সমললৈ যাওক

গ্ৰন্থচিহ্ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ্ৰন্থচিহ্ন বা বুকমাৰ্ক (ইংৰাজী: Bookmark) হৈছে গ্ৰন্থ এখনৰ পৃষ্ঠা চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰা চামৰা, কাৰ্ড বা আন সামগ্ৰীৰ পটি।[1] পঢ়ুৱৈৰ পঢ়ন-প্ৰগতিৰ হিচাপ ৰাখিবৰ বাবে আৰু এৰি থৈ যোৱা পৃষ্ঠাটো কম সময়ৰ ভিতৰতে বিচাৰি চাবৰ বাবে গ্ৰন্থচিহ্ন ব্যৱহৃত হয়। কেতিয়াবা গ্ৰন্থচিহ্ন হিচাপে কাগজ, ধাতৱ সঁজুলি, কাপোৰ, ৰেচম, ৰচীও ব্যৱহাৰ কৰা হয়। কিছুমান ছপা কিতাপৰ বাইণ্ডিঙতে ফিটা বা ৰিবনৰ দ্বাৰা নিৰ্মিত একাধিক গ্ৰন্থচিহ্ন থাকিব পাৰে।

চিত্ৰবিথিকা

[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. "bookmark". Archived from the original on 24 August 2022. https://web.archive.org/web/20220824090128/https://www.lexico.com/definition/bookmark আহৰণ কৰা হৈছে: 25 December 2020.