খৰচিং তেৰাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খৰচিং তেৰাং(১৯০৬-১৯৫৫)ৰ জন্ম ডিফু চহৰৰ নিকটৱৰ্তী ৰংলংচ’ গাঁৱত। স্কুলীয়া শিক্ষাৰ ফালৰ পৰা গোলাঘাট এম.ভি.স্কুলৰ পৰা প্ৰথম মানতে শিক্ষা সাং কৰি খৰচিং তেৰাঙে ব্যৱসায় আৰম্ভ কৰে। তেওঁৰ পিতৃ আছিল চাৰইক। চাৰইক পেছাত মৌজাদাৰ আছিল। দেউতাকৰ মৃত্যুৰ পিছত খৰচিং তেৰাং দেউতাকৰ পদত অধিষ্ঠিত হয়। কাৰ্বিসকলৰ বাবে সুকীয়া জিলাৰ দাবীদাৰ সকলৰ ভিতৰত খৰচিং তেৰাং অন্যতম আছিল। তেওঁলোকৰ এই দাবীৰ ফলস্বৰূপেই ১৯৫১ চনত সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলা গঠিত হয়। খৰচিং তেৰাং সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ প্ৰথম মুখ্য কাৰ্যপালিকা আছিল। তেওঁ ১৯৪৭ চনৰপৰা অসম ব্যৱস্থাপক সভাৰ সভ্যও আছিল। ২৮ নবেম্বৰ ১৯৫৫ চনত শ্বিলঙত খৰচিং তেৰাঙৰ মৃত্যু হয়[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৫