গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী
অৱয়ব
(গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো গুৱাহাটীৰ প্ৰতিষ্ঠানটোৰ বিষয়ে। তেজপুৰৰ প্ৰতিষ্ঠানটোৰ বাবে গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ চাওক।
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (জি আই এম টি) | |
---|---|
মূলমন্ত্ৰ | Truth, Discipline & Excellence |
স্থাপিত | ২০০৬ |
অধ্যক্ষ | ডo মুকুলেশ বৰুৱা |
সঞ্চালক | জি চি কাকতি |
শৈক্ষিক কৰ্মচাৰী | ১০০তকৈ অধিক |
স্নাতক শিক্ষাৰ্থী | ১৩২০ জন |
স্নাতকোত্তৰ শিক্ষাৰ্থী | ১৮০ জন |
স্থান | গুৱাহাটী, অসম, ভাৰত |
চৌহদ | চহৰৰ উপকণ্ঠ, ৫ একৰ |
চমু নাম | জি আই এম টি জি চি আই এম টি |
ৱেবছাইট | gimt-guwahati.ac.in |
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (ইংৰাজী নাম: Girijananda Chowdhury Institute of Management and Technology; চমুকৈ জি আই এম টি, কেতিয়াবা জি চি আই এম টি) হৈছে অসমৰ ব্যক্তিগতখণ্ডৰ এখন আগশাৰীৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান। শ্ৰীমন্ত শংকৰ একাডেমী সমাজৰ আধিনত ২০০৬ চনত স্থাপিত ই হৈছে অসমৰ প্ৰথম ব্যক্তিগতখণ্ডৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান।
পাঠ্যক্ৰম
[সম্পাদনা কৰক]গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনত এই প্ৰতিষ্ঠানখনে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত পাঠ্যক্ৰম আগবঢ়ায়।
অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা বিভাগসমূহ হৈছে:
- বিদ্যুত পাৰমাণৱিক আৰু দূৰসংযোগ বিভাগ (Electronics and Telecommunication Engineering)
- কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ (Computer Science and Engineering)
- তথ্য প্ৰযুক্তিবিদ্যা বিভাগ (Information Technology)
- প্ৰায়োগিক বিদ্যুত পাৰমাণৱিক আৰু যন্ত্ৰায়ক বিভাগ (Applied Electronics and Instrumentation Engineering)
- বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ (Electrical Engineering)
- যান্তিক অভিযান্ত্ৰিক বিভাগ (Mechanical Engineering)
স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:
- দুবছৰীয়া স্নাতকোত্তৰ ব্যৱাসায়িক প্ৰশাসন (Master of Business Administration)
- তিনিবছৰীয়া স্নাতকোত্তৰ প্ৰায়োগিক কম্পিউটাৰ (Master of Computer Application)