গাঁও পঞ্চায়ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গাঁও পঞ্চায়ত
প্ৰকাৰ স্থানীয় প্ৰশাসন
মূল পঞ্চায়তী ৰাজ প্ৰণালী[1][2]
আইনী শাখা
নাম গাঁও সভা[2]
মধ্যপ্ৰদেশৰ এখন পঞ্চায়তৰ চিত্ৰ

গাঁও পঞ্চায়ত (ইংৰাজী: Village Council) ভাৰতৰ পঞ্চায়তী ৰাজ প্ৰণালীত, গাঁও বা সৰু এলেকাৰ স্তৰত গ্ৰাম্য পঞ্চায়ত বা গাঁও পঞ্চায়ত আছে, যি হৈছে ভাৰতৰ স্থানীয় স্ব-শাসনৰ এক মুখ্য উপাদান। পঞ্চায়তী ৰাজ প্ৰণালীৰ তিনিস্তৰীয় সংগঠনৰ ভিতৰত গাঁও পঞ্চায়ত হৈছে নিম্নতম স্তৰৰ সংগঠন। ই গাঁও সভাৰ কাৰ্যকৰী সমিতি হিচাপে কাম কৰে। প্ৰাচীন কালৰ পৰা ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনত গাঁও পঞ্চায়তৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। ৰাজহুৱা জীৱনৰ প্ৰতিটো দিশ ইয়াৰ দ্বাৰা পৰিচালিত হৈছিল আৰু বৰ্তমানেও সমাজত ইয়াৰ প্ৰভাৱ অতি উল্লেখনীয়।

গাঁও সভা[সম্পাদনা কৰক]

গাঁও সভা হৈছে এখন গাঁওৰ ১৮ বছৰ বয়স প্ৰাপ্ত পুৰুষ-মহিলা আদি সকলো লোকৰ দ্বাৰা গাঁওৰ উন্নয়ন আৰু পঞ্চায়তক দিহা পৰামৰ্শ দিয়াৰ উদ্দেশ্যে গঠিত এক স্থায়ী সভা বা গোট।

গাঁও সভাৰ কাৰ্যকৰী সমিতিখনক গাঁও পঞ্চায়ত বুলি জনা যায়। যি সভাই নিৰ্বাচিত কৰা প্ৰতিনিধিসকলক লৈ গঠিত হয়।

ভাৰতীয় সংবিধানৰ নৱম ভাগৰ ২৪৩(খ) অনুচ্ছেদত গাঁও সভাৰ পৰিভাষা দিছে এনেধৰণে- "গাঁও সভা মানে গাঁও স্তৰত পঞ্চায়ত ক্ষেত্ৰৰ ভিতৰত সমাবিষ্ট কোনো গাঁওৰ লগত সম্পৰ্কিত নিৰ্বাচক নামাৱলীত পঞ্জীভুক্ত ব্যক্তি সমূহেৰে গঠিত কোনো নিকায়।"[3]

ইতিহাস[সম্পাদনা কৰক]

গঠন[সম্পাদনা কৰক]

কাৰ্য প্ৰণালী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]