সমললৈ যাওক

গ্ৰন্থমেলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম গ্ৰন্থমেলা

গ্ৰন্থমেলা গ্ৰন্থমেলা হ'ল এটা বাণিজ্যিক অনুষ্ঠান য'ত প্ৰকাশকে কিতাপ প্ৰদৰ্শন আৰু বিক্ৰী কৰে। গ্ৰন্থমেলা হৈছে গ্ৰন্থ প্ৰকাশক, বিক্ৰেতা, লেখক, পাঠক আৰু সাহিত্য-অনুৰাগীসকলৰ সমাগমত অনুষ্ঠিত হোৱা এক প্ৰকাৰৰ সাংস্কৃতিক আৰু বাণিজ্যিক অনুষ্ঠান। গ্ৰন্থমেলাত বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে নিজৰ প্ৰকাশিত গ্ৰন্থ প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ লগতে লেখক-পাঠক সাক্ষাৎ, গ্ৰন্থ উন্মোচন, আলোচনা-চক্ৰ, সাহিত্যিক অনুষ্ঠান, বক্তৃতা, কৰ্মশালা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে।[1] ছপাখানাৰ আৱিষ্কাৰৰ লগে লগে সমগ্ৰ বিশ্বত গ্ৰন্থৰ প্ৰচাৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত জ্ঞান-বিজ্ঞানৰ সীমা বিস্তৃত হ’বলৈ ধৰে। আগতে গ্ৰন্থ ৰচিত হৈছিল যদিও সেইবোৰ মুষ্টিমেয় মানুহৰ হাতত থুপ খাই আছিল। তাৰপৰা বাহিৰা মানুহ বৰ বিশেষ লাভৱান হ’ব পৰা নাছিল। এতিয়া বিশ্বৰ বিভিন্ন ঠাইত গ্ৰন্থ পাব পৰা হৈছে মুদ্ৰাযন্ত্ৰ আৰু যোগাযাগ ব্যৱস্থাৰ উন্নতিৰ কাৰণে গ্ৰন্থ সমূহে আমাক পঠনৰ এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰিব পাৰিছে৷।[2]

গ্ৰন্থমেলাৰ উদ্দেশ্য

[সম্পাদনা কৰক]

গ্ৰন্থমেলাৰ মূল উদ্দেশ্য হৈছে গ্ৰন্থ আৰু পাঠকৰ মাজত সংযোগ স্থাপন কৰা, পঠন-সংস্কৃতিৰ বিকাশ ঘটোৱা আৰু গ্ৰন্থ প্ৰকাশন তথা সাহিত্য-সংস্কৃতিৰ প্ৰসাৰ সাধন কৰা। ইয়াত বিভিন্ন বিষয়ৰ সাহিত্য, ইতিহাস, বিজ্ঞান, দৰ্শন, শিশু সাহিত্য, শিক্ষামূলক গ্ৰন্থ, অভিধান আৰু গৱেষণামূলক গ্ৰন্থ আদি একে স্থানতে উপলব্ধ হয়। বিশেষকৈ নতুন লেখক আৰু প্ৰকাশকসকলৰ বাবে গ্ৰন্থমেলা নিজৰ সৃষ্টি আৰু প্ৰকাশন জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। বিশ্বৰ বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত হয়। ভাৰততো বিভিন্ন ৰাজ্য আৰু মহানগৰত বৃহৎ পৰিসৰত গ্ৰন্থমেলা অনুষ্ঠিত হয়। অসমত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা, গুৱাহাটী গ্ৰন্থমেলা আদি অনুষ্ঠানৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ লগতে অন্যান্য ভাষাৰ গ্ৰন্থৰ প্ৰচাৰ আৰু বিক্ৰী কৰা হয়।[3] গ্ৰন্থমেলাসমূহে কেৱল গ্ৰন্থ বিক্ৰীৰ ক্ষেত্ৰতেই নহয়, সমাজত পঠন অভ্যাস, জ্ঞানচৰ্চা আৰু সাহিত্য-সংস্কৃতিৰ পৰিৱেশ গঢ়ি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গ্ৰন্থমেলাৰদ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হ’ব পাৰে বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীয়ে ইয়াত উপলব্ধ কিতাপ সংগ্ৰহ কৰি জ্ঞান আহৰণ কৰিব পাৰে৷

গ্ৰন্থমেলাৰ উৎপত্তি আৰু ইতিহাস

[সম্পাদনা কৰক]

গ্ৰন্থমেলাৰ ইতিহাসৰ সৈতে ছপাশালৰ বিকাশ আৰু ইউৰোপত মুদ্ৰিত গ্ৰন্থৰ প্ৰসাৰৰ ধাৰাটো ঘনিষ্ঠভাৱে জড়িত। জোহানছ গুটেনবাৰ্গৰ মুদ্ৰণ প্ৰযুক্তিৰ বিকাশৰ পিছত ইউৰোপৰ বিভিন্ন বাণিজ্যিক কেন্দ্ৰত গ্ৰন্থৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে মেলা অনুষ্ঠিত হ'বলৈ আৰম্ভ কৰে। ফ্ৰেংকফুৰ্ট গ্ৰন্থমেলাৰ পৰম্পৰা মধ্যযুগলৈকে বিস্তৃত। ফ্ৰেংকফুৰ্টত হাতেৰে লিখা গ্ৰন্থৰ বাণিজ্য ১২শ শতিকাৰ পৰাই চলি অহাৰ প্ৰমাণ পোৱা যায় আৰু ১৫শ শতিকাত ছপাশালৰ বিকাশৰ পিছত মুদ্ৰক আৰু প্ৰকাশকৰ গ্ৰন্থমেলাৰ ৰূপ লয়। ১৪৬২ চনলৈকে ফ্ৰেংকফুৰ্টত মুদ্ৰক আৰু প্ৰকাশন-সম্পৰ্কীয় গ্ৰন্থবাণিজ্যৰ মেলা প্ৰতিষ্ঠিত হৈছিল।[4]

ভাৰতত আধুনিক গ্ৰন্থমেলা আন্দোলনৰ ক্ষেত্ৰত নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া (NBT)ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ১৯৫৭ চনত প্ৰতিষ্ঠিত নেচনেল বুক ট্ৰাষ্টে দেশত গ্ৰন্থ প্ৰকাশৰ লগতে গ্ৰন্থমেলা আৰু গ্ৰন্থ প্ৰদৰ্শনীৰ জৰিয়তে পঠন-সংস্কৃতিৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰে। NBT-এ ১৯৬৪ চনত ভাৰতৰ প্ৰথমখন গ্ৰন্থ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল।[5]

১৯৬৯ চনত NBT-ৰ উদ্যোগত বোম্বাইত (বৰ্তমান মুম্বাই) তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। এই গ্ৰন্থমেলা ১৬ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল।[6]

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হৈছে নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা। ১৯৭২ চনৰ ১৮ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ নতুন দিল্লীৰ প্ৰগতি মৈদানত প্ৰথমখন নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল।[7] নেচনেল বুক ট্ৰাষ্টৰ তথ্য অনুসৰি ১৯৭২ চনত আৰম্ভ হোৱা এই গ্ৰন্থমেলাই পিছলৈ এছিয়া-আফ্ৰিকা অঞ্চলৰ অন্যতম বৃহৎ গ্ৰন্থ-আয়োজন হিচাপে পৰিগণিত হয়।[8]

আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলা ভাৰতৰ অন্যতম উল্লেখযোগ্য জনসাধাৰণমুখী গ্ৰন্থমেলা। ১৯৭৬ চনত Publishers and Booksellers Guild-ৰ উদ্যোগত এই গ্ৰন্থমেলাৰ আৰম্ভণি হয়। ই মূলতঃ সাধাৰণ পাঠকৰ বাবে অনুষ্ঠিত হোৱা এক non-trade book fair হিচাপে বিশেষ পৰিচিত। গ্ৰন্থমেলাখনে আন্তৰ্জাতিক পৰিসৰ লাভ কৰাৰ লগতে বৃহৎ সংখ্যক পাঠকক আকৰ্ষণ কৰি আহিছে। ২০২৬ চনৰ ৪৯সংখ্যক গ্ৰন্থমেলাৰ ক্ষেত্ৰতো আয়োজকসকলে ইয়াক বিশ্বৰ সৰ্বাধিক উপস্থিতি থকা non-trade book festival হিচাপে উল্লেখ কৰিছে।[9] গ্ৰন্থমেলাই গ্ৰন্থৰ ক্ৰয়-বিক্ৰয়ৰ লগতে লেখক-পাঠকৰ সংযোগ, নতুন গ্ৰন্থৰ উন্মোচন, সাহিত্যিক আলোচনা, প্ৰকাশক আৰু লেখকৰ মত-বিনিময়, পঠন-সংস্কৃতিৰ প্ৰসাৰ আৰু ভাষা-সাহিত্যৰ প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক মঞ্চ হিচাপেও ভূমিকা পালন কৰি আহিছে।

অসমত গ্ৰন্থমেলা

[সম্পাদনা কৰক]

অসমত গ্ৰন্থমেলা আয়োজনৰ ইতিহাস অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থ প্ৰকাশ আৰু সাহিত্য-সংস্কৃতিৰ প্ৰসাৰৰ কাৰ্যসূচীৰ সৈতে জড়িত। অসম চৰকাৰে ১৯৫৮ চনৰ ২ মে' তাৰিখে অসম প্ৰকাশন পৰিষদ প্ৰতিষ্ঠা কৰিছিল। পৰিষদৰ অন্যতম উদ্দেশ্য আছিল অসমত গ্ৰন্থ প্ৰকাশ, সাহিত্যৰ প্ৰচাৰ আৰু অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ সাধন।[10]

অসমত সংগঠিত গ্ৰন্থমেলা আন্দোলনৰ ক্ষেত্ৰত গুৱাহাটী চহৰে বিশেষ ভূমিকা পালন কৰি আহিছে। অসম প্ৰকাশন পৰিষদে নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াৰ সহযোগত ১৯৮৪ চনত গুৱাহাটীত এখন জাতীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজন কৰে। অসম চৰকাৰৰ তথ্য অনুসৰি এই গ্ৰন্থমেলাখন সফল হৈছিল আৰু ইয়াৰ পিছত পৰিষদে ১৯৮৭ চনত কোনো বাহ্যিক প্ৰতিষ্ঠানৰ সহযোগিতা নোহোৱাকৈ প্ৰথম গুৱাহাটী গ্ৰন্থমেলা আয়োজন কৰে। ১৯৮৭ চনৰ পৰা গুৱাহাটী গ্ৰন্থমেলা নিয়মীয়াকৈ বাৰ্ষিক অনুষ্ঠান হিচাপে অনুষ্ঠিত হৈ আহিছে।[11]

গুৱাহাটী গ্ৰন্থমেলাত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতাই অংশগ্ৰহণ কৰি আহিছে। গ্ৰন্থমেলাৰ সৈতে গ্ৰন্থ উন্মোচন, সাহিত্যিক আলোচনা, লেখক-পাঠকৰ মত-বিনিময়, সাংস্কৃতিক অনুষ্ঠান আৰু সাহিত্যিকসকলক সন্মান জনোৱাৰ বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত হয়। ২০১৪ চনৰ পৰা অসম প্ৰকাশন পৰিষদে গুৱাহাটী গ্ৰন্থমেলাৰ সৈতে গুৱাহাটী সাহিত্য উৎসৱ আয়োজন কৰে।[12]

গুৱাহাটী গ্ৰন্থমেলাৰ উপৰি পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জিলাতো গ্ৰন্থমেলা অনুষ্ঠিত হ'বলৈ ধৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত বিভিন্ন স্থানত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহিছে। এই গ্ৰন্থমেলাসমূহৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পাঠক, লেখক, প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতাৰ মাজত সংযোগ স্থাপন হৈছে আৰু পঠন-সংস্কৃতিৰ প্ৰসাৰত সহায় কৰিছে।[13]

অসমৰ গ্ৰন্থমেলাৰ পৰিসৰ ক্ৰমে ৰাজ্যৰ নগৰ আৰু জিলা পৰ্যায়লৈ বিস্তৃত হৈছে। ইয়াৰ লগতে মহাবিদ্যালয়সমূহতো গ্ৰন্থমেলা আয়োজনৰ প্ৰচলন বৃদ্ধি পাইছে। ২০২৫ চনত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ত মহাবিদ্যালয় গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছিল।[14]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "Mumbai Book Fair 2026". https://www.nbtindia.gov.in/bookfairs/। আহৰণ কৰা হৈছে: 7 October 2026.
  2. ↑ "The Book Fair Crowd". https://www.thehindu.com/opinion/open-page/the-book-fair-crowd/article70755660.ece। আহৰণ কৰা হৈছে: 7 October 2026.
  3. ↑ "অসম প্ৰকাশন পৰিষদৰ ৱেবচাইট". https://publicationboardassam.com/book-fair/। আহৰণ কৰা হৈছে: 7 October 2026.
  4. ↑ "History". Frankfurter Buchmesse. https://www.buchmesse.de/en/history। আহৰণ কৰা হৈছে: 2026-10-07.
  5. ↑ "Introduction". National Book Trust, India. https://www.nbtindia.gov.in/mePSP/nbtindia.gov.in/nbtindia.gov.in/aboutus__5__history.nbt। আহৰণ কৰা হৈছে: 2026-10-07.
  6. ↑ Annual Report 1969–70 (Report). Government of India. https://dspace.gipe.ac.in/xmlui/bitstream/handle/10973/52739/GIPE-132471.pdf। আহৰণ কৰা হৈছে: 2026-10-07.
  7. ↑ "Delhi Book Fair". Utsav, Ministry of Tourism, Government of India. https://www.utsav.gov.in/view-event/delhi-book-fair-1। আহৰণ কৰা হৈছে: 2026-10-07.
  8. ↑ "Introduction". National Book Trust, India. https://www.nbtindia.gov.in/mePSP/nbtindia.gov.in/nbtindia.gov.in/aboutus__5__history.nbt। আহৰণ কৰা হৈছে: 2026-10-07.
  9. ↑ "International Kolkata Book Fair". Publishers and Booksellers Guild. https://www.kolkatabookfair.net/। আহৰণ কৰা হৈছে: 2026-10-07.
  10. ↑ "প্ৰকাশন". অসম চৰকাৰ, উচ্চ শিক্ষা সঞ্চালকালয়. https://directorateofhighereducation.assam.gov.in/as/portlets/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A6%A8। আহৰণ কৰা হৈছে: 2026-10-07.
  11. ↑ "Guwahati Book Fair". Government of Assam, Higher Education Department. https://highereducation.assam.gov.in/portlets/publications। আহৰণ কৰা হৈছে: 2026-10-07.
  12. ↑ "Publication". Government of Assam, Directorate of Higher Education. https://directorateofhighereducation.assam.gov.in/portlets/publication। আহৰণ কৰা হৈছে: 2026-10-07.
  13. ↑ "অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ". আকাশবাণী নিউজ অন এয়াৰ. 2025-08-13. https://newsonair.gov.in/as/assam-prakashan-prishad/.
  14. ↑ "অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাবিদ্যালয় গ্ৰন্থমেলা". ডিডি নিউজ অন এয়াৰ. 2025-09-06. https://www.newsonair.gov.in/as/book-fair-3/.