সমললৈ যাওক

চট্টগ্ৰাম বন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চট্টগ্ৰাম বন্দৰ হৈছে বাংলাদেশৰ প্ৰধান সাগৰীয় বন্দৰ। বাংলাদেশৰ বন্দৰ চহৰ বুলি খ্যাত চট্টগ্ৰাম চহৰ আৰু কৰ্ণাফুলি নদীৰ পাৰত অৱস্থিত এই বন্দৰটোৱে বাংলাদেশৰ ৰপ্তানি-আমদানিৰ ৯০ শতাংশতকৈ অধিক ব্যৱসায় পৰিচালনা কৰে।[1] বাংলাদেশৰ উপৰি ভাৰত, নেপাল আৰু ভূটানে ইয়াক ব্যৱহাৰ কৰি আহিছে। এই বন্দৰটো বিশ্বৰ অন্যতম পুৰণি বন্দৰ, ইয়াৰ ইতিহাস প্ৰাচীন ৰোমান বিৱৰণীতে লিপিবদ্ধ হৈ আছে। ই বংগোপসাগৰৰ আটাইতকৈ ব্যস্ত সাগৰীয় বন্দৰ।

ইতিহাস[সম্পাদনা কৰক]

ইংৰাজ শাসনৰ প্ৰাৰম্ভিক সময়ত ইংৰাজ আৰু দেশীয় ব্যৱসায়ীসকলে বাৰ্ষিক এক টকা চালামিৰ বিনিময়ত নিজ ব্যয়েৰে কৰ্ণফুলি নদীত কাঠৰ জেটি[স্পষ্টীকৰণৰ প্ৰয়োজন] নিৰ্মাণ কৰিছিল। পাছত ১৮৬০ খ্ৰীষ্টাব্দত প্ৰথম দুটা অস্থায়ী জেটি নিৰ্মাণ কৰা হয়। ১৮৭৭ খ্ৰীষ্টাব্দত চট্টগ্ৰাম পোৰ্ট কমিশনাৰ গঠিত হয়। ১৮৮৮ খ্ৰীষ্টাব্দত চট্টগ্ৰাম বন্দৰত দুটা মুৰিং জেটি নিৰ্মিত হয়। ১৮৮৮ খ্ৰীষ্টাব্দৰ ২৫ এপ্ৰিলত চট্টগ্ৰাম পোৰ্ট কমিশনাৰ কাৰ্যকৰী হয়।[2] ১৮৯৯-১৯১০ চনৰ ভিতৰতে চট্টগ্ৰাম পোৰ্ট কমিছনাৰ আৰু অসম বেঙ্গল ৰে'লৱেই যুক্তভাবে চাৰিটা স্থায়ী জেটি নিৰ্মাণ কৰে।[3] ১৯১০ চনত চট্টগ্ৰাম বন্দৰৰ সৈতে ৰে'লৱে সংযোগ সাধন কৰা হয়। ১৯২৬ চনত চট্টগ্ৰাম বন্দৰক প্ৰমুখ্য বন্দৰ বুলি ঘোষণা কৰা হয়।[4] পাকিস্তানৰ শাসনাধীন সময় অৰ্থাৎ ১৯৬০ চনৰ জুলাই মাহত চট্টগ্ৰাম পোৰ্ট কমিছনাৰক চট্টগ্ৰাম পোৰ্ট ট্ৰাষ্ট লৈ পৰিণত কৰা হয়, বাংলাদেশৰ স্বাধীন হোৱাৰ পাছত ১৯৭৬ চনৰ ছেপ্টেম্বৰ মাহত চট্টগ্ৰাম পোৰ্ট ট্ৰাষ্টক, চট্টগ্ৰাম পোৰ্ট অথৰিটিলৈ ৰূপান্তৰিত কৰা হয়।[5] এইটো এটা স্বায়ত্তশাসিত চৰকাৰী সংস্থা।

সুৰক্ষা[সম্পাদনা কৰক]

বাংলাদেশৰ উপকূলৰক্ষী বাহিনীয়ে বন্দৰৰ সমীপত নিৰাপত্তাৰ দায়িত্ব লয়।

নৌসেনা আৰু বিমান ঘাটি[সম্পাদনা কৰক]

বাংলাদেশৰ নৌসেনাৰ সৰ্ববৃহৎ নৌসেনাৰ ঘাটি বিএনএছ ইছা খান আৰু বাংলাদেশ নৌসেনা একাডেমী, এই চট্টগ্ৰাম বন্দৰতে অৱস্থিত। এই বন্দৰটোৱেই হৈছে বাংলাদেশৰ নৌসেনাৰ গৃহ ঘাটি। চট্টগ্ৰাম নৌসেনা এলেকাত প্ৰায়ে আন আন দেশৰ নৌসেনাৰ সৈতে যৌথ অনুশীলনৰ আয়োজন কৰা হয়, লগতে বিদেশী নৌসেনাৰ জাহাজ ভ্ৰমণ কৰা হয়। বন্দৰটোৰ ওচৰতে এটা মিছাইল লঞ্চ পেড আছে।

দুৰ্যোগ[সম্পাদনা কৰক]

২০২২ চনৰ ৪ জুন তাৰিখে নিশা ডাচ-বাংলাদেশৰ যৌথ উদ্যোগ বিএম ইনলেণ্ডৰ কণ্টেইনাৰ ডিপোত ৰাসায়নিক পদাৰ্থৰে ভৰা পাত্ৰত বিস্ফোৰণ ঘটে। এই জুই নিমিষতে বিয়পি পৰাৰ লগতে বিস্ফোৰণে কাষৰ অট্টালিকাসমূহৰ খিৰিকী ভাঙি পেলায়। এই বিস্ফোৰণৰ প্ৰভাৱ ৪ কিলোমিটাৰ (২.৫ মাইল) দূৰলৈকে অনুভৱ কৰা হৈছিল। প্ৰাথমিক অৱস্থাত বাংলাদেশৰ অগ্নিনিৰ্বাপক বাহিনীৰ আৰু অসামৰিক প্ৰতিৰক্ষাৰ কমেও ৯জন অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল আৰু দেওবাৰ সন্ধিয়ালৈকে মৃত্যুৰ সংখ্যা ৪৯ জনলৈ বৃদ্ধি পাইছিল।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Import, export through Chittagong Port up in May". The Business Standard. https://www.tbsnews.net/economy/trade/import-export-through-chittagong-port-may-89659. 
  2. চট্টগ্ৰাম বন্দৰ কৰ্তৃপক্ষ, ইয়াৰ বুক ১৯৮০, পৃঃ১৭
  3. চট্টগ্ৰাম বন্দৰ কৰ্তৃপক্ষ, ইয়াৰ বুক ১৯৮০, পৃঃ১৮
  4. মাহবুবুল হক, চিটাগাং গাইড, পৃঃ১৫
  5. চট্টগ্ৰাম বন্দৰ কৰ্তৃপক্ষ, ইয়াৰ বুক ১৯৮২, পৃঃ ২১
  6. ""At least 49 dead in 2nd day of Bangladesh cargo depot fire"". Washington Post. https://www.washingtonpost.com/world/at-least-15-dead-in-fire-at-bangladesh-container-depot/2022/06/04/b536d1c4-e47d-11ec-ae64-6b23e5155b62_story.html.