সমললৈ যাওক

খাৰ্‌চী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(খাৰ্চী পূজাৰ পৰা পুনঃনিৰ্দেশিত)

খাৰ্‌চী বা খাৰ্চী পূজা ত্ৰিপুৰাৰ এটা প্ৰাচীন আৰু জনপ্ৰিয় ধৰ্মীয় উৎসৱ। অতীজতে ত্ৰিপুৰাৰ ৰাজপৰিয়ালে চৈধ্যজন দেৱতাক স্মৰণ কৰি এই উৎসৱৰ আয়োজন কৰিছিল। বৰ্তমান ত্ৰিপুৰাত বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকে এই উৎসৱ পালন কৰে। উৎসৱটোৱে ৰাজ্যখনৰ জনজাতীয় আৰু অজনজাতীয় লোকসকলৰ মাজত সম্প্ৰীতিৰ ভাব গঢ়ি তোলাত ভূমিকা পালন কৰি আহিছে।

ইতিহাস আৰু জনবিশ্বাস

[সম্পাদনা কৰক]

চৈধ্যজন দেৱতাৰ সৈতে জড়িত এটা জনশ্ৰুতি অনুসৰি, কাছাৰ ৰাজ্যৰ ৰজা ত্ৰিলোচনে মৃত্যুৰ আগমুহূৰ্তত তেওঁৰ বৰপুত্ৰ দ্ৰিকপতিক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। আনহাতে, সৰু পুত্ৰ দক্ষিণক ৰাজকুমাৰ হিচাপে নিযুক্তি দিয়ে। ত্ৰিলোচনৰ মৃত্যুৰ পাছত দক্ষিণে ৰাজসিংহাসনত আৰোহণ কৰে। এই কথা জানিব পাৰি দ্ৰিকপতি ক্ষুব্ধ হয় আৰু ভায়েকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত দ্ৰিকপতিৰ জয় হয় আৰু কথিত আছে যে যুদ্ধৰ অন্তত দক্ষিণে চৈধ্যজন সেনাৰ মূৰ কাটি লৈ যায়। পৰৱৰ্তী সময়ত দ্ৰিকপতিৰ উত্তৰাধিকাৰীসকলে সেই চৈধ্যজন বীৰ যোদ্ধাক স্মৰণ কৰি খাৰ্‌চী পূজাৰ আয়োজন কৰিবলৈ লয়।

অৱশ্যে এই কাহিনীৰ ঐতিহাসিক সত্যতা সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত মতভেদ আছে। জনবিশ্বাস অনুসৰি, এই চৈধ্যটা শিৰক চৈধ্যজন দেৱতাৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। খাৰ্‌চী শব্দটোৰ উৎপত্তি সম্পৰ্কেও এটা ব্যাখ্যা প্ৰচলিত আছে। সেই অনুসৰি, ‘খাৰ্‌’ৰ অৰ্থ পলায়ন কৰা আৰু ‘চী’ৰ অৰ্থ জ্ঞাত হোৱা; দুয়োটা শব্দ লগ লাগি যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰাৰ ধাৰণাটো প্ৰকাশ কৰে।[1]

পূজা আৰু উৎসৱৰ ৰীতি

[সম্পাদনা কৰক]

হিন্দু পঞ্জিকা অনুসৰি আহাৰ মাহৰ শুক্লপক্ষৰ অষ্টম দিনাৰ পৰা খাৰ্‌চী পূজা আৰম্ভ হয় আৰু সাতদিন ধৰি চলে। পূজাত চৈধ্যজন দেৱতাক আৰাধনা কৰা হয়। দেৱতাসকলৰ প্ৰতীক হিচাপে বাঁহেৰে মূৰ্তি নিৰ্মাণ কৰা হয়। এই মূৰ্তিসমূহত সম্পূৰ্ণ দেহৰ পৰিৱৰ্তে কেৱল মূৰৰ অংশহে নিৰ্মাণ কৰা হয়।

পূজাত আৰাধনা কৰা চৈধ্যজন দেৱতাৰ নাম হৈছে— হৰ, উমা, হৰি, মা, বালি, কুমাৰ, গণেশ, ব্ৰহ্মা, পৃথিৱী, গংগা, অৱদি, অগ্নি, কামেশ আৰু হিমাদ্ৰি। এই দেৱতাসকলক দুৰ্গা পূজাত মহামায়া দুৰ্গা আৰু তেওঁৰ পৰিয়ালবৰ্গক যিদৰে পূজা কৰা হয়, সেই একে ধৰণে পূজা-অৰ্চনা কৰা হয়।[2]

এই পূজা ‘চান্থাই’ নামৰ প্ৰধান পুৰোহিতে সম্পাদনা কৰে। তেওঁক নাৰাণ, বেৰিফাং, য়াকচুক্‌ আৰু গালিম নামৰ চাৰিজন ধৰ্মীয় পদবীৰ লোকে সহায় কৰে।[1]

সামাজিক আৰু সাংস্কৃতিক তাৎপৰ্য

[সম্পাদনা কৰক]

খাৰ্‌চী পূজা ত্ৰিপুৰাৰ জনজাতীয় সমাজৰ মাজত প্ৰচলিত এক গুৰুত্বপূৰ্ণ উৎসৱ। অৱশ্যে ইয়াত হিন্দু-বঙালী পৰম্পৰাৰ প্ৰভাৱো দেখা যায়। উৎসৱৰ সময়ত জাতি, ধৰ্ম আৰু ভাষাৰ ভেদাভেদ নেওচি বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সমাগম ঘটে। প্ৰায় সাতশ বছৰ পুৰণি বুলি জনবিশ্বাস থকা এই উৎসৱে ত্ৰিপুৰাৰ জনজাতীয় আৰু অজনজাতীয় লোকসকলৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰি আহিছে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 শৰাইঘাট ইয়াৰবুক ২০১৯. শৰাইঘাট প্ৰকাশন. ২০১৯. পৃষ্ঠা. ৪২৫. ISBN 978-93-84211-23-3.
  2. 1 2 নাৰায়ণ দাস আৰু পৰমানন্দ ৰাজবংশী (সম্পাদক) (১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ.