গুপ্তভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গুপ্তভাষা মানে একে ভাষা কোৱা লোকসমষ্টিৰ মাজত সাধাৰণভাৱে বোধগম্য নোহোৱা ভাষাই গুপ্তভাষা৷ ভাষাৰ বিভিন্ন প্ৰকাৰ যেনে উপভাষা, ব্যক্তিভাষা, সমাজ ভাষা, শ্ৰেণী ভাষা,জাতিগত ভাষা৷ বৰ্গ ভাষা, বৰ্ণ ভাষা, মিশ্ৰ ভাষা আদি বিভিন্ন প্ৰকাৰৰ ভাষা একোটা ভাষাৰ মাজত নানা ৰূপ লৈ বৰ্তি থাকে৷ ভাষাৰ কথিত আৰু লিখিত, এই দুটা ভাগত ভাগ কেৱল প্ৰকৃতিপ্ৰদত্ত ভাষাৰহে ভাগ৷ ভাষা মানুহৰ মনোজগতৰ সৈতে জড়িত আৰু মানসিক অৱস্থাৰ ভাৱ প্ৰকাশৰ দ্বাৰাই ভাষাৰ সৃষ্টি হয়৷ ঠাইভেদে মানুহৰ মাজত স্বাভাৱিক গুণৰ ফলতে একোটা ভাষা ঠন ধৰি উঠে আৰু তাৰ যোগেদিয়েই ভাৱ বিনিময় কৰা হয়৷ কিন্তু একেটা গোটৰ মাজত কেতিয়াবা আনে নুবুজাকৈ কিছুমান শব্দ বা বাক্যৰ প্ৰচলন হোৱা দেখা যায়৷ বিশেষকৈ ব্যৱসায়ী, ৰাজনৈতিক বিপ্লৱী, সেনাবাহিনী, চোৰ, ডকাইত আদিৰ মাজত এই সংকেত ভাষাত ভাবৰ আদানপ্ৰদান চলে৷ অৰ্থাৎ আনে বুজিব নোৱৰাকৈ এটা সৰু গোটৰ মাজত যি ভাষাৰে ভাৱৰ আদানপ্ৰদান চলে, তাকেই গুপ্তভাষা বোলে৷

গুপ্তভাষা আৰু কৃত্ৰিম ভাষা[সম্পাদনা কৰক]

কেতিয়াবা ভাষা সৃষ্টি কৰি লোৱা হয়৷ এনেকৈ সৃষ্টি হোৱা ভাষাক “পিজিন’’ বোলে৷ বিভিন্ন ভাষা কোৱা মানুহৰ ব্যৱসায়িক লেনদেনৰ বাবে আনে বুজি নোপোৱা কিছুমান বাক্য ব্যৱহাৰ কৰা হয়৷ এইবোৰেই পিজিন৷ পিজিন সৰু সৰু গোটৰ মাজত চলে আৰু এই ভাষা কোৱা আটাইতকৈ বেছি শক্তিশালী দলটোৰ ভাষাৰ বাক্য গাঁথনিয়েই পিজিন৷ এইদৰেই একোটা পিজিন বিয়পি গৈ যেতিয়া এক বৃহৎ জনসমুদায়ৰ ভাষা হৈ পৰে, তেতিয়া তাক ক্ৰেওল বোলা হয়৷ আফ্ৰিকাৰ টকিটকি, টেঙ্গো, মৰিচাচ ক্ৰেওল আদি উল্লেখযোগ্য ক্ৰেওল ভাষা৷ এনেদৰেই বিশ্বৰ সমগ্ৰ ঠাইতে প্ৰযোজ্য হ’ব পৰাকৈ বিশ্বৰ যোগাযোগৰ মাধ্যম হিচাপেঁ “এছপিৰেণ্টো’’ নিৰ্মাণ কৰা হৈছিল৷ এইবোৰ কৃত্ৰিম ভাষা৷ গুপ্তভাষাও মানৱসৃষ্ট৷ কিন্তু ই পিজিন বা ক্ৰেওলৰ সমপৰ্যায়ৰ নহয়৷ গুপ্তভাষা ইংৰাজী argot বা cant ৰ সমপৰ্যায়ৰ ভাষা, সম্পূৰ্ণ একে নহয়৷ মোগল শাসন কালত নৰ্তকী, বাঈজী আদিৰ সম্প্ৰদায়ৰ মাজত প্ৰচলিত ফাৰ্চী আৰু দেশীয় শব্দ মিহলি “উল্টি’’ এক গুপ্ত ভাষা৷ বৰ্তমান ই লুপ্তপ্ৰায় অৱস্থাত আছে৷[1]

গুপ্তভাষাৰ ইতিহাস[সম্পাদনা কৰক]

গুপ্তভাষাৰ ইতিহাস কিছু পুৰণি৷ পৃথিৱীৰ প্ৰায় সকলো দেশতে গুপ্তভাষাৰ প্ৰচলন আছে৷ ভাৰতত মহাভাৰত মহাকাব্যত গুপ্তভাষাৰ উল্লেখ থকাৰ পৰাই ইয়াৰ প্ৰচলন আগৰে পৰা আছিল বুলি অনুমান কৰিব পাৰি৷ মহাকাব্যৰ “সভাপৰ্ব’’ত জতুগৃহ সম্পৰ্কীয় কথাত গুপ্তভাষাৰ ইংগিত পোৱা যায়৷ তেতিয়া এইবোৰক ম্লেছ ভাষা বুলিছিল৷ অসমীয়া ভাষাৰ “চৰ্যাপদ’’ৰ ভাষাক সন্ধ্যাভাষা বোলা হৈছিল৷ চৰ্যাৰ ৰচকসকলে ধৰ্মৰ তত্ত্ব আৰু আচাৰনীতিৰ গোপনীয়তা ৰক্ষা কৰিবলৈ একধৰণৰ সংকেতধৰ্মী ভাষাৰে চৰ্যাপদসমূহ ৰচনা কৰিছিল৷[2] ইউৰোপ মহাদেশৰ যাযাবৰী মানুহৰ দ্বাৰাৰ গঠিত Coquillards নামৰ সংগঠনটোৰ মাজত ১৪৫৫ চন মানৰপৰাই গুপ্তভাষাৰ প্ৰচলন থকাৰ কথা জনা যায়৷ এই সংগঠনটোৱে এই গুপ্তভাষাৰ সহায়তে সংঘৱদ্ধ হৈ নানা অসামাজিক কাম কৰিছিল৷ কুৰি শতিকাৰ শেষলৈ ইউৰোপৰ বিভিন্ন ঠাইত Black slang, Centre slang, Eggy-peggy [3]আদি অনেক গুপ্তভাষাৰ প্ৰচলন হৈছিল৷ ইংৰাজী অৰগ’টৰ প্ৰচলন হৈছিল আনুমানিক ১৬২৮ চন মানৰ পৰা৷[4] অসমীয়াত ৰাতিখোৱা, ভিতৰসেৱা আদি অনুষ্ঠানত ভকতসকলে নিৰ্দিষ্ট কিছুমান বাক্যৰে বা ঠাঁৰেৰে ভাৱ বিনিময় কৰিছিল৷[5] বাংলাদেশৰ বেদে নামৰ জনগোষ্ঠীৰ কঠিত ভাষা “ঠাৰ’’৷ সেই জনগোষ্ঠীয়ে তেওঁলোকৰ ভাষা আনে নুবুজিবৰ বাবে “ঠাৰ’’ ভাষাত পাতে৷ [6] অৱশ্যে এই ভাষা সম্পূৰ্ণ গুপ্ত ভাষাৰ শাৰীত থ’ব পাৰি নে নোৱাৰি, সেই সম্বন্ধে অধ্যয়নৰ যথেষ্ট অৱকাশ আছে৷ সম্প্ৰতি, ঠাৰ ভাষা সম্বন্ধে এক দীৰ্ঘ অনুসন্ধান কৰি বাংলাদেশৰ ডি আই জি হাবিবুৰ ৰহমানে “ঠাৰ, বেদে জনগোষ্ঠীৰ ভাষা’’ শীৰ্ষক এখন গৱেষণামূলক কিতাপো প্ৰকাশ কৰে৷ প্ৰায় আঠ লক্ষ মানুহৰ মাজত সেই জনগোষ্ঠীৰ বাহিৰৰ মানুহে বুজিব নোৱৰা “ঠাৰ’’ ভাষাত বাংলা ভাষাৰ বহু শব্দ সোমাই আছে৷

গুপ্তভাষাৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

আন আন ভাষাৰ দৰে গুপ্তভাষাৰো কিছুমান বিশেষ বৈশিষ্ট্য আছে৷ (১) গুপ্তভাষা একপ্ৰকাৰৰ কৃত্ৰিম ভাষা৷ ই স্বাভাৱিকভাৱে সৃষ্টি নহয়৷ (২)গুপ্তভাষাই স্বাভাৱিক ভাষাৰ ব্যাকৰণ মানি চলে৷ (৩) গুপ্তভাষা সৰ্বসাধাৰণ লোকে বুজি নাপায়৷ (৪) গুপ্তভাষা উদ্দেশ্যমূলকভাৱে সৃষ্টি কৰা হয়৷ (৫) গুপ্তভাষা ব্যৱহাৰকাৰীয়ে নিজৰ সুবিধামতে সৃষ্টিৰ পদ্ধতি অৱলম্বন কৰে৷

গুপ্তভাষা সৃষ্টিৰ পদ্ধতি[সম্পাদনা কৰক]

গুপ্তভাষা কৃত্ৰিম ভাষাগুচ্ছৰ অন্তৰ্গত৷ এই ভাষা একোটা সৰু সৰু গোটৰ মাজত বিশেষ উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল৷ অৱশ্যে চেমনীয়া সকলৰ মাজতো ই প্ৰচলিত৷ গুপ্তভাষা সৃষ্টিৰ কিছু পদ্ধতি হ’ল, (১) অক্ষৰ ওলোটাই ব্যৱহাৰ কৰা৷ (২) কোনো শব্দৰ প্ৰচলিত অৰ্থৰ সলনি আন অৰ্থত ব্যৱহাৰ কৰা৷ (৩) শব্দৰ আগত বা মাজত বা পাছত নতুন ধ্বনি বা আখৰ সংযোগ কৰি৷ (৪) আখৰৰ সলনি সংখ্যা বা সংখ্যাৰ সলনি আখৰ বা দিন বা মাহৰ নাম আদিৰ উল্লেখ৷[7] এইবোৰৰ উপৰি, আমাৰ সমাজত প্ৰাচীন কালত জাত-পাতৰ বৰ ধৰা-বন্ধা নিয়ম আছিল৷ ড° দিলীপ দত্তৰ “ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ’’ নামৰ কিতাপখনত আমোদজনকভাবে উল্লেখ আছে যে এঘৰলৈ অচিনাকি আলহী অহাত আলহীয়ে বুজিব নোৱৰাকৈ ইংগিতবাচক শব্দ ব্যৱহাৰ কৰি কথা পতা হৈছিল৷ এইবোৰো গুপ্তভাষাৰ ভিতৰুৱা বুলিব পাৰি, অৱশ্যে ই এটা ধৰাবন্ধা গোটৰ মাজতেই নচলে বাবে ইয়াৰ প্ৰয়োগ অতি সীমিত৷ এটি উদাহৰণঃ প্ৰশ্নঃ “আলহীৰনো মাহডলাটো কি?’’ (মাহডলা=জাত) উত্তৰঃ ব’হাগত যে মাতে৷ (কুলি) অৰ্থাৎ “আলহী কুলী সম্প্ৰদায়ৰ’’৷[8]

অসমত গুপ্তভাষা[সম্পাদনা কৰক]

অসমতো অতীজৰে পৰা গুপ্তভাষাৰ প্ৰচলন আছে৷ ইয়াৰ ভিতৰত দৰঙী গুপ্তভাষা, বণিয়া বা সোণাৰীৰ গুপ্তভাষা আৰু মৰিয়া গুপ্তভাষা৷ দৰঙৰ মঙলদৈ অঞ্চলৰ ব্যাসপাৰাৰ দৈৱজ্ঞসকলে নিজৰ মাজত গুপ্তভাষাৰে কথা পাতিছিল৷ এইবোৰ ঠাৰ ভাষাৰূপে জনাজাত৷ ঠাৰ মানে ইংগিত, পোনকৈ নকৈ প্ৰকাৰান্তৰে বুজোৱা কথা৷ এই ঠাৰ কেইবাপ্ৰকাৰৰ৷ হস্ত মূদ্ৰাৰ ঠাৰ, বৰৰুচিৰ ঠাৰ, জ/চ ঠাৰ, স্বৰচিহ্নৰ সংকেত, ওলোটা ঠাৰ, আদি৷ আনহাতে, সোণাৰী বা বণিয়া সম্প্ৰদায়ৰ মানুহে তেওঁলোকৰ ব্যৱসায়ৰ স্বাৰ্থত কিছুমান গুপ্তভাষাত ভাৱ বিনিময় কৰে৷ বৰ্তমানো এই ভাষাটো বণিয়া সম্প্ৰদায়ৰ মাজত চলে৷ আকৌ মৰিয়া সম্প্ৰদায়ৰ মাজত মৰিয়া গুপ্তভাষা বুলি এটা ভাষাৰ প্ৰচলন আছে৷ পৰদেশৰ পৰা আহি অসমত ব্যৱসায় বণিজ কৰোঁতে ৰজাঘৰীয়া-প্ৰজাঘৰীয়া সকলোৰে পৰ নিজৰ বৃত্তিটোৰ গোপনীয়তা ৰক্ষাৰ বাবেই সম্ভৱ এই ভাষা গঢ় লৈ উঠিছিল৷[9] গুপ্তভাষা বিভিন্ন উদ্দেশ্যেৰে সময়ে সময়ে গঢ় লৈ উঠি গঢ় লোৱাৰ উদ্দেশ্য সফল কৰি আহিছে৷ আনহাতে, চেমনীয়াসকলে মনোৰঞ্জনৰ অৰ্থে একোটা সৰু সৰু গোটত ভাগ হৈ এনে গুপ্তভাষাৰে মনৰ ভাব প্ৰকাশ কৰি নিজৰ সৃষ্টিশীলতাক গতি দি ভাষা সৃষ্টিত অৰিহণাও যোগাই আহিছে৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://mondro.org/2020/01/11/%E0%A6%89%E0%A6%B2%E0%A6%9F-%E0%A6%8F%E0%A6%95%E0%A6%9F-%E0%A6%97%E0%A6%AA%E0%A6%A8-%E0%A6%AD%E0%A6%B7/
  2. চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ, ড° প্ৰণৱ জ্যোতি ডেকা, বান্ধৱ, পৃ: নং; ১৬
  3. https://www.factmonster.com/features/speaking-language/secret-languagesmystery-messages
  4. https://www.merriam-webster.com/dictionary/argot
  5. ভাষা চিন্তাৰ ৰেঙনি, ড° খগেশ সেন ডেকা, জ্যোতি প্ৰকাশন, পৃ:নং, ৬২
  6. https://www.dhakatimes24.com/2022/02/21/251109/%E0%A6%AC%E0%A7%87%E0%A6%A6%E0%A7%87-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A6%BE%E0%A7%9F%E0%A7%87%E0%A6%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A7%81%E0%A6%AA%E0%A7%8D%E0%A6%A4-%E0%A6%A0%E0%A6%BE%E0%A6%B0-%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE-%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A7%87-%E0%A6%A1%E0%A6%BF%E0%A6%86%E0%A6%87%E0%A6%9C%E0%A6%BF-%E0%A6%B9%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%AC%E0%A7%87%E0%A6%B0-%E0%A6%AC%E0%A6%87-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A6%A8-%E0%A6%86%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4
  7. https://kkhsou.ac.in/eslm/E-SLM_Main/4th%20Sem/Bachelor%20Degree/Elective%20Assamese/Elective%20Assamese%20Block%20-1/Unit%20-%205.pdf[সংযোগবিহীন উৎস]
  8. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ:নং; ৭১
  9. ভাষা চিন্তাৰ ৰেঙনি, ড° খগেশ সেন ডেকা, জ্যোতি প্ৰকাশন, পৃ: নং; ৭২-৮০