গোপাল মিশ্ৰ
গোপাল মিশ্ৰ (ইংৰাজী: Gopal Mishra) গোপাল মিশ্ৰ দামোদৰৰ শিষ্য আৰু খুদীয়া সত্ৰৰ প্ৰতিষ্ঠাতা। এওঁ খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত জন্ম গ্ৰহণ কৰে আৰু সপ্তদশ শতিকাৰ প্ৰথম ভাগলৈকে সম্ভৱতঃ জীৱিত আছিল। গোপাল মিশ্ৰৰ উপাধিও 'কবিৰত্ন' আছিল। এওঁ ভট্টদেৱৰ পৰম সুহৃদ আছিল আৰু পৰস্পৰে 'সখি' বুলি সম্বোধন কৰিছিল। গোপাল মিশ্ৰই কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ কথা তেওঁ উল্লেখ কৰিছে; কিন্তু 'ঘোষাৰত্ন'ৰ বাহিৰে বাকী 'শঙ্খচূড়-বধ', 'মহিষাসুৰ-বধ' আদি গ্ৰন্থ এতিয়ালৈকে আৱিষ্কৃত হোৱা নাই। 'ঘোষাৰত্ন' নামঘোষা শ্ৰেণীৰ গ্ৰন্থ। নানা ধৰণৰ পুৰাণ, গীতা, সংহিতা আদিৰপৰা বিষয় সংগ্ৰহ কৰি নবধা ভক্তি, শৰণ, ভজন আদিৰ মাহাত্ম্য আৰু উপযোগিতা বৰ্ণনা কৰা হৈছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ মতে ১৫৮৮ খ্ৰীষ্টাব্দত এই পুথি ৰচনা কৰা হয়; কিন্তু দৰাচলতে এই গ্ৰন্থ 'নাম-ঘোষা'ৰ পাছতহে ৰচিত হৈছিল, গতিকে খ্ৰী. ১৬০০ মানতহে এই গ্ৰন্থ ৰচিত হৈছিল। গোপাল মিশ্ৰৰ পাণ্ডিত্য আৰু ভক্তিৰ পৰিচায়ক গ্ৰন্থখনৰ নাম হ’ল 'ঘোষাৰত্ন' গ্ৰন্থখন।[1]
জন্ম
[সম্পাদনা কৰক]খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত গোপাল মিশ্ৰৰ জন্ম হয়। [2]
সাহিত্যৰাজি
[সম্পাদনা কৰক]গ্ৰন্থ
[সম্পাদনা কৰক]- ঘোষাৰত্ন (১৬০০)
- শঙ্খচূড়-বধ (এতিয়ালৈকে আবিষ্কৃত হোৱা নাই)
- মহিষাসুৰ-বধ (এতিয়ালৈকে আবিষ্কৃত হোৱা নাই)[3]
মৃত্যু
[সম্পাদনা কৰক]গোপাল মিশ্ৰ মৃত্যু বিষয়ে সঠিক সংবাদ পোৱা নাযায় তেখেত সপ্তদশ শতিকাৰ প্ৰথম ভাগলৈকে জীৱিত আছিল বুলি অনুমান কৰা হয়।