সমললৈ যাওক

ঘোঁৰাবাঁক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ঘোঁৰাপাকৰ পৰা পুনঃনিৰ্দেশিত)

ঘোঁৰাবাঁক বা বাঁক (ইংৰাজী: Baak) সাধাৰণতে পানীৰ আশে পাশে থাকে বুলি মানুহৰ বিশ্বাস। ঘোঁৰাবাকে মাছ, বেঙ, ভেকুলী আদি খায় যদিও মাছ ইহঁতৰ বেছি প্ৰিয় বুলি জনসমাজত বিশ্বাস আছে।[1] ঘোঁৰাবাঁক সম্পৰ্কে অসমীয়া ভাষাত একাধিক সাধু কথাও আছে।[2][3] ঘোঁৰাবাকে জন্তু-মানুহ আদি সকলোৰে ৰূপ ল’ব পাৰে। ৰাতি মাছ মাৰিবলৈ যোৱা মানুহক ঘোঁৰাবাঁকে পিছ ধৰে।[4]

এই অপদেৱতাবিধ সাধাৰণতে নৈ, খাল, পুখুৰী, বিল আদিৰ পাৰত থাকে। ইহঁতে মাছ খাবলৈ ভাল পায়। ইহঁতৰ গাটো দেখা নাযাই, মাত্ৰ চিলমিলকৈ অনুমান কৰিব পাৰি।[5] লোক বিশ্বাস অনুসৰি ইহঁতৰ একো একোটা জোলোঙা থাকে। জাল মাৰি বাঁকবোৰে নিজে মাছ বিচাৰিবও পাৰে। মাছমৰীয়াই বিলত বা পুখুৰীত মাছ মাৰি থাকিলে বাঁকে মনে মনে মাছ খাই মাছবোৰ শেষ কৰি থয়। কেতিয়াবা মাছমৰীয়াজনক মাৰি বা অচেতন কৰি মাছমৰীয়াজনৰ ৰূপ ধাৰণ কৰি গৃহস্থৰ ঘৰলৈও যায় বুলি মানুহৰ মাজত বিশ্বাস আছে।[6] ঘোঁৰাবাঁকে মানুহক ছলনা কৰি চিনাকি মানুহৰ মাত মাতি ঘৰৰ পৰা মানুহক উলিয়াই লৈ যাব পাৰে। সেই বাবে মাজ ৰাতি মানুহে মাতিলে কোনো মানুহ উঠি যাব নাপায় বুলি আমাৰ মানুহে বিশ্বাস কৰে। ঘোঁৰাবাঁকবোৰ সাধাৰণতে দেখিবলৈ দীঘল, ভৰি-হাতবোৰ দীঘল-দীঘল। বেছি ওখ-পাখ, ক্ষীণ মানুহক ঘোঁৰাবাঁকৰ দৰে বুলি গ্ৰাম্য সমাজত কোৱা যায়। ঘোঁৰাবাঁকবোৰে মানুহ সাধাৰণতে নামাৰে। মানুহৰপৰা মাছ কাঢ়ি নি বা মনে মনেহে খায়। মাছ খাব নাপালেহে মানুহক কিছু অপকাৰ কৰে বা পানীত পেলাই দিয়ে। মানুহৰ দিন বেয়া হ'লে ইহঁতে ফুচুলাই মাছ মাৰিবলৈ মাতি নিয়ে- কোনো চিনাকি মানুহৰ ৰূপ ধাৰণ কৰি। ঘোঁৰাবাঁকৰ চুলি নাথাকে, কেতিয়াবা থাকিলেও দুই এডালহে থাকে বুলি লোকে কয়। কিছু কিছু অঞ্চলত কেৱল ‘বাঁক’ শব্দটোও প্ৰচলন আছে।[4]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]
বাঁকৰ পুতেক বোলছবিৰ কভাৰ ফটো

বাঁকৰ পুতেক হৈছে ২০১২ চনত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনে গ্ৰাম্য অসমত অন্ধবিশ্বাসৰ সামাজিক আৰু ব্যক্তিগত পৰিণামৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।[7] কাহিনী অনুসৰি বাঁকে এহাল বিবাহিত দম্পতীৰ স্বামী জনক হত্যা কৰি তেওঁৰ পত্নীৰ গিৰিয়েকৰ ৰূপ ধাৰণ কৰি বাস কৰিবলৈ লয়। এনেকৈয়ে দম্পতীহালৰ বৈবাহিক জীৱনলৈ সমস্যা নামি আহে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bhuyan, Avantika (30 March 2018). "The little fish in big rivers". Live Mint. https://www.livemint.com/Leisure/TB9AouNDcXASwUdc7ObL3H/The-little-fish-in-big-rivers.html আহৰণ কৰা হৈছে: 24 October 2021.
  2. Sandal, Veenu (11 June 2016). "Malevolent spirits need death to survive". Sunday Guardian Live. Archived from the original on 23 October 2021. https://web.archive.org/web/20211023194049/https://www.sundayguardianlive.com/opinion/5216-malevolent-spirits-need-death-survive আহৰণ কৰা হৈছে: 24 October 2021.
  3. Kashyap, Samudra Gupta (18 March 2008). "All that haunts Assam now in a thesaurus". The Indian Express. http://archive.indianexpress.com/news/all-that-haunts-assam-now-in-a-thesaurus/285944/ আহৰণ কৰা হৈছে: 24 October 2021.
  4. 1 2 নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (২০১৪). "ঘোঁৰাবাঁক". অসমৰ সংস্কৃতি কোষ. পৃষ্ঠা. ১৯৮.
  5. xobdo.org
  6. Muthukumaraswamy, M. D. (2006) (English ভাষাত). Folklore as Discourse. প্ৰকাশক Chennai: National Folklore Support Centre, India. পৃষ্ঠা. 113.
  7. "Bakor Putek". IMDb. https://www.imdb.com/title/tt2327223/ আহৰণ কৰা হৈছে: 24 October 2021.