গেছ টাৰ্বাইন
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
গেছ টাৰ্বাইন (ইংৰাজী: Gas turbine) হৈছে এক প্ৰকাৰৰ অন্তৰ্দাহী ইঞ্জিন যি চলিবৰ বাবে আৱশ্যক হোৱা শক্তি জ্বলনশীল গেছৰ প্ৰবাহৰ দ্বাৰা লাভ কৰে। ইয়াক দহন টাৰ্বাইন (combustion turbine)-ও বোলা হয়।
বিদ্যুৎ উৎপাদন
[সম্পাদনা কৰক]গেছ টাৰ্বাইনে যিকোনো পৰিস্থিতিতে বিদ্যুৎ উৎপাদন কৰিব পাৰে। বিদ্যুৎ উৎপাদনত সচৰাচৰ ব্যৱহৃত জলবিদ্যুতৰ উৎপাদন বৰষুণৰ ওপৰত নিৰ্ভৰশীল। বৰষুণ কম হলে বা পৰ্যাপ্ত নহ'লে জলবিদ্যুৰ উৎপাদন নহয়। সেইদৰে বন্ধ অবস্থাৰ পৰা তাপবিদ্যুৰ উৎপাদন আৰম্ভ কৰি বিদ্যুতৰ যোগান পাবলৈও কেইবা ঘণ্টা লাগে। গেছ টাৰ্বাইনৰ এইবোৰ অসুবিধা নাই। আজিকালি বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰত যিবোৰ জেনেৰেটৰ ছেট ব্যৱহাৰ হয়,গেছ টাৰ্বাইনো বহু পৰিমানে এনেধৰণৰ। প্ৰয়োজন হোৱা মাত্ৰকে ইয়াক চলাব পাৰি আৰু লগে লগে বিদ্যুতো পোৱা যায়; মাত্ৰ কেইছেকেণ্ড মানতে ইয়াক বন্ধ কৰাৰো সুবিধা আছে। গেছ টাৰ্বাইনৰ বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ খৰচৰ কম। যিকোনো স্থানত এই বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰিব পাৰি। যান্ত্ৰিক জটিলতাও কম। গেছ টাৰ্বাইনৰ সহায়ত বিদ্যুৎ উৎপাদনৰ ভালেখিনি সুবিধা আছে যদিও আমোদজনক কথাটো হ'ল ইয়াক প্ৰথমতে বিদ্যুৎ উৎপাদনৰ বাবে তৈয়াৰ কৰা হোৱা নাছিল। বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে ইয়াক নিৰ্মাণ কৰিছিল উৰাজাহাজৰ ইঞ্জিনৰ বাবেহে।
১৯৩৯ চনত ছুইজাৰলেণ্ডত পৰীক্ষামূলকভাবে বিদ্যুৎ উৎপাদন কৰোঁতে প্ৰথম গেছ টাৰ্বাইন ব্যৱহাৰ কৰা হয়। প্ৰযুক্তিগত কাৰণত আৰু লাভজনক নোহোৱা বাবে বিদ্যুৎ উৎপাদনত প্ৰথমতে গেছ টাৰ্বাইন সিমান জনপ্ৰিয় হোৱা নাছিল। ষাঠিৰ দশকত উৰাজাহাজৰ ইঞ্জিনৰ টাৰ্বা-জেট প্ৰযুক্তি ব্যৱহাৰ হোৱাৰ পাছত গেছ টাৰ্বাইনৰ প্ৰভূত উন্নতি হয়। ফলত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰ দ্ৰুতভাবে বাঢ়িবলৈ লয়। আমেৰিকা আৰু ইউৰোপৰ বহু দেশত অলপদিনৰ ভিতৰতে অসংখ্য গেছ টাৰ্বাইন বিদ্যুৎ কেন্দ্ৰ গঢ়ি উঠে। ভাৰতৰো বহু ৰাজ্যত গেছ টাৰ্বাইনেৰে বিদ্যুৎ উৎপাদন কৰা কেন্দ্ৰ আছে।
বিদ্যুৎ উৎপাদনৰ কামত ব্যৱহৃত গেছ টাৰ্বাইন দুই ধৰণৰ; 'অপেন চাইকল' আৰু 'ক্লোজড চাইকল'। প্ৰথম ধৰণৰ টাৰ্বাইনৰ পৰা ৰ্নিগত গেছে পোনে পোনে বায়ুমণ্ডলত মিহলি হৈ যায়। আনহাতে দ্বিতীয় ধৰণৰ টাৰ্বাইনৰ পৰা ৰ্নিগত গেছ পুনৰ ব্যৱহাৰ বাবে কামত লগোৱা হয়। যিকোনো গেছ টাৰ্বাইন বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰিচালন ব্যৱস্থা স্বয়ংক্ৰিয়। আজিকালি অধিকাংশ গেছ টাৰ্বাইন কেন্দ্ৰ সক্ৰিয় আৰু নিস্ক্ৰিয় কৰা হয় হাই স্পিড ডিজেলৰ সহায়ত। সেয়েহে প্ৰতি ইউনিট বিদ্যুৎ উৎপাদনৰ খৰচ তাপবিদ্যুত বা জলবিদ্যুত কেন্দ্ৰতকৈ অনেক বেছি হয়গৈ। তথাপি গেছ টাৰ্বাইনৰ সহায়ত বিদ্যুৎ উৎপাদনৰ সুবিধা বহুত বেছি। হঠাৎ বিদ্যুৎ বিতৰণ ব্যৱস্থাত কম্পনাংক কমি গ'লে বা কোনো কাৰণত সকলো তাপবিদ্যুত কেন্দ্ৰ বন্ধ হৈ গ'লে সেইবোৰ কাৰ্যক্ষম কৰাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক বিদ্যুৎ তৎক্ষণাত যোগাৰ কৰিব পাৰে একমাত্ৰ গেছ টাৰ্বাইন।