সমললৈ যাওক

চন্দ্ৰবালা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰবালা বৰুৱা
জন্ম ১৯০৭
শোণিতপুৰ জিলা
মৃত্যু ১৯৮৩
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰ্ম হিন্দু ধৰ্ম

চন্দ্ৰবালা বৰুৱা (ইংৰাজী: Chandrabala Barua) এগৰাকী আৱাহন যুগৰ অসমীয়া লেখিকা।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

জন্মস্থান তেজপুৰৰ কলিবাৰী। পিতৃৰ নাম সোণাৰাম পটংগীয়া, মাকৰ নাম মাহিন্দ্ৰী পটংগীয়া। ঘৰুৱা নাম আছিল চন্দ্ৰাৱলী। চন্দ্ৰবালাৰ স্কুলীয়া জীৱন আৰম্ভ হয় স্থানীয় টাউন হলত। পিছত তেজপুৰ ছোৱালী এম. ভি স্কুলত পঢ়ে আৰু তাৰ পৰাই দহ বছৰ বয়সতে মধ্য ছাত্ৰৰ বৃত্তি লাভ কৰে। নগাঁৱৰ মিছন স্কুলৰ পৰা 'ছিনিয়ৰ ট্রেইনিংত সুখ্যাতিৰে উত্তীৰ্ণ হয়।[1]

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

'ঘৰ জেউতি', 'আৱাহন', 'বাঁহী', 'জয়ন্তী'ত অলকা ছদ্মনামত গল্প, প্রবন্ধ আৰু কবিতা লিখিছে। 'ঘৰ-জেউতি'ৰ দ্বিতীয় বছৰ ষষ্ঠ সংখ্যাত 'আত্মনিৰ্ভৰশীলতা', দ্বিতীয় বছৰৰ নৱম সংখ্যাত 'কমলা', 'আৱাহন'ৰ চতুৰ্থ বছৰৰ সপ্তম সংখ্যাত 'বান্দীৰ জীয়েক' আৰু 'আৱাহন'ৰ পঞ্চম বছৰৰ তৃতীয় সংখ্যাত 'মায়া নে মতিভ্রম', পঞ্চম বছৰৰ পঞ্চম সংখ্যাত 'ভোটৰ উপদ্ৰৱ' নামৰ গল্প প্ৰকাশ পাইছে।[2]

প্ৰসংগসূত্ৰ

[সম্পাদনা কৰক]
  1. দত্তবৰুৱা, মঞ্জু, সম্পা.(২০১২), অসম লেখক কোষ, তৃতীয় খণ্ড, অসম সাহিত্য সভা, পৃ.৩৪
  2. দত্তবৰুৱা, মঞ্জু, সম্পা.(২০১২), অসম লেখক কোষ, তৃতীয় খণ্ড, অসম সাহিত্য সভা, পৃ.৩৪