সমললৈ যাওক

চকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চকী দৈনন্দিন জীৱনত বহিবলৈ ব্যৱহৃত এবিধ আছবাব৷ আউজিবলৈ ব্যৱস্থা থকা এইবিধ আছবাবৰ সৰ্বসাধাৰণতে চাৰিটা খুৰা থাকে যদিও কেতিয়াবা তিনিটা বা বেছি খুৰা থকাও দেখা যায় ৷ ইয়াক কাঠ, ধাতু আদি বিভিন্ন পদাৰ্থৰে নিৰ্মান কৰা হয় ৷ ঠাইভেদে চকী বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয় ৷

চকী বিভিন্ন পদাৰ্থৰে নিৰ্মাণ কৰা হয়৷ এই পদাৰ্থবোৰৰ ভিতৰত কাঠ, ধাতু বা অন্য কঠিন পদাৰ্থবোৰ অন্তৰ্গত কেতিয়াবা চকী একাধিক পদাৰ্থৰে নিৰ্মাণ কৰা হয়৷ যেনে খুৰা আৰু আন অংশ ধাতুৰে আৰু বহা - আউজা অংশ প্লাষ্টিকেৰে নিৰ্মাণ কৰে ৷ চকীত বহা অংশ প্লাষ্টিক, কাঠ আদি কঠিন পদাৰ্থ থাকে অথবা কুচন জাতীয় আৱৰণ থাকে ৷ দেখানিয়াৰ কৰিবলৈ অথবা বায়ু অহা যোৱা হ'বলৈ সুবিধা হ'বলৈ চকীত কেতিয়াবা ফুটা ৰখা হয় ৷