গান্ধীক কিয় হত্যা কৰিলো?

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গান্ধীক কিয় হত্যা কৰিলো?  
গান্ধীক কিয় হত্যা কৰিলো? -ৰ বেটুপাত
লেখক গোপাল গোড্‌ছে
শিৰোনাম May It please your Honour
অনুবাদক ত্ৰিদিব শৰ্মা
প্ৰচ্ছদ শিল্পী পংকজ পৰাণ
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় মহাত্মাগান্ধীৰ হত্যা
প্ৰকাৰ প্ৰবন্ধ
প্ৰকাশক অসম বুক ট্ৰাষ্ট
প্ৰকাশ নবেম্বৰ, ২০১৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৬০

গান্ধীক কিয় হত্যা কৰিলো? (ইংৰাজী: Gandhik Kiyo Hatya Karilo?) ইংৰাজী ভাষাত ৰচিত গোপাল গোড্‌ছেৰ গ্ৰন্থ 'May It please your Honour' -ৰ অসমীয়া ভাৱানুবাদ কৰিছে ত্ৰিদিব শৰ্মায়। ২০১৩ চনৰ নবেম্বৰত প্ৰকাশিত এই গ্ৰন্থখনক অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰে।[1]

গ্ৰন্থখনত মহাত্মা গান্ধীৰ হত্যা সম্পৰ্কত যি বিৱৰণ দিয়া হৈছে, সেয়া গান্ধী হত্যা মোকৰ্দমাৰ অংশবিশেষক। সেই সময়ত চিমলাত থকা পঞ্জাব উচ্চ ন্যায়ালয়ৰ ১৯৪৯ চনৰ ক্ৰিমিনেল এপ্ৰিল দ্বিতীয় খণ্ডৰ ৬৬ আৰু ৭২ ৰূপে ছপা কৰা হয়।[2]

গ্ৰন্থখন 'শুনুন ধৰ্মবতাৰ' নামেৰে বঙালী ভাষালৈ নিৰোদবাৰণ হাজ্ৰাই অনুবাদ কৰিছে।[1]

গ্ৰন্থখনৰ বিষয়বস্তু[সম্পাদনা কৰক]

জাতিৰ পিতা মহাত্মা গান্ধীক দুখন বাতৰি কাকতৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰা নাথুৰাম গড্‌ছে কিয় হত্যা কৰিছিল সেই কথা সুদীৰ্ঘ সময় ধৰি দেশৰ জনগণৰ বোধগম্য হোৱা নাছিল। কিয়নো নাথুৰামৰ লিখিত কাৰণবোৰ চৰকাৰে জনগণৰ জ্ঞাত হোৱাৰ পৰা বাৰণ কৰি ৰাখিছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ বিৰলা ভৱনত অনুষ্ঠিত প্ৰাৰ্থনা সভাত নাথুৰাম গান্ধীজীৰ বুকুলৈ তিনি জাই গুলী নিক্ষেপ কৰিছিল। তেওঁৰ পিষ্টলটোত আন তিনি জাই গুলী আছিল। ইচ্ছা কাৰ হ’লে নাথুৰামে গান্ধীজীক হত্যা কৰি নিজেও আত্মহত্যা কৰিব পাৰিলে হয়। পিছে সেই কাম তেওঁ নকৰিলে। গান্ধীক হত্যা কৰাৰ আগতেই তেওঁ নিজৰ পণ ঠিক কৰি লৈছিল। গান্ধীজীক তেওঁ কিয় হত্যা কৰিলে সেই কথা জগতক জনাব বিচাৰিছিল।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Gandhik Kiyo Hatya Karilu? গান্ধীক কিয় হত্যা কৰিলো? নাথুৰাম গড্‌ছে ভাৱানুবাদঃ ত্ৰিদিব শৰ্মা". scientiabooks.in. https://www.scientiabooks.in/product/gandhik-kiyo-hatya-karila/। আহৰণ কৰা হৈছে: 21 July 2020. 
  2. 2.0 2.1 শৰ্মা, ত্ৰিদিব (2014). গান্ধীক কিয় হত্যা কৰিলো?. প্ৰকাশক গুৱাহাটী: অসম বুক ট্ৰাষ্ট.