ঙুল্ট্ৰুম (ভূটান)
| ঙুল্ট্ৰুম | |
|---|---|
| ISO 4217 ক’ড | BTN |
| ব্যৱহাৰকাৰী | |
| মুদ্ৰাস্ফীতি | 5.2% |
| উৎস | Royal Monetary Authority of Bhutan, 2015 est. |
| বিনিময় হাৰ | ভাৰতীয় টকা সৈতে সমান |
| উপ একক | |
| ১/১০০ | চেৰ্টামে |
| চিহ্ন | Nu. |
| চেৰ্টামে | Ch. |
| ধাতব মুদ্ৰা | |
| Freq. used | Ch.20, Ch.25, Ch.50, Nu.1. |
| Rarely used | Ch.5, Ch.10 |
| কাগজী মুদ্ৰা | Nu.1, Nu.5, Nu.10, Nu.20, Nu.50, Nu.100, Nu.500, Nu.1000[1][2] |
ঙুল্ট্ৰুম (/əŋˈɡʌltrəm/[3]; ISO 4217 code: BTN) (Dzongkha: དངུལ་ཀྲམ) ১৯৭৪ৰ পাছৰ ভূটানৰ মুদ্ৰা। এশ চেৰ্টামে (১৯৭৯লৈকে ধাতুৰ মুদ্ৰাত চেৰ্টমছ হিচাপে লিখিত) ১ ঙুল্ট্ৰুম।
ইতিহাস
[সম্পাদনা কৰক]১৯৭৪ চনত ঙুল্ট্ৰুম চিনাকি কৰা হয়, টকাৰ সলনি। এক ঙুল্ট্ৰুম এক ভাৰতীয় টকাৰ সমান আছিল।
১৯৬০ৰ দশকত ভাৰতে ভূটানক অৰ্থনৈতিক বিকাশত ভালেমান সহায় কৰিছিল। ঙুল্ট্ৰুমক কেৱল ভাৰতীয় টকাৰেহে সলাব পৰা যায়, আন মুদ্ৰাৰে সলাব পৰা নাযায়।
বেংকন'ট
[সম্পাদনা কৰক]জুন ২ ১৯৭৪ত ঙুল্ট্ৰুম ন'ট চিনাকি কৰা হৈছিল, ভূটানৰ ৰাজকীয় চৰকাৰৰ দ্বাৰা। প্ৰথমে ১, ৫ আৰু ১০ ঙুল্ট্ৰুম আৰু ১৯৭৮ত ২, ২০, ৫০ আৰু ১০০ ঙুল্ট্ৰুম ন'ট আগভোৱা হ'ল।[4] ১৯৮২ত ৰয়েল মনিটেৰি অথৰিটি অৱ ভূটান এক্টৰ পাছত ১৯৮৩লৈকে ৰয়েল মনিটেৰি অথৰিটিয়ে ন'ট প্ৰকাশ কৰা নাছিল। শেহতীয়াকৈ ২০০৬ চনত ১, ৫, ১০, ২০, ৫০, ১০০, ৫০০ আৰু ১০০০ ঙুল্ট্ৰুম ন'ট প্ৰকাশ কৰা হ'ল এই সংস্থাৰ দ্বাৰা।
টোকা
[সম্পাদনা কৰক]- ↑ , accessed 2008-11-13
- ↑ Bhutan issues new 50- and 1,000-ngultrum notes BanknoteNews.com. Retrieved 2011-10-15.
- ↑ "ngultrum", Random House Webster's Unabridged Dictionary.
- ↑ Linzmayer, Owen (2011).