গৌৰ গোপাল দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
His Grace

গৌৰ গোপাল দাস

২০১৭ বৰ্ষৰ এক অনুষ্ঠানত গৌৰ গোপাল দাস
ব্যক্তিগত
ধৰ্ম হিন্দু
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশধৰ ব্ৰহ্ম-মধ্য-গৌড়ীয় সম্প্ৰদায়
Sect বৈষ্ণৱবাদ
(গৌড়ীয় বৈষ্ণৱবাদ)
উল্লেখযোগ্য কৰ্ম Life's Amazing Secrets: How to Find Balance and Purpose in Your Life
The Way of the Monk: The Four Steps to Peace, Purpose and Lasting Happiness
মাতৃশিক্ষায়াতন
  • কাচৰৌ ৱাডিয়া ইনষ্টিউট অৱ টেকন'ল'জী, পুনে
  • কলেজ অৱ ইঞ্জিনীয়াৰিং, পুনে
অন্য নাম গৌৰ গোপাল প্ৰভু
মন্দিৰ ইস্কন(ISKCON)
দৰ্শন অচিন্ত্য ভেদ অভেদ
জ্যেষ্ঠ বিষয়বাব
শিক্ষক ৰাধানাথ স্বামী
কাৰ্যালয়ত সময় ১৯৯৬-বৰ্তমান
Initiation দীক্ষা: ১৯৯৬
বিষয়বাব ব্ৰহ্মচাৰী
ৱেবছাইট https://gaurgopaldas.com/

গৌৰ গোপাল দাস (Gaura-Gopāla dāsa) এগৰাকী খ্যাতনামা ভাৰতীয় জীৱনশৈলী প্ৰশিক্ষক আৰু প্ৰেৰণাদায়ক বক্তা। তেওঁ পূৰ্বতে এইছ পি(Hewlett Packard- HP)-ত অভিযন্তা হিচাপে কৰ্মৰত আছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ সচেতনতা সমাজ(ইস্কন) (International Society for Krishna Consciousness-ISKCON)ৰ এগৰাকী সদস্য। [1]

জীৱনী[সম্পাদনা কৰক]

গৌৰ গোপাল দাসৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ পুনে জিলাত। তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিক বিদ্যা (ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং) বিষয়ত পুনেৰ কাচৰৌ ৱাডিয়া ইনষ্টিউট অৱ টেকন'ল'জীৰ পৰা ডিপ্ল'মা আৰু কলেজ অৱ ইঞ্জিনীয়াৰিঙৰ পৰা একেই বিষয়ত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পূৰ্বতে এইছ পি(Hewlett Packard- HP)-ত এক চমু সময়ৰ বাবে অভিযন্তা হিচাপে কৰ্মৰত আছিল। পিছত তেওঁ সেই চাকৰি পৰিত্যাগ কৰি এগৰাকী জীৱনশৈলী প্ৰশিক্ষক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। [2]

২০১৮ চনত গৌৰ গোপাল দাসৰ দ্বাৰা ৰচিত Life's Amazing Secrets শীৰ্ষক গ্ৰন্থখনি প্ৰকাশিত হয়।[3] এগৰাকী প্ৰসিদ্ধ বক্তা হিচাপে খ্যাত দাসক কলিঙ্গ ইনষ্টিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন'ল'জীয়ে সন্মনীয় ডক্টৰেট উপাধি প্ৰদান কৰিছিল।[4] তেওঁৰ ইউটিউব চেনেলত ৩.৯ মিলিয়নতকৈও অধিক দৰ্শকে অনুসৰণ কৰাৰ লগতে তেওঁৰ ভিডিঅ'সমূহ ১৭৭ মিলিয়নতকৈও অধিকবাৰ দৰ্শন হৈছে।[5]

প্ৰকাশিত গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • গৌৰ গোপাল দাস (২০১৮). Life's Amazing Secrets: How to Find Balance and Purpose in Your Life. [3][6]
  • গৌৰ গোপাল দাস (২০২০). The Way of the Monk: The Four Steps to Peace, Purpose and Lasting Happiness.

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Patwa, Priyadarshini (24 October 2019). "Gaur Gopal Das Talks About 3 Support System Entrepreneurs Need To Beat The Odds" (en ভাষাত). Entrepreneur. https://www.entrepreneur.com/article/341252। আহৰণ কৰা হৈছে: 17 March 2020. 
  2. "The monk who HAM-ed it up". The Hindu. https://www.thehindubusinessline.com/specials/the-monk-who-hamed-it-up/article9487959.ece। আহৰণ কৰা হৈছে: 18 January 2017. 
  3. 3.0 3.1 "Crossword Bookstores hosts Juhi Chawla at Monk Gaur Gopal Das' book launch - 'Life's Amazing Secrets'". The Hans India. https://www.thehansindia.com/posts/index/National/2018-10-09/Crossword-Bookstores-hosts-Juhi-Chawla-at-Monk-Gaur-Gopal-Das-book-launch---Lifes-Amazing-Secrets/421716। আহৰণ কৰা হৈছে: 9 October 2018. 
  4. "Odisha Governor Enlightens Audience Through His Oratorical Brilliance". KIIT University. http://news.kiit.ac.in/kiitnews/odisha-governor-enlightens-audience-through-his-oratorical-brilliance/। আহৰণ কৰা হৈছে: 10 November 2018. 
  5. Bakshi, Asmita (16 February 2019). "Swipe right for spirituality" (en ভাষাত). Livemint. https://www.livemint.com/mint-lounge/features/the-millennial-and-the-mystic-1550225926294.html। আহৰণ কৰা হৈছে: 17 March 2020. 
  6. "The HT Nielsen bestseller list for Week 28 of 2020" (en ভাষাত). Hindustan Times. 17 July 2020. https://www.hindustantimes.com/books/the-ht-nielsen-bestseller-list-for-week-28-of-2020/story-XCnbtoDtXv27i3LbfY39ZK.html। আহৰণ কৰা হৈছে: 18 July 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]