গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গুৱাহাটী ৰ'পৱেৰ পৰা পুনঃনিৰ্দেশিত)

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’গুৱাহাটী মহানগৰীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেৰে উত্তৰ গুৱাহাটীক সংযোগ কৰিছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২ কিলোমিটাৰ। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰাপাৰ হ’বলৈ প্ৰয়োজন হ’ব ৭ মিনিট। এইটো ভাৰতৰ আটাইতকৈ দীঘল নদী ৰোপৱে’ বুলি স্বীকৃত হৈছে। ইয়াত এবাৰত ৩২ জনকৈ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। যাত্ৰীৰ নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা থকা এই প্ৰকল্পটো সম্পূৰ্ণ কৰি তুলিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান Samir Damodar Rope way Pvt. Ltd.–এ। ব্ৰহ্মপুত্ৰৰ মাজত চাৰিটাকৈ টাৱাৰৰ জৰিয়তে উত্তৰ গুৱাহাটীলৈ সংযোগ হৈছে এই ৰোপৱে’। এই প্ৰকল্পটোত মুঠ ব্যয় হৈছে ৫৬ কোটি টকা। এই ৰোপৱে’ৰ চোৱাচিতাৰ দায়িত্বত থাকিব নিৰ্মাণকাৰী প্ৰতিষ্ঠানটো। এই ৰজ্জু পথৰ তত্ত্বাৱধানত আছে জি এম ডি এৰ (GMDA)। প্ৰকল্পটো হাতত লোৱা হৈছিল ২০০৯ চনত। কাম আৰম্ভ হয় ২০১১ চনত। কিন্তু পৰিবেশ আৰু আইনি জটিলতা তথা প্ৰযুক্তিগত সমস্যাৰ বাবে কাম-কাজ থমকি ৰৈছিল। পুনৰ কাম-কাজ আৰম্ভ হয় ২০১৭ চনৰপৰা। বিগত বৰ্ষৰ ডিছেম্বব মাহত এই ৰজ্জুপথৰ নিৰ্মাণ সমাপ্ত হৈছিল। ২০২০ চনৰ ২৪ আগষ্টত ইয়াক ৰাইজৰ বাবে মুকলি কৰা হয়। সম্প্ৰতি পুৱা ৮ বজাৰ পৰা বিয়লি ৬ বজালৈ এই সেৱা মুকলি থাকিব। এবাৰত পাৰ হ’বলৈ ব্যয় কৰিব লাগিব ৬০ টকা। তাৰ বিপৰীতে অহা যোৱা কৰিলে যাত্ৰীয়ে ভৰিব লাগিব ১০০ টকা।

দলংখনৰ বিষয়ে তথ্য[সম্পাদনা কৰক]

  • সংযোগ সাধন: গুৱাহাটী-উত্তৰ গুৱাহাটী
  • প্ৰকল্পৰ আৰম্ভণি: ২০০৯
  • কাম আৰম্ভ: ২০১১
  • কাম সমাপ্তি: ডিছেম্বৰ ২০১৯
  • উদ্বোধন: ২৪ আগষ্ট ২০২০
  • মুঠ ব্যয়: ৫৬ কোটি টকা
  • নিৰ্মাণকাৰী প্ৰতিষ্ঠান: Samir Damodar Rope way Pvt. Ltd.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]