গীতা ত্ৰিপাঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গীতা ত্ৰিপাঠী
নেপালী কবি গীতা ত্ৰিপাঠী
কবি গীতা ত্ৰিপাঠী
জন্ম ২৮ জুন, ১৯৭২ (৫১ বছৰ)
খাৰেলথক, নেপাল
পেচা কবি, গীতিকাৰ
ৰাষ্ট্ৰীয়তা নেপালী
শিক্ষা নেপালী সাহিত্যত পি,এইচ ডি
মাতৃশিক্ষায়তন ত্ৰিভূবন বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি নৃশংস পৰখালহাৰু
চিমালকো গীত
উল্লেখযোগ্য বঁটা পদ্মকন্যা স্বৰ্ণ মেডেল(২০০০)
শ্ৰেষ্ঠ গীতিকাৰ বঁটা (২০০৮)[1][2]
দাম্পত্যসংগী যাদৱৰাজ ত্ৰিপাঠী[2]
সন্তান সমীপ ত্ৰিপাঠী[2]
পিতৃ-মাতৃ বেদৰাজ থাপালিয়া(পিতা) ৰামদেৱী থাপালিয়া(মাতা)[3]

গীতা ত্ৰিপাঠী (ইংৰাজী: Geeta Tripathee ; জন্ম: ২৮ জুন ১৯৭২) এগৰাকী নেপালী কবি, গীতিকাৰ, নিবন্ধকাৰ, সাহিত্য সমালোচক আৰু পণ্ডিত। নেপালী ভাষাৰ এগৰাকী উল্লেখযোগ্য লেখিকা গীতা ত্ৰিপাঠীৰ কৃতিত্ব দুটা খণ্ডৰ কবিতা সংকলন, এখন গীতি-কবিতাৰ আৰু সাতখন অন্যান্য সাহিত্য ধাৰাৰ গ্ৰন্থ। মহিলা, পৰিৱেশ আৰু সমাজৰ অন্যায় সম্পৰ্কীয় বিষয়সমূহৰ ওপৰতো তেওঁ বাতৰি কাকতৰ বাবে লিখে।[4][2][5][6][7]

গীতা ত্ৰিপাঠী নেপাল চৰকাৰৰ দ্বাৰা প্ৰদান কৰা পদ্মাকন্যা স্বৰ্ণ পদক - ২০০০ বঁটা লাভ কৰিছে। ২০০৮ চনত নেপাল চৰকাৰৰ প্ৰধান সাংস্কৃতিক সংযোজক 'সাংস্কৃতিক সংস্থা'ৰ পৰা তেওঁ 'শ্ৰেষ্ঠ গীতিকাৰ বঁটা'ও লাভ কৰে।[1]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৭২ চনৰ ২৮ জুনত কাভ্ৰেপালনচোকৰ খাৰেলথকত এগৰাকী শিক্ষাবিদ বেদৰাজ থাপালীয়া আৰু ৰামদেৱী থাপালিয়াৰ ঘৰত জন্ম হৈছিল গীতা ত্ৰিপাঠীৰ। ১৯৮৮ চনত খাৰেলথকত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি, অধিক শিক্ষাৰ বাবে কাঠমাণ্ডুলৈ গুচি যায়। ত্ৰিপাঠীয়ে কাঠমাণ্ডুৰ পদ্ম কন্যা মাল্টিপল কেম্পাছত যোগদান কৰি ১৯৯৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে। পদ্মাকন্যা মহাবিদ্যালয়ত পঢ়ি থকা সময়তে ১৯৮৯ চনত যাদৱৰাজ ত্ৰিপাঠীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। ত্ৰিপাঠীয়ে অধ্যয়ন অব্যাহত ৰাখি ১৯৯৮ চনত বিশ্ববিদ্যালয়ৰ সৰ্বপ্ৰথম হৈ নেপালী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সোণৰ পদক লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত ত্ৰিভুৱন বিশ্ববিদ্যালয় আৰু পূৰ্বাঞ্চল বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ত তেওঁৰ প্ৰিয় আৰু পছন্দৰ বিষয়টো পাঠদান কৰিবলৈ আৰম্ভ কৰে। কলেজীয়া দিনত আৰু তাৰ পিছতো ত্ৰিপাঠীয়ে নিজৰ লেখাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছিল। পিছলৈ ২০১৭ চনত ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা নেপালী সাহিত্যত পি এইচ ডি লাভ কৰে।[3][2][4]

খ্যাতি[সম্পাদনা কৰক]

গীতা ত্ৰিপাঠী বিভিন্ন বিষয়ৰ লেখিকা। তেওঁ দুখন কবিতা পুথি, এখন গীতি-কবিতা পুথি, এখন প্ৰবন্ধ পুথি আৰু সাহিত্য সমালোচনাৰ কেইবাখনো গ্ৰন্থ লিখিছে।[8]

গীতা ত্ৰিপাঠীৰ ৰচনাসমূহ ইংৰাজী, হিন্দী, জাপানী আৰু কোৰিয়ান আদি ভাষালৈ অনুবাদ কৰা হৈছে; আৰু বিদেশৰ উল্লেখযোগ্য সাহিত্য আলোচনীত প্ৰকাশ পাইছে। ত্ৰিপাঠীয়ে কবি, উপস্থাপক আৰু বক্তা হিচাপে বহুসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠানত অংশ লৈছে। ত্ৰিপাঠীয়ে ২০১০ আৰু ২০১৭ চনত নতুন দিল্লীত ফাউণ্ডেশ্যন অৱ ছাৰ্ক ৰাইটাৰ্ছ এণ্ড লিটাৰেচাৰে আয়োজন কৰা দক্ষিণ এছিয়ান সাহিত্য মহোৎসৱত নেপালী কবি প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল।[9][10][11][12][13][14]

সাহিত্য-সম্ভাৰ[সম্পাদনা কৰক]

  • থুংগা বনফুলকা (২০০৫)(গীতি-কবিতাৰ সংকলন)[4][2]
  • দুই হাৰাফ ওথহাৰু (২০০৮) (গীতি-কবিতাৰ সংকলন) (কবি মঞ্জুলৰ সৈতে একেলগে লিখা)[4]
  • নৃসংশ পাৰ্খলহাৰু (২০০৯) (গীতি-কবিতা সংকলন)[4]
  • মা একলো ৰা উদাস উস্তাই (২০১৪) (প্ৰবন্ধ সংকলন)[2]
  • সীমল কো গীত (২০১৫) (গীতি-কবিতাৰ সংকলন)[14]
  • দৃষ্টিবিচৰণ (২০০৯) (সাহিত্য সমালোচনা)[8]
  • কৃতি বিশ্লেষন : প্ৰায়োগিক আয়ম (২০১০) (সাহিত্য সমালোচনা)[8]
  • বিশ্বনাৰী নেপালী সাহিত্য : পৰম্পৰা ৰা প্ৰকৃতি (২০১৫) (সাহিত্য সমালোচনা)
  • নেপালী মহিলা লেখান : প্ৰবৃত্তি ৰা যোগদান (২০১৫) (সাহিত্য সমালোচনা)
  • নেপালী নিয়াত্ৰা : সিদ্ধান্ত ৰা প্ৰায়োগ (২০১৭) (সাহিত্য সমালোচনা)
  • পৰ্যাৱৰণ ৰা নাৰীকেন্দ্ৰ সমালোচন (২০১৮) (সাহিত্য সমালোচনা)

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Prof. Dr. Madhav Prasad Pokhrel, ed. (2018), "Geeta Tripathee", जगदम्बा नेपाली साहित्यको बृहत् इतिहास, Madan Puraskar Trust 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 खनाल, सुनीता (2019-02-16). "कहाँ हुन्छ मिलन त्यसै भाग्यमै नलेखेपछि". nayapatrikadaily.com. https://nayapatrikadaily.com/news-details/6257/2019-02-16। আহৰণ কৰা হৈছে: 2020-04-10. 
  3. 3.0 3.1 Prof. Dr. Kumar Prasad Koirala, ed. (2010), "Geeta Tripathee", प्रज्ञा नेपाली समालोचक कोश, Nepal Academy, pp. 84, ISBN 9789937723091 
  4. 4.0 4.1 4.2 4.3 4.4 Lila Luitel (2012). "Women Poets in Nepali Poetry". नेपाली महिला साहित्यकार. প্ৰকাশক Kathmandu: Shabdartha Prakashan. পৃষ্ঠা. 215. ISBN 978-9937248051. 
  5. Tripathee, Geeta (2008), कृति विश्लेषण: प्रायोगिक आयाम, Ratna Pustak Bhandar ISBN 978999338836 
  6. Geeta, Tripathee (2018). "गहन पर्यावरणको सैद्धान्तिक अवधारणा Gahan Paryavaranko Saiddhantik Awadharana". Tribhuvan University Journal খণ্ড 32 (2): 281–294. doi:10.3126/tuj.v32i2.24724. https://www.nepjol.info/index.php/TUJ/article/view/24724. 
  7. Tripathee, Geeta (2020-03-21). "तर किन मान्छेबाटै भयो यस्तो भूल...". nayapatrikadaily.com. https://nagariknews.nagariknetwork.com/news/122620। আহৰণ কৰা হৈছে: 2020-04-23. 
  8. 8.0 8.1 8.2 Lila Luitel (2012). "Women Writers in Nepali Literary Criticism". नेपाली महिला साहित्यकार. প্ৰকাশক Kathmandu: Shabdartha Prakashan. পৃষ্ঠা. 215. ISBN 978-9937248051. 
  9. "Geeta Tipathee". Foundation of SAARC Writers and Literature. http://www.foundationsaarcwriters.com/add_peot_table_des.php?table_id=8&poet_id=1&des_id=133। আহৰণ কৰা হৈছে: 2020-04-17. 
  10. Tripathee, Geeta. "Geeta Tripathee: Translated by Mahesh Paudyal". In Kalpna Singh-Chitnis. Life and Legends. http://lifeandlegends.com/geeta-tripathee-translated-by-mahesh-paudyal/। আহৰণ কৰা হৈছে: 2020-04-09. 
  11. Tripathee, Geeta (1 March 2015), Daine Smith, ed., "Mid-Life Thoughts", Snow Jowel (USA: Grey Sparrow Press) (6): 13, ISSN 2157-3646 
  12. K. Satchidanandan & Ajeet Cour, ed. (2011), The Songs We Share, Foundation of SAARC Wirters and Literature, pp. 32, 216, ISBN 978-8188703210 
  13. Acharya, Aparajita (8 April 2015). "What Teacher Wants from Their Students". The Himalayan Times. 
  14. 14.0 14.1 Tripathee, Geeta; Subedi, Abhi (2015), "The Road above Flowers (Preface)", Simalko Geet, Sabdahaar Creations, pp. 3, ISBN 9789937895828