সমললৈ যাওক

গ্ৰেণ্ডমাষ্টাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ্ৰেণ্ডমাষ্টাৰ (ইংৰাজী: Grandmaster) হৈছে বিশ্ব দবা সংস্থা (ফিদে)ই দবা খেলুৱৈক প্ৰদান কৰা উপাধি। বিশ্ব চেম্পিয়নৰ পিছতে গ্ৰেণ্ডমাষ্টাৰ হৈছে এজন দবা খেলুৱৈয়ে লাভ কৰিব পৰা সৰ্বোচ্চ খিতাপ। এবাৰ লাভ কৰিলে উপাধিটো আজীৱন থাকি যায়। অৱশ্যে প্ৰতাৰণা কৰাৰ বাবে উপাধিটো সংস্থাই বাতিল কৰিব পাৰে।

গ্ৰেণ্ডমাষ্টাৰৰ উপাধিৰ লগতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (আই এম), ফিদে মাষ্টাৰ (এফএম), আৰু প্ৰাৰ্থী মাষ্টাৰ (চিএম)ৰ দৰে ফিদে উপাধিও লিংগ নিৰ্বিশেষে সকলো খেলুৱৈৰ বাবে মুকলি। গ্ৰেণ্ডমাষ্টাৰৰ অধিকাংশই পুৰুষ, ২০২৪ চনলৈকে মুঠ প্ৰায় ২০০০ গ্ৰেণ্ডমাষ্টাৰৰ ভিতৰত মাত্ৰ ৪২ গৰাকীহে মহিলা।[1] ইয়াৰ উপৰিও কেৱল মহিলাকহে প্ৰদান কৰা মহিলা গ্ৰেণ্ডমাষ্টাৰ( ডব্লিউ জি এম) উপাধি আছে । ইয়াৰ বাবে আৱশ্যকীয় অৰ্হতা তুলনামূলকভাৱে কম।

দবাৰ সমস্যা ৰচয়িতা আৰু সমাধানকাৰীৰ বাবেও গ্ৰেণ্ডমাষ্টাৰ উপাধি আছে, যিটো বিশ্ব ফেডাৰেচন ফৰ চেছ কম্পোজিচনে প্ৰদান কৰে (দবা ৰচনাৰ বাবে গ্ৰেণ্ডমাষ্টাৰৰ তালিকা চাওক)। আন্তঃৰাষ্ট্ৰীয় পত্ৰ দবা ফেডাৰেচনে (আইচিচিএফ) আন্তঃৰাষ্ট্ৰীয় পত্ৰ দবা গ্ৰেণ্ডমাষ্টাৰ (আইচিচিজিএম) উপাধি প্ৰদান কৰে। এই দুয়োটা সংস্থা স্বাধীন যদিও আন্তৰ্জাতিক দবা সংস্থাৰ সহযোগত কাম কৰে।

"ছুপাৰ গ্ৰেণ্ডমাষ্টাৰ" বিশ্বৰ আগশাৰীৰ খেলুৱৈক বুজাবলৈ ব্যৱহাৰ কৰা এক অনানুষ্ঠানিক শব্দ। বিগত সময়ত ই ২৬০০ তকৈ অধিক ইলো ৰেটিং থকা খেলুৱৈক বুজাইছিল, কিন্তু শীৰ্ষ খেলুৱৈৰ গড় ইলো ৰেটিং বৃদ্ধি পোৱাৰ লগে লগে সাধাৰণতে ২৭০০ তকৈ অধিক ইলো ৰেটিং থকা খেলুৱৈক বুজাবলৈ বৰ্তমানে ব্যৱহাৰ কৰা হয়‌। ছুপাৰ জিএমৰ‌ সংখ্যা প্ৰতি বছৰে যথেষ্ট বৃদ্ধি পাই আহিছে আৰু ক্ৰীড়াৰ জগতত তেওঁলোকৰ নামে স্বীকৃতি লাভ কৰিছে । সাধাৰণতে দবা খেলৰ পৰা সৰ্বাধিক উপাৰ্জন তেওঁলোকেই কৰে।[2][3]

ফিদে উপাধি কেৱল ত্ৰিমাসিক ফিদে কাউন্সিলৰ বৈঠকতহে প্ৰদান কৰা হয়। যিসকল খেলুৱৈয়ে জিএম খিতাপ লাভৰ বাবে যোগ্যতা অৰ্জন কৰিছে কিন্তু এতিয়াও ইয়াক লাভ কৰা নাই, তেওঁলোকক অনানুষ্ঠানিকভাৱে "জিএম-নিৰ্বাচিত" বুলি কোৱা হয়।[4][5][6]

বৰ্তমানৰ নিয়ম

[সম্পাদনা কৰক]

গ্ৰেণ্ডমাষ্টাৰ স্বীকৃতি পাবলৈ এজন খেলুৱৈয়ে তলত দিয়া দুয়োটা চৰ্ত পূৰণ কৰিব লাগিব:

  • প্ৰতিযোগিতাত মুঠ কমেও ২৭খন খেলৰ পৰা অনুকূল ফলাফল (যাক নৰ্মছ বুলি কোৱা হয়) পাব লাগিব। কিছুমান ব্যতিক্ৰম বাদ দি, প্ৰতিযোগিতা এখনত এটা নৰ্ম লাভ কৰিবলৈ:
  • প্ৰতিযোগিতাখনৰ শেষত খেলুৱৈজনৰ প্ৰদৰ্শনৰ ৰেটিং কমেও ২৬০০ হ’ব লাগিব৷
  • খেলুৱৈজনৰ কমেও ৩৩% প্ৰতিদ্বন্দ্বী গ্ৰেণ্ডমাষ্টাৰ হ’ব লাগিব৷
  • খেলুৱৈজনৰ কমেও ৫০% প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী মাষ্টাৰ আৰু মহিলা প্ৰাৰ্থী মাষ্টাৰৰ বাহিৰে আন ফিদে খিতাপধাৰী হ'ব লাগিব৷
  • খেলুৱৈজনৰ বিপক্ষৰ গড় ৰেটিং কমেও ২৩৮০ হ’ব লাগিব৷
  • খেলুৱৈজনৰ প্ৰতিদ্বন্দ্বী কমেও ৩টা ভিন্ন দবা ফেডাৰেচনৰ পৰা আহিব লাগিব, য’ত খেলুৱৈজনৰ নিজৰ ফেডাৰেচনো অন্তৰ্ভুক্ত হ’ব পাৰে।
  • খেলুৱৈজনৰ সৰ্বাধিক ৬০% প্ৰতিদ্বন্দ্বী খেলুৱৈজনৰ নিজৰ ফেডাৰেচনৰ পৰা আহিব পাৰে।
  • এজন খেলুৱৈৰ সৰ্বাধিক ৬৬% প্ৰতিদ্বন্দ্বী এখন ফেডাৰেচনৰ পৰা আহিব পাৰে।
  • ২০০০ আৰু তাৰ ওপৰৰ গড় ৰেটিং পোৱা কমেও ৪০ জন অংশগ্ৰহণকাৰী থকা চুইচ প্ৰতিযোগিতাত অন্ততঃ এটা নৰ্ম স্ক'ৰ কৰিব লাগিব।[7]

2) যিকোনো সময়তে কমেও ২৫০০ ইলো ৰেটিং (যদিও তেওঁলোকে খিতাপ লাভ কৰিবলৈ বা ৰাখিবলৈ এই স্তৰ বজাই ৰখাৰ প্ৰয়োজন নাই) পাব লাগিব।

  • ৰেটিঙৰ চৰ্ত পূৰণ কৰা বুলি গণ্য কৰা হ'ব যদিহে প্ৰতিযোগিতাৰ আৰম্ভণিতে খেলুৱৈজনৰ ৰেটিং ২৫০০ৰ তলৰ থাকে আৰু প্ৰতিযোগিতা চলি থাকোঁতে ২৫০০ ৰেটিং লাভ কৰে বা অতিক্ৰম কৰে কিন্তু শেষত ২৫০০তকৈ কম ৰেটিঙেৰে প্ৰতিযোগিতাখন সমাপ্ত কৰে।
  • বিশ্বকাপৰ অন্তিম ১৬ত প্ৰৱেশ কৰাৰ সময়ত, মহিলা বিশ্বকাপ, বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ, বা বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বিপ, বা মহাদেশীয় দবা চেম্পিয়নশ্বিপ জয় কৰাৰ সময়ত ওপৰৰ মাপকাঠীসমূহ পূৰণ নহ'লেও গ্ৰেণ্ডমাষ্টাৰ খিতাপ স্বয়ংক্ৰিয়ভাৱে প্ৰদান কৰা হয়,[8] যদিহে খেলুৱৈজনৰ শীৰ্ষ ফিদে ৰেটিং কমেও ২৩০০ হয়। বৰ্তমানৰ নিয়মসমূহ ফিদেৰ হাতপুথিত পোৱা যাব।
  • গ্ৰেণ্ডমাষ্টাৰ খিতাপকে ধৰি ফিদেৰ খিতাপসমূহ আজীৱন বৈধ, কিন্তু ফিদেৰ নিয়মাৱলী অনুযায়ী "খিতাপ বা ৰেটিং ব্যৱস্থাৰ নৈতিক নীতিসমূহ উলংঘা কৰিবলৈ ফিদেৰ খিতাপ বা ৰেটিং ব্যৱহাৰ কৰাৰ বাবে" বা কোনো খেলুৱৈয়ে খিতাপৰ আবেদনৰ বাবে ভিত্তি কৰি লোৱা প্ৰতিযোগিতা এখনত প্ৰতাৰণা বিৰোধী নিয়ম উলংঘা কৰাৰ বাবে খিতাপ বাতিল কৰিব পাৰে।[9]
  • সঠিক নিয়মসমূহ ফিদেৰ হাতপুথিত পোৱা যাব।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "FIDE Ratings". https://ratings.fide.com/top_lists.phtml আহৰণ কৰা হৈছে: 2021-10-28.
  2. Friedel, Frederic (2020-08-18). "Thirteen Super Grandmasters!". Chess News. https://en.chessbase.com/post/thirteen-super-grandmasters আহৰণ কৰা হৈছে: 2021-01-19.
  3. "Title Inflation Waters Down the Meaning of Grandmaster". The New York Times. 2008-04-20. https://www.nytimes.com/2008/04/20/crosswords/chess/20chess.html আহৰণ কৰা হৈছে: 2021-01-19.
  4. "Christopher Yoo Breaks 2500 FIDE; Becomes GM-Elect" (en ভাষাত). US Chess.org. 2021-12-16. https://new.uschess.org/news/christopher-yoo-breaks-2500-fide-becomes-gm-elect আহৰণ কৰা হৈছে: 2023-05-28.
  5. "Congratulations to GM-elect Christopher Yoo, who has broken (subject to FIDE confirmation) the 2500 barrier to become a grandmaster at 14 years and 51 weeks!" (en ভাষাত). Twitter. https://twitter.com/USChess/status/1471602075792551936 আহৰণ কৰা হৈছে: 2023-05-28.
  6. Green (NathanielGreen), Nathaniel (2022-10-19). "World's Top Teenager Makes Triumphant Return" (en-US ভাষাত). Chess.com. https://www.chess.com/news/view/minh-le-firouzja-win-titled-tuesday-october-18-2022 আহৰণ কৰা হৈছে: 2023-05-28.
  7. cbird (2021-12-10). "Changes to FIDE Rating and Title Regulations, Effective January 1, 2022" (en ভাষাত). US Chess.org. https://new.uschess.org/news/changes-fide-rating-and-title-regulations-effective-january-1-2022 আহৰণ কৰা হৈছে: 2022-11-16.
  8. "B. Permanent Commissions / 01. International Title Regulations (Qualification Commission) / Table for Direct Titles effective from 1 January 2024 / FIDE Handbook" (en ভাষাত). International Chess Federation (FIDE). https://handbook.fide.com/chapter/B01DirectTitles2024 আহৰণ কৰা হৈছে: 19 February 2024.
  9. "FIDE Handbook - FIDE Title Regulations effective from 1 January 2024". FIDE. https://handbook.fide.com/chapter/B012024 আহৰণ কৰা হৈছে: 19 February 2024.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]