গ্ৰেভিটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গ্ৰেভিটি

ছবিখনৰ পোষ্টাৰ
পৰিচালক আলফ'নছ' কুৱেৰন
ৰচনা আলফ'নছ' কুৱেৰন
জ'নাচ কুৱেৰন
প্ৰযোজক আলফ'নছ' কুৱেৰন
ডেভিদ হেইমেন
অভিনয়ত ছান্দ্ৰা বুলক
জৰ্জ ক্লুনী
চিত্ৰগ্ৰহণকাৰী ইমানুৱেল লুবেজকি
সম্পাদনা আলফ'নছ' কুৱেৰন
মাৰ্ক চেংগাৰ
সংগীত পৰিচালক ষ্টিভেন প্ৰাইচ
প্ৰযোজনা
কোম্পানী
Esperanto Filmoj
Heyday Films
পৰিবেশক Warner Bros. Pictures
মুক্তি
আগষ্ট ২৮, ২০১৩ (2013-08-28) (Venice)
অক্টোবৰ ৪, ২০১৩ (2013-10-04) (US)
নৱেম্বৰ ৮, ২০১৩ (2013-11-08) (UK)
দৈৰ্ঘ্য
৯০ মিনিট[2]
দেশসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰ[1]
United Kingdom[1]
ভাষা ইংৰাজী
বাজেট ১০০ মিলিয়ন ডলাৰ[3]
সৰ্বমুঠ আয় $642,271,195[3]

গ্ৰেভিটী (ইংৰাজী: Gravity) ২০১৩ চনত মুক্তিপ্ৰাপ্ত কল্প-বিজ্ঞান কাহিনীৰ ওপৰত আধাৰিত[3][4] আৰু মহাকাশত সংঘটিত কাহিনীৰে নিৰ্মিত এখন ত্ৰিমাত্ৰিক (3D) শিহৰণকাৰী চলচ্চিত্ৰ।[5][6] ছবিখনৰ পৰিচালনা, সহ-প্ৰযোজনা আৰু সহ-সম্পাদনা Alfonso Cuarón-ৰ। মূল চৰিত্ৰত অভিনয় কৰিছে ছান্দ্ৰা বুলক(ইংৰাজী:Sandra Bullock) আৰু জৰ্জ ক্ল'নী(ইংৰাজী:George Clooney)য়ে। কক্ষপথত পৰিভ্ৰমণৰত অৱস্থাতে ধ্বংসপ্ৰাপ্ত হোৱা এখন মহাকাশযানৰ দুগৰাকী মহাকাশচাৰীৰ চৰিত্ৰতো দুয়ো অভিনয় কৰিছে। মহাকাশযানখনৰ ধ্বংসৰ পিছত দুয়ো পৃথিৱীলৈ ঘূৰি আহিবলৈ কৰা প্ৰচেষ্টাৰে ছবিখনৰ কাহিনীভাগ বৰ্ণিত হৈছে।

Cuarón আৰু তেওঁৰ পুত্ৰ Jonás Cuarón-ই ছবিখনৰ কাহিনীভাগ ৰচনা কৰাৰ পিছত ইউনিভাৰ্চেল ষ্টুডিঅ'(ইংৰাজী:Universal Studios)ত প্ৰস্তুত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। প্ৰকল্পটোৰ স্বত্ব ৱাৰ্ণাৰ ব্ৰাডাৰ্ছ(ইংৰাজী:Warner Bros.)বিক্ৰী কৰাৰ পিছতহে এই প্ৰকল্পটোৱে গতি লয়। ষ্টুডিঅ'টোৱে বহুকেইগৰাকী অভিনেত্ৰীক ছবিখনৰ মূল চৰিত্ৰত অভিনয়ৰ বাবে অনুৰোধ জনাই ওচৰ চপাৰপি ছত শেষত ছান্দ্ৰা বুলকক সেই চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰে। মূল পুৰুষ চৰিত্ৰৰবাবে প্ৰথমে ৰ'বাৰ্ট ডাউনী জুনিয়ৰ (ইংৰাজী:Robert Downey Jr.) জড়িত হৈছিল যদিও তেওঁ প্ৰকল্পটোৰ পৰা আতঁৰি যায় আৰু জ'ৰ্জ ক্ল'নীৰ দ্বাৰা সেই চৰিত্ৰ ৰূপায়িত হয়।

২০১৩ চনৰ ৭০ তম ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গ্ৰেভিটী ছবিখন প্ৰথম প্ৰদৰ্শিত হৈছিল। [7] ইয়াৰ তিনিদিন পিছত টেলুৰাইছ চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ উত্তৰ আমেৰিকা প্ৰিমিয়াৰ সম্পন্ন হৈছিল। ২০১৩ চনৰ ৪ অক্টোবৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত ছবিখন মুক্তি দিয়া হয়। সমগ্ৰ বিশ্বজুৰি ছবিখনে দৰ্শক আৰু সমালোচকৰ বিপুল জনপ্ৰিয়তা আৰু প্ৰশংসা লাভ কৰে।[8] সমালোচক-দৰ্শক উভয়েই ইমানুৱেল লুবেজকি(Emmanuel Lubezki)ৰ চিনেমেট'গ্ৰাফী(cinematography), ষ্টিভেন প্ৰাইচ(Steven Price)ৰ সংগীত, কুৱেৰনৰ পৰিচালনা আৰু বুলকৰ অভিনয়ৰ উচ্চ প্ৰশংসা কৰে।

কাহিনীভাগ[সম্পাদনা কৰক]

এই ছবিখনৰ কাহিনীভাগ এছ টি এছ-১৫৭ (STS-157) নামৰ এক কাল্পনিক চাটল 'এক্সপ্ল'ৰাৰ' (Shuttle Explorer) ৰ মিছন বা অভিযানৰ ওপৰত আধাৰিত। [9] ডক্টৰ ৰায়ান ষ্ট'ন ( Dr. Ryan Stone) ( অভিনেত্ৰী ছান্দ্ৰা বুলক) এগৰাকী মেডিকেল ইঞ্জিনিয়াৰ। [10] তেওঁ মহাকাশ যান এক্সপ্লৰাৰেৰে প্ৰথমটো মহাকাশ অভিযানত অংশগ্ৰহণ কৰে। এই অভিযানত তেওঁৰ সংগী হ'ল প্ৰৱীণ মহাকাশচাৰী মেট কোৱালস্কি (Matt Kowalski) ( অভিনেতা জ'ৰ্জ ক্ল'নী)। মেটে তেওঁৰ অন্তিমটো মহাকাশ অভিযানত নেতৃত্ব বহন কৰিছে। হাবল মহাকাশ টেলিস্কোপ (Hubble Space Telescope) ৰ কিছু মেৰামতিৰ বাবে মহাকাশ পদচাৰণ ( Spacewalk)কৰি থকা অৱস্থাত এওঁলোকে হিউষ্টনত অৱস্থিত অভিযান নিয়ন্ত্ৰক ( Mission Control) ৰ পৰা জানিব পাৰে যে ৰাছিয়ান মিছাইলে কোনো পৰিত্যক্ত ছেটেলাইটত খুন্দা মৰাৰ ফলত শৃংখল বিক্ৰিয়া ( Chain reaction) হৈ মহাকাশ আবৰ্জনা ( Space debries) ৰ সৃষ্টি কৰিছে। বিপদৰ আশংকা কৰি অভিযান নিয়ন্ত্ৰকে এই অভিযানৰ ইমানতে সামৰিবলৈ নিৰ্দেশ দিয়ে। কিছুসময়ৰ পিছতে অভিযান নিয়ন্ত্ৰকৰ সৈতে সকলো যোগাযোগ ব্যহত হৈ পৰে। কিন্তু কোনোবাই শুনাৰ আশাত মহাকাশচাৰী সকলে বাৰ্তা দি থাকে।

অতি ক্ষিপ্ৰ গতিত অহা মহাকাশ আবৰ্জনাই 'এক্সপ্লৰাৰ' ত খুন্দা মাৰে আৰু মহাকাশচাৰী ষ্ট'ন চাটলৰ পৰা বিছিন্ন হৈ পৰে। কোৱালস্কিয়ে অতি সোনকালে ষ্ট'নক মহাকাশত পথ হেৰুৱাই ঘূৰি ফুৰাৰ পৰা উদ্ধাৰ কৰে আৰু দুয়ো মহাকাশ চাটললৈ উভতি যায়। তাত উপস্থিত হৈ তেওঁলোকে দেখা পাই যে আবৰ্জনাসমূহে চাটলৰ গুৰুতৰ ক্ষতিসাধন কৰিছে আৰু তাত থকা ক্ৰিউৰ সকলোৰে মৃত্যু হৈছে। তেওঁলোকে থ্ৰাষ্টাৰ পেক ( Thruster pack) ৰ সহায়ত প্ৰায় ১০০ কিলোমিটাৰ দুৰত্বত কক্ষপথত থকা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ( International Space Station, ISS) লৈ যাত্ৰা কৰে। কোৱালস্কিয়ে ধাৰণা কৰে যে মহাকাশৰ আবৰ্জনাই এটা পাক অতিক্ৰম কৰি পুনৰ তেওঁলোকৰ ওচৰ পাবলৈ ৯০ মিনিট সময় লাগিব।

ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ যাত্ৰা কৰি থকাৰ সময়ত দুয়িগৰাকী মহাকাশচাৰীয়ে ষ্ট'নৰ ব্যক্তিগত জীৱন আৰু মৃত জীয়েকৰ কথা আলোচনা কৰে। ষ্টেচন পাই দেওঁলোকে দেখে যে ক্ষতিসাধন হৈছে যদিও ষ্টেচনটো কাৰ্য্যক্ষম হৈ আছে। কিন্তু ষ্টেচনত থকা ক্ৰিউৰ সকলোৱে তাতে থকা চয়ুজ মডিউল (Soyuz module) ৰ দুখন মহাকাশ কেপচ্যুল (Capsule)ৰ এখনত ষ্টেচন এৰি গৈছে। অন্যটো কেপচ্যুলৰ পেৰাচ্যটটোও দুৰ্ঘটনাক্ৰমে ব্যৱহাৰ কৰি পেলোৱাৰ ফলত দ্বিতীয়টোৰে পৃথিৱীলৈ ঘূৰি যোৱাটো অসম্ভব হৈ উঠে। কোৱালস্কিয়ে পৰামৰ্শ দিয়ে যে দ্বিতীয়টো চয়ুজ কেপচ্যল ব্যৱহাৰ কৰি কাষৰীয়া চাইনিজ স্পেচ ষ্টেচন ' Tiangong' লৈ গৈ তাৰ মডিউলেৰে পৃথিৱীলৈ নিৰাপদে উভতি যাব পৰা হ'ব। বতাহ আৰু কাৱাজ ক্ষমতা ( air and maneuvering power) নথকাত দুয়ো আই এছ এছ ৰ কাষেদি পাৰ হৈ নোযোৱাকৈ নিজকে ধৰি ৰাখিবলৈ চেষ্টা কৰে। একাধিক চেষ্টাৰ পিছত ষ্ট'নৰ ভৰি এখন চয়ুজৰ পেৰাচ্যুটৰ ৰছীত জোঁটপোট লাগি ধৰে আৰু ষ্ট'নে কোৱালস্কিৰ কাপোৰৰ এডাল ৰছীত খামুচি ধৰিবলৈ সক্ষম হয়। ষ্ট'নৰ প্ৰতিবাদ আওকাণ কৰি কোৱালস্কিয়ে দুয়োৰে ভৰত ষ্টেচনৰ পৰা পুনৰ বিছিন্ন হৈ নাযাবৰ বাবে নিজকে ষ্ট'নৰ পৰা বিছিন্ন কৰি দিয়ে। ইয়াৰ ফলত ষ্ট'ন ষ্টেচনৰ ফালে টান খাই পৰে। আঁতৰি গৈ থকা অৱস্থাতে কোৱালস্কিয়ে ষ্ট'নক পৰৱৰ্ত্তী অভিযানৰ বাবে দিহা-পৰামৰ্শ আৰু উৎসাহ দিয়ে।

অক্সিজেন ক্ৰমাৎ শেষ হৈ অহা অৱস্থাত ষ্ট'নে এয়াৰলক (airlock) ৰে আই এছ এছৰ ভিতৰত প্ৰবেশ কৰিবলৈ সক্ষম হয়। কিন্তু দুৰ্ঘটনাক্ৰমে আৰম্ভ হোৱা এক অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবৰ বাবে তেওঁ ক্ষিপ্ৰতাৰে চয়ুজ মডিউলেৰে আই এছ এছ এৰিবলৈ বাধ্য হয়। কিন্তু পেৰাচ্যটৰ ৰছীত সংযুক্ত হৈ থকাৰ বাবে চয়ুজ ৰৈ যায়। ষ্ট'নে মহাকাশতে খোজ দি ৰছীবোৰ বিছিন্ন কৰিবলৈ চেষ্টা কৰে। সেইসময়তে মহাকাশ আবৰ্জনাসমূহ পুনৰ পায়হি আৰু ষ্টেচনৰ বিস্তৰ ক্ষতি সাধন কৰে। ষ্ট'নে চয়ুজক চীনা ষ্টেচনৰ সৈতে মিলাবলৈ সক্ষম হয় কিন্তু জানিব পাৰে যে ইন্ধন শেষ হোৱাৰ পথত। পৃথিৱীৰ অভিযান নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে কিন্তু তাৰ পৰিৱৰ্ত্তে কোনো চীনা মাছমৰীয়াৰ কথোপকথনহে শুনিবলৈ পায়। ষ্ট'নে ক্ৰমাৎ আশা এৰিবলৈ বাধ্য হৈ কেবিনৰ অক্সিজেন যোগান বন্ধ কৰি দিয়ে। সংজ্ঞা হেৰুৱাৰ উপক্ৰম হোৱাৰ মূ্হৰ্ত্তত বাহিৰৰ পৰা কোৱালস্কিৰ প্ৰবেশ ঘটে। আশাহত হোৱাৰ বাবে ষ্ট'নক ককৰ্থনা কৰি তেওঁ চয়ুজৰ লেণ্ডিং কৰিব পৰা ৰকেটৰ সহায় ল'বলৈ পৰামৰ্শ দিয়ে। সংজ্ঞা লাভ কৰি ষ্ট'নে উপলব্ধি কৰে যে কোৱালস্কিৰ আগমণ বাস্তব নাছিল। কিন্তু ই তেওঁক পুনৰ চেষ্টা কৰিবলৈ প্ৰেৰণা দিয়ে।

ষ্ট'নে চয়ুজ কেপচ্যুলক ষ্টেচনৰ পৰা বিছিন্ন কৰিব নোৱাৰি 'explosive decompression' প্ৰক্ৰিয়াৰে নিজকে ইয়াৰ পৰা মুক্ত কৰে আৰু অগ্নি নিৰ্বাপক (fire extinguisher) ক makeshift thruster হিচাপে ব্যৱহাৰ কৰি 'Tiangong' পায়হি। মহাকাশ আবৰ্জনাই কক্ষচ্যুত কৰা Tiangong য়ে অস্বাভাৱিক ক্ষিপ্ৰতাৰে আঁতৰি যাবলৈ ধৰে। ষ্ট'ন Shenzhou নামৰ কেপচ্যুলত প্ৰবেশ কৰাৰ সময়তে Tiangong বিভক্ত হ'বলৈ আৰম্ভ কৰে। এই কেপচ্যুলে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ কৰাৰ সময়ত ষ্ট'নে অভিযান নিয়ন্ত্ৰকৰ মাত শুনিবলৈ পায়। অৱশেষত কেপচ্যুলটোৱে এটা হৃদত অৱতৰণ কৰে , কিন্তু এক ইলেক্ট্ৰিক অগ্নিকাণ্ডৰ বাবে ষ্ট'নক ততাতৈয়াকৈ নিজকে মুকলি কৰিবলৈ বাধ্য হয়। কেপচ্যুলৰ দুৱাৰ খোলাৰ লগে লগে হৃদৰ পানী দ্ৰুত গতিত ইয়াৰ ভিতৰত প্ৰবেশ কৰে আৰু ই ডুবিবলৈ লয়। অৱশেষত ষ্ট'নে মহাকাশচাৰীৰ পোছাকযোৰ খুলি পেলোৱাত সাঁতুৰি ওপৰলৈ আইবলৈ সক্ষম হয়। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ উপলব্ধিৰে ষ্ট'নে পাৰৰ বালিত কম্পিতভাৱে খোজ পেলায়।

কলা-কুশলী[সম্পাদনা কৰক]

  • ছান্দ্ৰা বুলক(Sandra Bullock): ড॰ ৰায়ান ষ্ট'নৰ ভূমিকাত- এগৰাকী মেডিকেল ইঞ্জিনীয়াৰ আৰু মিছন বিশেষজ্ঞ যি মহাকাশলৈ প্ৰথমবাৰৰ বাবে যাত্ৰা কৰিছে।
  • জৰ্জ ক্লুনী(George Clooney): লেফটেনেণ্ট মেট ক'ৱলস্কিৰ ভূমিকাত- দলটোৰ কমাণ্ডাৰ। তেওঁ এগৰাকী প্ৰৱীণ মহাকাশচাৰী। এই এক্সপ্ল'ৰাৰ মিছনৰ পিছতেই তেওঁ অৱসৰ গ্ৰহণ কৰাৰ কথা। তেওঁ নিজৰ বিষয়ে কাহিনী কৈ আৰু সহযাত্ৰী দলৰ সৈতে ধেমালি কৰি ভাল পায়। কিন্তু সহ-মহাকাশচাৰী জীৱন ৰক্ষা কৰিবলৈ তেওঁ বদ্ধপৰিকৰ।
  • এড হেৰিছ(Ed Harris) (কণ্ঠ): টেক্সাছ, হিউষ্টিনত থকা মিছন নিয়ন্ত্ৰণৰ দায়িত্বত।
  • অৰ্ত ইগ্নেছুছেন(Orto Ignatiussen) (কণ্ঠ): Aningaaq-ৰ ভূমিকাত। তেওঁ গ্ৰীনলেণ্ডৰ ইনউইট গোষ্ঠী(Greenlandic Inuit)ৰ মাছমৰীয়া যি ষ্ট'নৰ দ্বাৰা এটা ৰেডিঅ' বাৰ্তা ধৰিছিল।
  • পল শৰ্মা(Paul Sharma) (কণ্ঠ): শৰিফ ডাছাৰীৰ ভূমিকাত: এক্সপ্ল'ৰাৰত যাত্ৰা কৰা এগৰাকী ফ্লাইট ইঞ্জিনীয়াৰ। শৰিফৰ এগৰাকী পত্নী আৰু এটা সন্তান আছিল তেওঁ নিজৰ মহাকাশৰ পোছাকযোৰত পৰিয়ালৰ এখন আলোকচিত্ৰ লগাই ৰাখিছিল।
  • এমী ৱাৰেণ(Amy Warren) (কণ্ঠ): এক্সপ্ল'ৰাৰৰ কেপ্টেইনৰ ভূমিকাত।
  • বাছেঅ ছেভেজ(Basher Savage) (কণ্ঠ): ৰাছিয়ান মহাকাশ আস্থানৰ কেপ্টেইনৰ ভূমিকাত।

পটভূমি[সম্পাদনা কৰক]

বৰ্হিবিশ্বক পটভূমি হিচাপে লোৱা স্বত্বেও পৰিচালকে এই বোলছবিত ধ্বংসমুখী কোনো পৰিঘটনাৰ পৰৱৰ্ত্তী সময়ছোৱাৰ মানসিক অৱস্থা আৰু সংগ্ৰামী ভাবধাৰাৰ সুন্দৰভাবে প্ৰতিফলন ঘটাইছে। [11][12][13][14] Cuarón য়ে ষ্ট'নৰ যোগেদি নিসংগতা আৰু হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ কেনেকৈ মনৰ স্পষ্টতা (clarity of mind),অধ্যবসায় ( persistence), প্ৰশিক্ষণ আদিৰ প্ৰয়োজন সেয়া ছবিখনত ফুটাই তুলিছে। [4]

বোলছবিখনে ৰায়ানৰ জীয়েকৰ দুৰ্ঘটনাক্ৰমে হোৱা মৃত্যু , জীয়াই থকাৰ অদমনীয় হেঁপাহ আৰু উদ্ধাৰ হোৱাৰ অসম্ভাৱনীয় পৰিস্থিতি আদিৰ দ্বাৰা আধ্যাত্মিকতাৰ ধাৰণা অন্তৰ্ভুক্ত কৰিছে।[12][15]

প্ৰডাক্স'ন[সম্পাদনা কৰক]

Alfonso Cuarón য়ে তেওঁৰ পুত্ৰ জ'নাছ (Jonás) সৈতে গ্ৰেভিটিৰ কাহিনীভাগ ৰচনা কৰে। Warner Bros. য়ে প্ৰজেক্টটোৰ কাম হাতত লয়। প্ৰথঞে এঞ্জেলিনা জ'লীয়ে এই প্ৰজেক্টৰ আগ্ৰহী হৈছিল যদিও ষ্টুদিঅ'ই ২০ মিলিয়ন ডলাৰ দিয়াত অক্ষমতা প্ৰকাশ কৰাত তেওঁ এই কাম বাদ দিয়ে। [16][17][18] তাৰপিছত এই বোলছবিৰ মুখ্য ভূমিকাত অভিনয় কৰাৰ বাবে স্কাৰলেট জ'হানছন (Scarlett Johansson) , ব্লেক লাইভলি ( Blake Lively) , নাটালিয়া পৰ্টমেন ( Natalie Portman) ৰ নাম প্ৰস্তাব কৰা হয়। কিন্তু বিভিন্ন কাৰণত এই কেইগৰাকী অভিনেত্ৰীয়ে এই প্ৰজেক্ট বাদ দিয়ে। .[19][20][18][21]। অৱশেষত পৰিচালকে ছন্দ্ৰা বুলকৰ কাষ চাপে আৰু তেওঁ এই ভূমিকাত অভিনয় কৰাৰ বাবে সন্মতি প্ৰদান কৰে। [19]

ফিল্মিং[সম্পাদনা কৰক]

Lake Powell, Arizona, where the landing scene was filmed

গ্ৰেভিটিৰ প্ৰডাক্স'ন বাজেট আছিল $১০০ মিলিয়ন আৰু ইয়াৰ শ্বুটিং সম্পন্ন হৈছিল বিভিন্ন Arri Alexas সমূহত। বোলছবিখনৰ মূল চিত্ৰগ্ৰহণ আৰম্ভ হয় ২০১১ চনৰ মে মাহত।[22] জীৱন্ত খণ্ড সমূহৰ শ্বুটিং হৈছিল যুক্তৰকাজ্যৰ পাইনউড আৰু শ্বেপাৰটন ষ্টুডিঅ'ত। (Pinewood and Shepperton Studios, United Kingdom).[23] কেপচ্যুলৰ অৱতৰণ কৰা অংশ এৰিযোনাৰ পাৱেল হৃদ ( Lake Powell, Arizona) ত কৰা হৈছিল।[24] ছান্দ্ৰা বুলক থা প্ৰয়ভাগ অংশ এটা বৃহৎ মেকানিকেল ৰিগ (giant mechanical rig)ৰ ভিতৰত সম্পন্ন কৰা হৈছিল। [25]

সংগীত[সম্পাদনা কৰক]

গ্ৰেভিটীৰ সংগীত ব্যৱস্থাপনা ষ্টিভেন প্ৰাইচৰ। ২০১৩ চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত ছবিখনৰ এটা ২৩ মিনিট দৈৰ্ঘ্যৰ ছাউণ্ডট্ৰেক মুক্তি দিয়া হৈছিল। [26] ২০১৩ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে এটা ছাউণ্ডট্ৰেক এলবাম ডিজিটেল মাধ্যমৰ জৰিয়তে মুক্তি দিয়াৰ পিছত একে বছৰৰে ১ অক্টোবৰ তাৰিখে WaterTower Music-ৰ দ্বাৰা সঁফুৰাৰ ৰূপত (physical formats) মুক্তি দিয়া হয়। [27] ছবিখনত অন্তৰ্ভুক্ত অন্য কেইটামান গীত হৈছে-[28]

  • "Angels Are Hard to Find" by Hank Williams, Jr.
  • "Sinigit Meerannguaq" by Juaaka Lyberth
  • "Destination Anywhere" by Chris Benstead and Robin Baynton
  • "922 Anthem" by 922 (feat. Gaurav Dayal)
  • "Ready" by Charles Scott (feat. Chelsea Williams)

ছবিখনৰ বেছিভাগ অফিচিয়েল ট্ৰেইলাৰতে ইষ্ট'নিয়ান সংগীত ব্যৱস্থাপক Arvo Pärt-ৰ ১৯৭৮ চনৰ Spiegel im Spiegel ব্যৱহৃত হৈছিল। [29]

মুক্তি[সম্পাদনা কৰক]

গ্ৰেভিটী ত্ৰিমাত্ৰিক ৰূপ(3D film) ৰূপত আৰু IMAX 3D-ত ২০১৩ চনৰ ৪ অক্টোবৰ তাৰিখে মুক্তি দিয়া হৈছিল। [30] অক্টোবৰৰ ৪ ৰ পৰা ১০ তাৰিখলৈ উদযাপিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সপ্তাহ(World Space Week)-ৰ আৰম্ভণিৰ দিনৰ সৈতে ছবিখনৰ মুক্তিৰ তাৰিখ একে দিনাই পৰিছিল। ছবিখন আদিতে ২০১২ চনৰ ২১ নৱেম্বৰত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও, বহুল উত্তৰ-নিৰ্মাণ স্তৰ(post-production )ৰ এফেক্টছ(effects) সম্পন্ন কৰিবৰ বাবে ইয়াৰ মুক্তিৰ তাৰিখ এবছৰ পিছুৱাই দিয়া হয়। [31]

গ্ৰহণ[সম্পাদনা কৰক]

বক্স অফিচ[সম্পাদনা কৰক]

২০১৩ চনৰ ১৫ ডিচেম্বৰলৈকে , গ্ৰেভিটি য়ে উত্তৰ আমেৰিকাত মুঠ ২৫২,৭৬৭,০০০ ডলাৰ, অঅন্য দেশসমূহত ৩৮৯,৪০০,০০০ ডলাৰ আৰু বিশ্বজুৰি মুঠ ৬৪২,১৬৭,০০০ ডলাৰ আয় কৰিছে। ইয়াৰ দ্বাৰাই ই ২০১৩ চনত সৰ্বোচ্চ আয় কৰা সপ্তমখন বোলছবি ৰূপে পৰিগণত হৈছে। [3]

সমালোচনা[সম্পাদনা কৰক]

গ্ৰেভেটিৰ প্ৰিমিয়াৰ হৈছিল আগষ্টৰ ২৮ তাৰিখে ৭০তম ভেনিচ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত। ইয়াত এই বোলছবিখনে সমালোচকৰ পৰা উচ্চ প্ৰশংসা পাবলৈ সক্ষম হয়। [32] Empire, Time আৰু Total Film আলোচনীয়ে গ্ৰেভিটিক ২০১৩ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ স্বীকৃতি দিয়ে। [33][34][35] ই এইবৰ্ষত IMDb ত সৰ্বোচ্চ ৰেটং পাবলৈও সক্ষম হয়।[36]

বঁটা[সম্পাদনা কৰক]

Awards
Award Year Category Recipients and nominees Result
আফ্ৰিকান-আমেৰিকান ফিল্ম ক্ৰিটিকছ এছ'ছিয়েশ্বন (African-American Film Critics Association)[37] ১৩ ডিচেম্বৰ, ২০১৩ বৰ্ষটোৰ শে্ৰষ্ঠ চলচ্চিত্ৰ মনোনীত
শ্ৰেষ্ঠ অভিনেত্ৰী ছান্দ্ৰা বুলক বিজয়ী
এলায়েন্স অব ৱ'মেন ফিল্ম জাৰ্ণেলিষ্ট (Alliance of Women Film Journalists)[38] ১৬ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ চলচ্চিত্ৰ অমীমাংসিত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন (Alfonso Cuarón) অমীমাংসিত
শ্ৰেষ্ঠ অভিনেত্ৰী ছান্দ্ৰা বুলক অমীমাংসিত
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি(Emmanuel Lubezki) অমীমাংসিত
শ্ৰেষ্ঠ সম্পাদনা আলফ'নছ' কুৱেৰন আৰু Mark Sanger অমীমাংসিত
শ্ৰেষ্ঠ সংগীত ষ্টিভেন প্ৰাইচ অমীমাংসিত
শ্ৰেষ্ঠ অভিনেত্ৰী (Kick Ass Award for Best Female Action Star) ছান্দ্ৰা বুলক অমীমাংসিত
Actress Defying Age and Agism অমীমাংসিত
মহিলা আইকন (AWJF Female Icon Award) ছান্দ্ৰা বুলক অমীমাংসিত
অবিস্মৰণীয় মুহূৰ্ত্তৰ বাবে বঁটা (Unforgettable Moment Award) জৰ্জ ক্লুনীৰ প্ৰত্যাৱৰ্ত্তনৰ মুহূৰ্ত্ত অমীমাংসিত
আমেৰিকান ফিল্ম ইন্সটিটিউটৰ ২০১৩ চনৰ বঁটা[39] ১০ জানুৱাৰী, ২০১৪ বৰ্ষটোৰ শীৰ্ষ দহখন চলচ্চিত্ৰ বিজয়ী
ব'ষ্টন অনলাইন ফিল্ম ক্ৰিটিক্স এছ'ছিয়েছনৰ বঁটা[40] ৭ ডিচেম্বৰ, ২০১৩ বৰ্ষটোৰ শীৰ্ষ দহখন চলচ্চিত্ৰ বিজয়ী
বষ্ট'ন ছছাইটি অব ফিল্ম ক্ৰিটিকছ (Boston Society of Film Critics)[41] ৮ ডিচেম্বৰ, ২০১৩]] শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী ইমানুৱেল লুবেজকি(Emmanuel Lubezki) বিজয়ী
সমালোচকৰ পছন্দৰ চলচ্চিত্ৰ বঁটা (Critics' Choice Movie Award)[42] সমালোচকৰ পছন্দৰ চলচ্চিত্ৰ বঁটা|১৬ জানুৱাৰী, ২০১৪ শ্ৰেষ্ঠ চলচ্চিত্ৰ অমীমাংসিত
শ্ৰেষ্ঠ কল্পবিজ্ঞান চলচ্চিত্ৰ (Sci-Fi Movie) অমীমাংসিত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন (Alfonso Cuarón) অমীমাংসিত
শ্ৰেষ্ঠ অভিনেত্ৰী ছান্দ্ৰা বুলক অমীমাংসিত
এক্সন চলচ্চিত্ৰৰ শ্ৰেষ্ঠা অভিনেত্ৰী অমীমাংসিত
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি(Emmanuel Lubezki) অমীমাংসিত
শ্ৰেষ্ঠ আৰ্ট পৰিচালক (Best Art Direction) এণ্ডি নিক'লছন (Andy Nicholson) আৰু ৰ'জি গডউইন (Rosie Goodwin) অমীমাংসিত
শ্ৰেষ্ঠ সম্পাদনা আলফ'নছ' কুৱেৰন আৰু Mark Sanger অমীমাংসিত
শ্ৰেষ্ঠ ৰচক (Composer) ষ্টিভেন প্ৰাইচ অমীমাংসিত
শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট অমীমাংসিত
ডেট্ৰ'ইট ফিল্ম ক্ৰিটিকছ ছ'ছাইটি (Detroit Film Critics Society)[43] ১৩ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ চলচ্চিত্ৰ মনোনীত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন বিজয়ী
GQ আলোচনীৰ বৰ্ষটোৰ ব্যক্তি[44] ৮ ডিচেম্বৰ, ২০১৩ বৰ্ষটোৰ ভিজ'নেৰি (Visionary of the Year) আলফ'নছ' কুৱেৰন বিজয়ী
গ'ল্ডেন গ্ল'ব বঁটা ৭১ তম গ'ল্ডেন গ্লৱ বঁটা|১২ জানুৱৰী, ২০১৪ শ্ৰেষ্ঠ চলচ্চিত্ৰ অমীমাংসিত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন অমীমাংসিত
শ্ৰেষ্ঠ অভিনেত্ৰী ছান্দ্ৰা বুলক অমীমাংসিত
মৌলিক সংগীত ষ্টিভেন প্ৰাইচ অমীমাংসিত
হলিউড ফিল্ম ফেষ্টিভেল (Hollywood Film Festival)[45] ১৭ অক্টোবৰ, ২০১৩ বৰ্ষটোৰ অভিনেত্ৰী ছান্দ্ৰা বুলক বিজয়ী
হিউষ্ট'ন ফিল্ম ক্ৰিটিক্স ছ'ছাইটি (Houston Film Critics Society)[46] ১৫ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ চলচ্চিত্ৰ মনোনীত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন বিজয়ী
শ্ৰেষ্ঠা অভিনেত্ৰী ছান্দ্ৰা বুলক বিজয়ী
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি(Emmanuel Lubezki) বিজয়ী
শ্ৰেষ্ঠ মৌলিক সংগীত ষ্টিভেন প্ৰাইচ বিজয়ী
কানজাচ ফিল্ম ক্ৰিটিক্স চাৰ্ক'ল (Kansas City Film Critics Circle)[47] ১৫ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন (Tied with Steve McQueen for 12 Years a Slave) Tied
শ্ৰেষ্ঠ অভিনেত্ৰী ছান্দ্ৰা বুলক বিজয়ী
লছ এঞ্জেলেছ ফিল্ম ক্ৰিটিক্স এছ'ছিয়েছন (Los Angeles Film Critics Association[48] ৮ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ চলচ্চিত্ৰ (Tied with Her (film)) বিজয়ী
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন বিজয়ী
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি বিজয়ী
শ্ৰেষ্ঠ সম্পাদনা আলফ'নছ' কুৱেৰন মাৰ্ক চেংগাৰ বিজয়ী
National Board of Review of Motion Pictures[49] ৪ ডিচেম্বৰ, ২০১৩ চলচ্চিত্ৰ নিৰ্মাণত সৃষ্টিশীল উদ্ভাৱন (Creative Innovation in Filmmaking) আলফ'নছ' কুৱেৰন বিজয়ী
শীৰ্ষ দহখন চলচ্চিত্ৰ বিজয়ী
নিউ ৱৰ্ক অনলাইন ফিল্ম ক্ৰিটিক্স[50] ৮ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন বিজয়ী
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি বিজয়ী
অনলাইন ফিল্ম ক্ৰিটিক্স ছ'ছাইটি বঁটা[51] ১৬ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ চলচ্চিত্ৰ মনোনীত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন বিজয়ী
শ্ৰেষ্ঠ সম্পাদনা আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ বিজয়ী
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি বিজয়ী
Palm Springs International Film Festival[52] ১৩ জানুৱাৰী, ২০১৪ Desert Palm Achievement Award ছান্দ্ৰা বুলক বিজয়ী
People's Choice Awards ৮ জানুৱাৰি, ২০১৪ Favorite Dramatic Movie অমীমাংসিত
প্ৰিয় অভিনেত্ৰী ছান্দ্ৰা বুলক অমীমাংসিত
প্ৰিয় চলচ্চিত্ৰ যুটি (Favorite Movie Duo) ছান্দ্ৰা বুলক আৰু জৰ্জ ক্লুনী অমীমাংসিত
Phoenix Film Critics Society[53] ১৭ ডিচেম্বৰ, ২০১৩ শীৰ্ষ দহখন চলচ্চিত্ৰ বিজয়ী
শ্ৰেষ্ঠ চলচ্চিত্ৰ মনোনীত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন বিজয়ী
শ্ৰেষ্ঠা অভিনেত্ৰী ছান্দ্ৰা বুলক মনোনীত
শ্ৰেষ্ঠ মৌলিক স্ক্ৰীণপ্লে আলফ'নছ' কুৱেৰন আৰু জ'নাচ কুৱেৰন মনোনীত
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি বিজয়ী
শ্ৰেষ্ঠ সম্পাদনা আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ বিজয়ী
শ্ৰেষ্ঠ প্ৰডাক্স'ন ডিজাইন এণ্ডি নিক'লছন আৰু ৰ'জি গডউইন বিজয়ী
শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট Chris Howell, Chris Lawrence, and Tim Webber বিজয়ী
San Diego Film Critics Society[54] ১১ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ চলচ্চিত্ৰ মনোনীত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন বিজয়ী
শ্ৰেষ্ঠা অভিনেত্ৰী ছান্দ্ৰা বুলক মনোনীত
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি মনোনীত
শ্ৰেষ্ঠ সম্পাদনা আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ মনোনীত
শ্ৰেষ্ঠ মৌলিক সংগীত ষ্টিভেন প্ৰাইচ মনোনীত
শ্ৰেষ্ঠ প্ৰডাক্সন ডিজাইন এণ্ডি নিক'লছন আৰু ৰ'জি গডউইন মনোনীত
San Francisco Film Critics Circle[55] ১৩ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ চলচ্চিত্ৰ মনোনীত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন বিজয়ী
শ্ৰেষ্ঠা অভিনেত্ৰী ছান্দ্ৰা বুলক মনোনীত
শ্ৰেষ্ঠ মৌলিক স্ক্ৰীণপ্লে আলফ'নছ' কুৱেৰন আৰু জ'নাচ কুৱেৰন মনোনীত
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি বিজয়ী
শ্ৰেষ্ঠ সম্পাদনা আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ বিজয়ী
শ্ৰেষ্ঠ প্ৰডাক্স'ন ডিজাইন এণ্ডি নিক'লছন আৰু ৰ'জি গডউইন বিজয়ী
ছেটেলাইট বঁটা[56] ৯ মাৰ্চ, ২০১৪ শ্ৰেষ্ঠ চলচ্চিত্ৰ অমীমাংসিত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন অমীমাংসিত
শ্ৰেষ্ঠা অভিনেত্ৰী ছান্দ্ৰা বুলক অমীমাংসিত
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি অমীমাংসিত
শ্ৰেষ্ঠ সম্পাদনা আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ অমীমাংসিত
শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট Chris Howell, Chris Lawrence, and Tim Webber অমীমাংসিত
শ্ৰেষ্ঠ মৌলিক সংগীত ষ্টিভেন প্ৰাইচ অমীমাংসিত
শ্ৰেষ্ঠ শব্দ পৰিচালনা Glenn Freemantle, Niv Adiri, and Skip Lievsay অমীমাংসিত
Screen Actors Guild Award[57] ১৮ জানুৱাৰী, ২০১৪ মুখ্য ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰী ছান্দ্ৰা বুলক অমীমাংসিত
St. Louis Gateway Film Critics Association[58] ১৬ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ চলচ্চিত্ৰ অমীমাংসিত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন অমীমাংসিত
শ্ৰেষ্ঠা অভিনেত্ৰী ছান্দ্ৰা বুলক অমীমাংসিত
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি অমীমাংসিত
শ্ৰেষ্ঠ ভিউৱেল এফেক্ট Chris Howell, Chris Lawrence, and Tim Webber অমীমাংসিত
শ্ৰেষ্ঠ সংগীত ষ্টিভেন প্ৰাইচ অমীমাংসিত
Best Scene The opening tracking shot অমীমাংসিত
ভেনিচ চলচ্চিত্ৰ মহোৎসৱ[59] ৭ ছেপ্টেম্বৰ, ২০১৩ Future Film Digital Award আলফ'নছ' কুৱেৰন বিজয়ী
Washington D.C. Area Film Critics Association[60] ৯ ডিচেম্বৰ, ২০১৩ শ্ৰেষ্ঠ চলচ্চিত্ৰ মনোনীত
শ্ৰেষ্ঠ পৰিচালক আলফ'নছ' কুৱেৰন বিজয়ী
শ্ৰেষ্ঠা অভিনেত্ৰী ছান্দ্ৰা বুলক মনোনীত
শ্ৰেষ্ঠ আৰ্ট পৰিচালনা এণ্ডি নিক'লছন আৰু ৰ'জি গডউইন মনোনীত
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী ইমানুৱেল লুবেজকি বিজয়ী
শ্ৰেষ্ঠ সম্পাদনা আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ বিজয়ী
শ্ৰেষ্ঠ সংগীত ষ্টিভেন প্ৰাইচ মনোনীত

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Gravity". Toronto International Film Festival. Archived from the original on 2013-11-10. https://web.archive.org/web/20131110203112/http://tiff.net/filmsandschedules/festival/2013/gravity। আহৰণ কৰা হৈছে: 2013-12-18. 
  2. "GRAVITY (12A)". Warner Bros.. British Board of Film Classification. August 23, 2013. http://www.bbfc.co.uk/releases/gravity-film-0। আহৰণ কৰা হৈছে: August 23, 2013. 
  3. 3.0 3.1 3.2 3.3 Staff (November 3, 2013). "Gravity". Box Office Mojo. http://boxofficemojo.com/movies/?id=gravity.htm। আহৰণ কৰা হৈছে: November 4, 2013. 
  4. 4.0 4.1 Berardinelli, James (October 3, 2013). "Gravity – A Movie Review". ReelViews. http://www.reelviews.net/php_review_template.php?identifier=2670। আহৰণ কৰা হৈছে: October 7, 2013. 
  5. Chris Lackner (September 27, 2013). "Pop Forecast: Gravity is gripping space drama and it’s gimmick free". The Vancouver Sun. http://www.vancouversun.com/entertainment/Forecast+Gravity+gripping+space+drama+gimmick+free/8969038/story.html। আহৰণ কৰা হৈছে: October 3, 2013. 
  6. "Girl on a wire: Sandra Bullock talks about her new space drama, Gravity". South China Morning Post. http://www.scmp.com/magazines/48hrs/article/1319220/girl-wire-sandra-bullock-talks-about-her-new-space-drama-gravity। আহৰণ কৰা হৈছে: October 3, 2013. 
  7. "George Clooney and Sandra Bullock to open Venice film festival". BBC News. http://www.bbc.co.uk/news/entertainment-arts-23158374. 
  8. http://www.metacritic.com/movie/gravity
  9. Robert Z. Pearlman (October 1, 2013). "'Gravity' Movie Mission Patches Shaped by Real Space History". Space.com. http://www.space.com/23021-gravity-space-film-mission-patches.html। আহৰণ কৰা হৈছে: 16 Dec 2013. 
  10. "Gravity (2013)". IMDB. http://www.imdb.com/title/tt1454468/। আহৰণ কৰা হৈছে: November 29, 2013. 
  11. Zoller Seitz, Matt (October 4, 2013). "Review: Gravity". RogerEbert.com. http://www.rogerebert.com/reviews/gravity-2013. 
  12. 12.0 12.1 "Gravity". The Miami Herald. October 3, 2013. http://www.miami.com/039gravity039-pg-13-article. 
  13. Hornaday, Ann (October 3, 2013). ""Gravity" works as both thrilling sci-fi spectacle and brilliant high art". The Washington Post. http://www.washingtonpost.com/goingoutguide/movies/gravity-works-as-both-thrilling-sci-fi-spectacle-and-brilliant-high-art/2013/10/02/cffa11bc-2a03-11e3-97a3-ff2758228523_story.html. 
  14. Scott, A.O. (October 3, 2013). "Between Earth and Heaven". The New York Times. http://movies.nytimes.com/2013/10/04/movies/gravity-stars-sandra-bullock-and-george-clooney.html. 
  15. LaSalle, Mick (October 4, 2013). ""Gravity" review: powerful images – and drama". San Francisco Chronicle. http://www.sfgate.com/entertainment/article/Gravity-review-powerful-images-and-drama-4866080.php. 
  16. Brodesser-Akner, Claude (February 25, 2010). "Angelina Jolie Says No to Wanted 2, Killing the Sequel". Vulture. New York. New York Media. http://nymag.com/daily/entertainment/2010/02/angelina_jolie_wanted_2_out.html। আহৰণ কৰা হৈছে: April 27, 2013. 
  17. Sperling, Nicole (February 26, 2010). "Angelina Jolie out of 'Wanted 2': Follow-up project not a lock". Entertainment Weekly. http://insidemovies.ew.com/2010/02/26/angelina-jolie-wanted-2/। আহৰণ কৰা হৈছে: April 27, 2013. 
  18. 18.0 18.1 Kit, Borys (August 11, 2010). "Blake Lively, Scarlett Johansson vie for sci-fi film". Reuters. Thomson Reuters. http://www.reuters.com/article/2010/08/11/us-gravity-idUSTRE67A0W120100811. 
  19. 19.0 19.1 Kroll, Justin (October 6, 2010). "Sandra Bullock in talks for 'Gravity'". Variety. http://variety.com/2010/film/news/sandra-bullock-in-talks-for-gravity-1118025288/। আহৰণ কৰা হৈছে: April 27, 2013. 
  20. Rosenberg, Adam (April 27, 2013). "Robert Downey Jr. In Talks To Star In 'Children Of Men' Director Alfonso Cuaron's 'Gravity'". MTV. Viacom Media Networks. http://moviesblog.mtv.com/2010/03/15/robert-downey-jr-gravity-alfonso-cuaron/. 
  21. Fernandez, Jay A. (September 8, 2010). "Natalie Portman offered lead in 3D survival story". Reuters. Thomson Reuters. http://www.reuters.com/article/2010/09/08/us-portman-idUSTRE6865H420100908। আহৰণ কৰা হৈছে: April 27, 2013. 
  22. Fitzmaurice, Sarah (June 9, 2011). "Feeling broody? George Clooney gets snap happy with Sandra Bullock and her son Louis on set of new film". Daily Mail. http://www.dailymail.co.uk/tvshowbiz/article-1394816/Feeling-broody-George-Clooney-gets-snap-happy-Sandra-Bullock-son-Louis-set-new-film.html?ito=feeds-newsxml। আহৰণ কৰা হৈছে: October 6, 2013. 
  23. "Gravity | Pinewood filming locations". Pinewood Group. Pinewood Studios. http://www.pinewoodgroup.com/production/gravity। আহৰণ কৰা হৈছে: October 6, 2013. 
  24. "What Is The Mind Blowing Connection Between GRAVITY And PLANET OF THE APES?". badass digest. Archived from the original on December 2, 2013. https://web.archive.org/web/20131202224808/http://badassdigest.com/2013/10/14/what-is-the-mind-blowing-connection-between-gravity-and-planet-of-the-apes/। আহৰণ কৰা হৈছে: November 26, 2013. 
  25. Cohen, David S; McNary, David (3, September 2013). "Alfonso Cuaron Returns to the Bigscreen After Seven Years With ‘Gravity’". Variety. http://variety.com/2013/film/news/alfonso-cuaron-returns-to-the-bigscreen-after-seven-years-with-gravity-1200596518/। আহৰণ কৰা হৈছে: 6, October 2013. 
  26. "'Gravity' Soundtrack Preview Highlights 23 Minutes Of Steven Price's Nerve-Rattling Score". Huffington Post. September 5, 2013. http://www.huffingtonpost.com/2013/09/05/gravity-soundtrack_n_3874193.html। আহৰণ কৰা হৈছে: September 8, 2013. 
  27. "‘Gravity’ Soundtrack Details". Film Music Reporter. August 28, 2013. http://filmmusicreporter.com/2013/08/28/gravity-soundtrack-details/। আহৰণ কৰা হৈছে: September 12, 2013. 
  28. "Gravity (2013) – Song Credits". Soundtrack.net. http://www.soundtrack.net/movie/gravity-2013/। আহৰণ কৰা হৈছে: October 7, 2013. 
  29. Wickman, Forrest (May 9, 2013). "Trailer Critic: Alfonso Cuarón’s Gravity". Slate. http://www.slate.com/blogs/browbeat/2013/05/09/gravity_full_trailer_has_alfonso_cuar_n_made_a_sci_fi_gamechanger_video.html। আহৰণ কৰা হৈছে: May 12, 2013. 
  30. "UPDATE: Warner Bros. and IMAX Sign Up to 20 Picture Deal!". ComingSoon.net. CraveOnline. April 25, 2010. Archived from the original on April 30, 2010. https://web.archive.org/web/20100430192414/http://www.comingsoon.net/news/movienews.php?id=65561। আহৰণ কৰা হৈছে: August 17, 2011. 
  31. Vary, Adam (May 14, 2012). "Sandra Bullock, George Clooney sci-fi drama 'Gravity' moved to 2013". Entertainment Weekly. http://insidemovies.ew.com/2012/05/14/sandra-bullock-gravity-2013/। আহৰণ কৰা হৈছে: May 15, 2012. 
  32. Trumbore, Dave (August 28, 2013). "GRAVITY Reviews Praise Sandra Bullock and George Clooney's Performances". Collider. http://www.collider.com/gravity-reviews/। আহৰণ কৰা হৈছে: August 28, 2013. 
  33. "The 50 Best Films of 2013". Empire. December 3, 2013. http://www.empireonline.com/features/films-of-the-year-2013/p14/। আহৰণ কৰা হৈছে: December 4, 2013. 
  34. "Top 10 Best Movies". Time. 4 December 2013. http://entertainment.time.com/2013/12/04/arts-and-entertainment/slide/top-10-best-movies/. 
  35. "Best movies of 2013 - TotalFilm.com". Total Film. 11 December 2013. http://www.totalfilm.com/features/best-movies-of-2013/gravity. 
  36. "IMDb - Year in Review - Top 10 Highest-Rated Films of 2013". IMDb. http://www.imdb.com/year-in-review/highest-rated-films-of-2013/। আহৰণ কৰা হৈছে: December 14, 2013. 
  37. "African American Film Critics Name 12 Years a Slave Best Picture of the Year". Awards Daily. December 13, 2013. http://www.awardsdaily.com/blog/african-american-film-critics-name-12-years-a-slave-best-picture-of-the-year/। আহৰণ কৰা হৈছে: December 13, 2013. 
  38. "2013 EDA Award Nominess". Alliance of Women Film Journalists. December 11, 2013. http://awfj.org/eda-awards/2013-eda-award-nominees/। আহৰণ কৰা হৈছে: December 11, 2013. 
  39. "AFI Awards 2013". American Film Institute. December 9, 2013. http://www.afi.com/afiawards/। আহৰণ কৰা হৈছে: December 10, 2013. 
  40. Chitwood, Adama (December 7, 2013). "12 YEARS A SLAVE Sweeps Boston Online Film Critics Awards with Best Picture, Director, Actor, and Supporting Actress". Collider. http://collider.com/boston-online-film-critics-awards-12-years-a-slave/। আহৰণ কৰা হৈছে: December 7, 2013. 
  41. Davis, Clayton (December 8, 2013). "Boston Film Critics Society Gives ’12 Years a Slave’ 3 Awards, ‘Wolf’ Runner-Up in 5 Categories". The Awards Circuit. Archived from the original on December 9, 2013. https://web.archive.org/web/20131209012415/http://www.awardscircuit.com/2013/12/08/boston-film-critics-society-gives-12-years-a-slave-3-awards-wolf-runner-up-in-5-categories/। আহৰণ কৰা হৈছে: December 8, 2013. 
  42. "19TH ANNUAL CRITICS’ CHOICE MOVIE AWARDS NOMINATIONS". Archived from the original on June 8, 2018. https://web.archive.org/web/20180608110521/http://www.criticschoice.com/movie-awards/19th-annual-critics-choice-movie-awards-nominations/। আহৰণ কৰা হৈছে: December 16, 2013. 
  43. Long, Tom (December 9, 2013). "Detroit Film Critics Society nominates top films". The Detroit News. Archived from the original on December 10, 2013. https://archive.is/9n9XJ। আহৰণ কৰা হৈছে: December 10, 2013. 
  44. "Alfonso Cuaron: Visionary of the Year 2013". GQ. December 8, 2013. http://www.gq.com/moty/2013/alfonso-cuaron-men-of-the-year-visionary। আহৰণ কৰা হৈছে: December 9, 2013. 
  45. Fienberg, Scott (September 30, 2013). "'12 Years a Slave' Director and Actress to be Honored at Hollywood Film Awards (Exclusive)". The Hollywood Reporter. http://www.hollywoodreporter.com/race/12-years-a-slave-director-638862। আহৰণ কৰা হৈছে: September 30, 2013. 
  46. "12 Years a Slave wins Pic, Cuaron Director for Houston Film Critics". Awards Daily. December 15, 2013. http://www.awardsdaily.com/blog/12-years-a-slave-wins-pic-cuaron-director-for-houston-film-critics/। আহৰণ কৰা হৈছে: December 15, 2013. 
  47. "12 Years a Slave sweeps Kansas City critics". Awards Daily. December 15, 2013. http://www.awardsdaily.com/blog/12-years-a-slave-sweeps-kansas-city-critics/। আহৰণ কৰা হৈছে: December 15, 2013. 
  48. "‘Gravity,’ ‘Her’ Tie for Best Picture With L.A. Film Critics". Variety. December 8, 2013. http://variety.com/2013/film/news/l-a-film-critics-voting-in-progress-1200933565/। আহৰণ কৰা হৈছে: December 8, 2013. 
  49. "National Board of Review Chooses ‘Her’ as Best Film, Will Forte and Octavia Spencer Land Wins". The Awards Circuit. December 4, 2013. Archived from the original on November 30, 2019. https://web.archive.org/web/20191130104055/https://www.awardscircuit.com/2013/12/04/national-board-of-review-chooses-her-as-best-film-will-forte-and-octavia-spencer-land-wins/। আহৰণ কৰা হৈছে: December 4, 2013. 
  50. Gray, Tim (December 8, 2013). "’12 Years’ Tops New York Online Critics Awards". Variety. http://variety.com/2013/film/news/12-years-tops-new-york-online-critics-awards-1200934227/। আহৰণ কৰা হৈছে: December 8, 2013. 
  51. "Online Film Critics Announce Nominees; Miyazaki and To Surprise with Multiple Nominations". IndieWire. 2013-12-09. http://www.indiewire.com/article/online-film-critics-announce-nominees-miyazaki-and-to-surprise-with-multiple-nominations। আহৰণ কৰা হৈছে: 2013-12-09. 
  52. De Coster, Ramzi (November 21, 2013). "Steve McQueen to Receive Director of the Year Award for '12 Years a Slave' at Palm Springs International Film Festival". Indiewire. http://www.indiewire.com/article/steve-mcqueen-to-receive-director-of-the-year-award-for-12-years-a-slave-at-palm-springs-international-film-festival। আহৰণ কৰা হৈছে: November 21, 2013. 
  53. "Pheonix Film Critics Society 2013 Award Nominations". Phoenix Film Critics Society. Archived from the original on December 13, 2013. https://web.archive.org/web/20131213143509/http://phoenixfilmcriticssociety.org/article/208/phoenix-film-critics-society-2013-award-nominations.html। আহৰণ কৰা হৈছে: December 10, 2013. 
  54. "San Diego Film Critics Nominate Top Films for 2013". San Diego Film Critics Society. December 10, 2013. http://www.sdfcs.org/। আহৰণ কৰা হৈছে: December 10, 2013. 
  55. Stone, Sasha (December 13, 2013). "San Francisco Film Critics Nominations". Awards Daily. http://www.awardsdaily.com/blog/san-francisco-film-critics-nominations/। আহৰণ কৰা হৈছে: December 13, 2013. 
  56. Kilday, Gregg (December 2, 2013). "Satellite Awards: '12 Years a Slave' Leads Film Nominees". The Hollywood Reporter. http://www.hollywoodreporter.com/news/satellite-award-nominations-12-years-660848। আহৰণ কৰা হৈছে: December 2, 2013. 
  57. Kilday, Gregg (December 11, 2013). "Screen Actors Guild Awards: '12 Years a Slave' leads Screen Actors Guild nominations". The Guardian. http://www.theguardian.com/film/2013/dec/11/12-years-a-slave-screen-actors-guild-nominations। আহৰণ কৰা হৈছে: December 11, 2013. 
  58. "আৰ্কাইভ কপি". Archived from the original on 2014-11-06. https://web.archive.org/web/20141106112339/http://www.stlfilmcritics.org/st-louis-film-critics-awards-nominees-for-2013-announced/। আহৰণ কৰা হৈছে: 2013-12-18. 
  59. "Official Awards of the 70th Venice Film Festival". http://www.labiennale.org/en/cinema/news/07-09.html। আহৰণ কৰা হৈছে: 8 September 2013. 
  60. Stone, Sasha (December 7, 2013). "Washington DC Film Critics Announce Nominations". Awards Daily. http://www.awardsdaily.com/blog/washington-dc-film-critics-announce-nominations/। আহৰণ কৰা হৈছে: December 7, 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]