গামবুট নৃত্য
গামবুট নৃত্য বা ইচিকাথুলো[1] দক্ষিণ আফ্ৰিকাৰ এক প্ৰকাৰ নৃত্য, যি ৱেলিংটন বুট পিন্ধা নৃত্যশিল্পীসকলে পৰিৱেশন কৰে। দক্ষিণ আফ্ৰিকাত এইবোৰক বেছিকৈ গামবুট বুলি কোৱা হয়।
বুটবোৰ হয়তো ঘণ্টাৰে সজাই থোৱা হ’ব পাৰে, যাতে নৃত্যশিল্পীসকলে মাটিত জাঁপ মাৰিলেই বুটবোৰ বাজি উঠে। এই শব্দটো এটা ক’ড হ’ব পাৰে বা অলপ দূৰৈৰ আন এজন ব্যক্তিক কিবা এটা ক’বলৈ এটা বেলেগ ধৰণৰ মাত। এইটো খনিবোৰত যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল কাৰণ খনিসমূহত কঠোৰভাৱে কথা-বতৰা হোৱা হোৱা মান আছিল; অন্যথা তেওঁলোকৰ উৰ্ধতন বিষয়াৰ বিবেচনা অনুসৰি কঠোৰ শাস্তি দিয়া হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] খনিবোৰ আছিল অতি কোলাহলপূৰ্ণ কৰ্মস্থলী, বেছিভাগ সময়তে বায়ুচালিত ড্ৰিলৰ কাম চলি আছিল; সেই সময়ত (১৯৭০ চনৰ মাজভাগলৈকে) দক্ষিণ আফ্ৰিকাৰ খনিসমূহত শ্ৰৱণ শক্তি ৰক্ষাকাৰী কোনো ব্যৱস্থাৰ অস্তিত্ব নাছিল।
দক্ষিণ আফ্ৰিকাৰ অন্ধকাৰ সোণৰ খনিৰ সুৰংগবোৰত পোখালি মেলা গামবুট নৃত্যই এতিয়া সম্পূৰ্ণ বৃত্তত উপনীত হৈছে। প্ৰথম অৱস্থাত কথোপকথনৰ পৰা বঞ্চিত কৃষ্ণাংগ খনি শ্ৰমিকসকলৰ মাজত ই এটা সমন্বিত সংকেত আছিল আৰু আজিৰ দিনত গুমবুট নৃত্য দক্ষিণ আফ্ৰিকাৰ অন্যতম ভাবপ্ৰকাশ নৃত্য ধাৰা।
বৰ্ণনা
[সম্পাদনা কৰক]দক্ষিণ আফ্ৰিকাৰ পৰ্যটনৰ কেন্দ্ৰ অঞ্চল, যেনে কেপ টাউনৰ ভিক্টোৰিয়া এণ্ড আলফ্ৰেড ৱাটাৰফ্ৰণ্টৰ ৰাজপথ আৰু প্লাজাত গুমবুট নৃত্যশিল্পীক সাধাৰণতে দেখা যায়। নৃত্যৰ বহুতো ভংগিমা আৰু নীতি দক্ষিণ আফ্ৰিকাৰ সোণ খনিৰ খনি আৰু বেৰেক নিয়ন্ত্ৰণ কৰা বিষয়া আৰু গাৰ্ডৰ ব্যাংগাত্মক উপস্থাপন। অন্যান্য ধৰণৰ আফ্ৰিকান নৃত্যৰ দৰেই গুমবুটেও পলিৰিদম আৰু টোটেল বডি আৰ্টিকুলেচনৰ ধাৰণা ব্যৱহাৰ কৰে আৰু ইয়াৰ পৰা খনিসমূহত কাম কৰা আফ্ৰিকান শ্ৰমিকসকলৰ সাংস্কৃতিক নৃত্য হৈ পৰিছে।[2] ই ইডিয়ফোন বা অটোফোনৰ সহায়ত সৃষ্ট এটা পাৰ্কাছিভ নৃত্য আৰু ইয়াৰ পৰিৱেশন শৈলীয়ে আফ্ৰিকান-আমেৰিকান ভ্ৰাতৃত্ববোধ আৰু ছ'ৰ'ৰিটিয়ে কৰা নৃত্য ভংগিমাৰ সৈতে একে।
এই নৃত্যই দক্ষিণ আফ্ৰিকাৰ এটা বিশিষ্ট লোকগোট ব্লেক উমফ'ল'ছিৰ অভিনয়ৰ আকৰ্ষণীয় দিশ প্ৰতিভাত কৰে।[3] আমেৰিকান পপ গায়ক পল চাইমনৰ গ্ৰেচলেণ্ড এলবামটোৰ এটা গীত আছে, যাৰ নাম গামবুটছ, যিটো দক্ষিণ আফ্ৰিকান জাইভা টাউনশ্বিপৰ mbaqanga শৈলীত পৰিৱেশন কৰা হয় আৰু বয়োয়ো বয়ছৰ সদস্যসকলৰ দ্বাৰা ইয়াক পৰিৱেশন কৰা হয়৷
ব্ৰিটিছ-আমেৰিকান সুৰকাৰ ডেভিড ব্ৰুচে "গমবুটছ" শীৰ্ষক এটা ক্লেৰিনেট কুইণ্টেট লিখিছে[4], যিটো গামবুট নৃত্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখিছিল। ২০০৮ চনত ইয়াক কাৰ্নেগী হলে প্ৰযোজনা কৰিছিল আৰু তেওঁলোকৰ ৱেবছাইটত সম্পূৰ্ণৰূপে শুনিব পাৰি,[5] এইটো টড পামৰ(ক্লেৰিনেটিষ্ট) আৰু ছেইণ্ট লৰেন্স ষ্ট্ৰিংয়ে পৰিৱেশন কৰিছিল৷ দক্ষিণ আফ্ৰিকাৰ এজন ছাত্ৰই পিয়েৰচন কলেজ ইউ ডব্লিউ চিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সহপাঠীসকলক গমবুটৰ সৈতে পৰিচয় কৰাই দিয়াৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়খনে গামবুট নৃত্যৰ মূল দলৰ জৰিয়তে এই পৰম্পৰা ৰক্ষা কৰি আহিছে৷ এই গোটটোৱে নৃত্যৰ বিশেষ পদ সঞ্চালনবোৰৰ প্ৰশিক্ষণ দিয়ে, সংস্কৃতিৰ বিষয়ে শিকায়৷ তেওঁলোকে ইয়াৰ প্ৰতি শ্ৰদ্ধা অটুট ৰাখিছে কাৰণে ই আজি ৪৫ বছৰতকৈও অধিক সময় ধৰি কেম্পাছত জীয়াই আছে। গোটটোৱে নৃত্যৰ উৎপত্তিৰ প্ৰতি সন্মান জনাই অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত যিমান পাৰি প্ৰামাণিক আৰু শিক্ষামূলক কৰিবলৈ চেষ্টা কৰে। প্ৰতি বছৰৰ আৰম্ভণিতে মাৰ্চ আৰু এপ্ৰিল মাহৰ আশে-পাশে দলটোৱে বি চিৰ ভিক্টোৰিয়াত অনুষ্ঠিত হোৱা বাৰ্ষিক কনচাৰ্ট ৱান ৱৰ্ল্ড ফেষ্টিভেলত কৰিঅ’গ্ৰাফী আৰু পৰিবেশনৰ দায়িত্ব লয়।
১৯৯০ আৰু ২০০০ চনৰ পৰা গামবুটক ভিত্তি কৰি ড্ৰেকেন্সবাৰ্গ বয়ছ চয়ৰ স্কুলে তেওঁলোকৰ কাৰ্যসূচীৰ প্ৰথম অংশত আফ্ৰিকান লোককলাৰ অংশ আৰু দ্বিতীয় অংশত তেওঁলোকৰ কনচাৰ্ট সাজ-পোছাকৰ দ্বিতীয় অংশ বগা গামবুট প্ৰদৰ্শন কৰে৷( প্ৰথম অংশ “বগা মানুহ’’ৰ ধ্ৰুপদী পোছাক)
২০১৭ চনত ক্ৰিয়েটিভ ডাইৰেক্টৰ ছাক মালডোনাডো আৰু আৰ্ট অৱ ষ্টেপিঙৰ প্ৰতিষ্ঠাপক জেচিকা ‘ৰেমো’ চৌলে ৱৰ্ল্ড অৱ ষ্টেপ প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়াস্বৰূপে গমবুট নৃত্যৰ ঐতিহাসিক উপাদানটো সংৰক্ষণ কৰি জনসাধাৰণৰ মাজত প্ৰসাৰ কৰা হৈছিল।
তথ্য সূ্ত্ৰ
[সম্পাদনা কৰক]- ↑ "ISICATHULO". kilby.sac.on.ca. Archived from the original on 2010-10-22. https://web.archive.org/web/20101022143348/http://kilby.sac.on.ca/activitiesclubs/outreach/malawi/isicathulo.htm। আহৰণ কৰা হৈছে: 2020-01-14.
- ↑ African Dance. Kariamu Welsh 2004 Chelsea House Publishers pages 28 আই.এচ.বি.এন. 0-7910-7641-5
- ↑ Archived at Ghostarchive and the Wayback Machine: (en ভাষাত) Black Umfolosi - Live at Oxford Folk Festival 2006 - 2, https://www.youtube.com/watch?v=mnAxhQk4drM, আহৰণ কৰা হৈছে: 2020-01-14
- ↑ "Gumboots by David Bruce". www.davidbruce.net. http://www.davidbruce.net/works/gumboots.asp। আহৰণ কৰা হৈছে: 2020-01-14.
- ↑ Carnegiehall.org