গৌৰৱ চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৌৰৱ চৌধুৰী
ব্যক্তিগত তথ্য
জন্ম ৭ মে',১৯৯১ (বয়স : ৩০)
আজমীৰ, ৰাজস্থান
জাতীয়তা ভাৰতীয়
শিক্ষা Birla Institute of Technology & Science Pilani - Dubai Campus
জীৱিকা Nano-science researcher, YouTuber, Tech blogger
ইউটিউবৰ তথ্য
চেনেলসমূহ Technical Guruji
Gaurav Chaudhary
অৱস্থান ডুবাই
সক্ৰিয় হৈ থকা সময় ২০১৫- বৰ্তমান
প্ৰকাৰ প্ৰযুক্তিবিদ্যা
চাবস্ক্ৰাইবাৰৰ সংখ্যা ২২ মিলিয়ন ( Technical Guruji) ৫.২১ মিলিয়ন (Gaurav Chaudhary)
সৰ্বমুঠ দৰ্শন ২.৯৭ বিলিয়ন ( Technical Guruji) ৩০৬.৩৮ মিলিয়ন (Gaurav Chaudhary)
আন কাৰ্য Sharmaji Technical, GeekyRanjit, Mumbiker Nikhil, Amit Bhawani (PhoneRadar), Flying Beast
১,০০,০০০ চাবস্ক্ৰাইবাৰ ২০১৬(Technical Guruji) ২০১৮ (Gaurav Chaudhary)
১০,০০,০০০ চাবস্ক্ৰাইবাৰ ২০১৭ (Technical Guruji) ২০১৮(Gaurav Chaudhary)
১,০০,০০,০০০ চাবস্ক্ৰাইবাৰ ২০১৯ (Technical Guruji)

গৌৰৱ চৌধুৰী (ইংৰাজী: Gaurav Chaudhary) (জন্ম:৭ মে" ১৯৯১) এগৰাকী ভাৰতীয় ইউটিউবাৰ। তেওঁ "Technical guruji" হিচাপে জনাজাত। চৌধুৰী প্ৰযুক্তিবিদ্যা বিষয়ত ইউটিউবত হিন্দী ভাষাৰ ভিডিঅ' নিৰ্মাণৰ বাবে জনপ্ৰিয়।[1] ২০২১ বৰ্ষৰ মাৰ্চ মাহ পৰ্যন্ত 'Gaurav Chaudhary', Technical Guruji' আৰু 'TG SHORTS' চেনেল কেইটাই ২৬.২ মিলিয়ন চাবস্ক্ৰাইবাৰ আৰু ২.৮ বিলিয়ন দৰ্শক অতিক্ৰম কৰিছে। তেওঁক ফৰ্বছ ইণ্ডিয়াৰ Forbes 30 Under 30 ৰ তালিকতো স্থান দিয়া হৈছিল।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

চৌধুৰীৰ জন্ম হয় ৭ মে',১৯৯১ চনত ৰাজস্থানৰ আজমীৰত।[3] তেওঁ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল[4] আৰু ২০১২ চনত ডুবাই চৌহদৰ BITS পিলানিত মাইক্ৰ'ইলেক্ট্ৰনিকছত ডিগ্ৰী লাভ কৰিবলৈ ডুবাইলৈ ৰাওনা হয়।

কেৰিয়াৰ[সম্পাদনা কৰক]

চৌধুৰীয়ে ২০১৫ চনৰ অক্টোবৰত মুখ্যতঃ পৰামৰ্শ আৰু সামগ্ৰীৰ সমীক্ষা বিষয়ক ভিডিঅ'-ৰ দ্বাৰা তেওঁৰ ইউটিউব চেনেল টেকনিকেল গুৰুজী ( Technical Guruji) মুকলি কৰিছিল।[5] ২০১৭ চনত, চৌধুৰীয়ে Gaurav Chaudhary নামে অন্য এটা চেনেল সৃষ্টি কৰিছিল য’ত গৌৰৱ চৌধুৰীয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে সময়ে সময়ে ভিডিঅ' আপলোড কৰে।

ছেপ্টেম্বৰ ২০১৮-ত, টেকনিকেল গুৰুজীক প্ৰযুক্তি বিষয়ক ইউটিউব চেনেলৰ নৱম সৰ্বাধিক চাবস্ক্ৰাইবাৰ থকা চেনেল হিচাপে স্থান দিয়া হৈছিল। ১২.৮ নিযুতৰো অধিক চাবস্ক্ৰাইবাৰ অতিক্ৰম কৰা প্ৰথম ইউটিউবাৰ হিচাপে ২০১৮ চনৰ নৱেম্বৰত তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল। গৌৰৱ চৌধুৰী-এ ইউটিউব ৰিৱাইণ্ড ২০১৮ আৰু ২০১৯টো অংশ লৈছিল। [6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ananya jain. "Gaurav Chaudhary AKA Technical Guruji: India's Most Successful Youtuber". https://www.indiatimes.com/lifestyle/technical-guruji-biography-519651.html। আহৰণ কৰা হৈছে: 14 April 2022. 
  2. "Forbes India 30 Under 30: Meet the Class of 2020". forbes. https://www.forbesindia.com/lists/30-under-30-2020/1829/all। আহৰণ কৰা হৈছে: 14 April 2022. 
  3. "Desi dreams: The rise of Indian internet content creators abroad". https://economictimes.indiatimes.com/magazines/panache/people/desi-dreams-the-rise-of-indian-internet-content-creators-abroad/articleshow/71777206.cms। আহৰণ কৰা হৈছে: 14 April 2022. 
  4. "Gaurav Chaudhary AKA Technical Guruji: India's Most Successful Youtuber". https://www.indiatimes.com/lifestyle/technical-guruji-biography-519651.html। আহৰণ কৰা হৈছে: 14 April 2022. 
  5. "Meet the world’s largest tech YouTuber: Now a columnist for HT Brunch!". hindustantimes.com. Sep 11, 2020. https://www.hindustantimes.com/brunch/english-is-considered-a-necessity-for-tech-videos-i-wanted-break-that-barrier-gaurav-chaudhary-aka-technicalguruji/story-hNcpwbqvjDaiwtOyOjD0AM.html। আহৰণ কৰা হৈছে: 14 April 2022. 
  6. "YouTube Rewind 2018 Video Out Now; Gets More Downvotes Than Upvotes". Archived from the original on 15 February 2022. https://web.archive.org/web/20220215163434/https://www.bgr.in/news/youtube-rewind-2018-more-downvotes-than-upvotes-will-smith-fortnite-technical-guruji-reddit-memes-742286/। আহৰণ কৰা হৈছে: 14 April 2022.