু পাট, এৰী সূতা কটাও জীৱিকা আছিল বাবে কাটনি বোলা হৈছিল। বগীৰামৰ কপালৰ ওপৰতে মুদ্ৰা এটাৰ দৰে ঘূৰণীয়াকৈ বগা চুলি আছিল বাবে তেওঁক বগীৰাম ফোঁটালো বোলা হৈছিল। বগীৰামে নগাঁৱৰে বালিসত্ৰৰ ছোৱালী বালিকাক বিয়া কৰাইছিল। তেওঁলোকৰ চাৰিটা সন্তানৰ মাজত তৃতীয়টো সন্তান আছিল খহুলী দেৱী।[1]

আনুষ্ঠানিক শিক্ষা নথকা খহুলী হাতৰ কামত পাকৈত আছিল আৰু ১৯৩৭ চনত দৰং জিলাৰ ঢেলিয়াজুলি থানা এলেকাৰ নাহৰবাৰী মৌজাৰ কাটনি গাঁৱৰ পোনাৰাম নাথৰ সৈতে বিবাহ হৈছিল।[1][2][3] তেওঁলোকৰ ১৯৩৮ চনত এগৰাকী কন্যা জন্ম হৈছিল, নাম দিছিল দাৰিকী। পোনাৰামে ১৯৩০ চনৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল আৰু পত্নী খহুলীকো এই কাৰ্যত উৎসাহ যোগাইছিল। ১৯৪০ চনত খহুলীৰ দ্বিতীয় কন্যা সন্তান ভেবেলীৰ জন্ম হয়।[1]

ঢেকিয়াজুলিত আন্দোলন

[সম্পাদনা কৰক]

ছেপ্তেম্বৰ মাহৰ ১৫ তাৰিখে পুষ্পলতা দাসৰ সভাপতিত্বত হোৱা সভাত ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত নিচান উৰুওৱাৰ সিদ্ধান্ত লোৱা হয়। বগীৰামে এই কথা খহুলীৰ আগত কোৱাত তেঁৱো থানালৈ যাবলৈ সাজু হয়।[1] ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হোৱা খহুলী নাথ আছিল সন্তান সম্ভৱা৷[4][1] থানাৰ দাৰোগা মহীধৰ বৰা আৰু সমদলৰ নেতা কমলাকান্ত দাসৰ মাজত বাক-বিতণ্ডা চলিল। এই বাক-বিতণ্ডাৰ মাজতে জনগণ উত্তেজিত হৈ পৰে আৰু লৰা-ঢপৰা হয়। পুলিচে গুলী চালনা কৰে। গুলীচালনাত আনসকলৰ লগতে গৰ্ভৱতী খহুলী নাথো গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ নিয়া হয়; কিন্তু সৎকাৰৰ বাবে তেওঁৰ মৃতদেহ স্বামী পোনাৰামক ঘূৰাই দিয়া নহ’ল।[1] ১৯৮৭ চনত কাটনি গাঁৱৰ ৰাইজে তেওঁৰ স্মৃতিত শ্বহীদ খহুলী দেৱী প্ৰাথমিক বিদ্যালয় স্থাপন কৰে।[1]

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলিত বৰগাঁও, নাহৰবাৰী, মিছামাৰী, ঢেকিয়াজুলি আৰু বৰছলা ;- এই পাঁচখন মৌজাৰ প্ৰায় ৫ হাজাৰ সাধাৰণ ৰাইজ সমদল কৰি থানা অভিমুখে আগবাঢ়ি গৈছিল৷ নেতৃত্বত আছিল কমলাকান্ত দাস৷ সেইদিনা থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা লোকসকলৰ একেলগে ১১জন লোক পুলিচৰ গুলীত নিহত হৈছিল৷ তাৰ ভিতৰত খহুলী দেৱীও আছিল৷[5][6]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 বৰদলৈ, ডিমচাঁদ (১০ আগষ্ট ২০১৪). "বিয়াল্লিছৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰাংগনা খহুলী দেৱী". দেওবৰীয়া খবৰ: ৯, ১৫. 
  2. কলিতা, ৰমেশচন্দ্ৰ (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৭৮. 
  3. ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৪১০. 
  4. "দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ কৰা অসমৰ কেইগৰাকীমান মহিলা". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 19 August 2023. 
  5. কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০৩. 
  6. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৫