সমললৈ যাওক

গ'জু-ৰিও কাৰাটে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ'জু-ৰিও (ইংৰাজী: Gōjū-ryū) হৈছে পৰম্পৰাগত অকিন'ৱা কাৰাটে শৈলীসমূহৰ এটা শৈলী বা সাধাৰণ ভাষাত ষ্টাইল। 'গ'জু-ৰিও'ৰ জাপানীজ ভাষাত অৰ্থ হৈছে 'কঠিন-কোমল শৈলী'। গ' মানে কঠিন আৰু জু মানে কোমল।[1]

গ'জু-ৰিওৰ পাঠ্যক্ৰমত মুঠতে ১২টা কাটা আছে। কাটা হ'ল এক নিৰ্দিষ্ট ক্ৰমত শৰীৰৰ বিভিন্ন অংগৰ সঞ্চাৰণ। ইয়াত একোজন প্ৰতিদ্বন্দ্বী কল্পনা কৰি লোৱা হয়। কিছুমান বিদ্যালয়ত ছানডান (তৃতীয় ডিগ্ৰী ব্লেক বেল্ট) হোৱাৰ আগতে ১২টা কাটাই শিকি ল'বলগীয়া হয় নাইবা গ'ডানৰ (পঞ্চম ডিগ্ৰী ব্লেক বেল্ট) আগত।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. https://www.spokanekarate.com/goju-ryu-history/
  2. Kane & Wilder, 2005: The Way of Kata: A Comprehensive Guide for Deciphering Martial Applications