চাউ মিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাউ মিন
পৰম্পৰাগত চীনা লিপি 炒麵
সৰলীকৃত চীনা লিপি 炒面
আক্ষৰিক অৰ্থ "ভজা নুডলছ"

চাউ মিন ভজা নুডল। এই নাম টাইচানিজ ভাষাৰ চাউ-মিঙৰ ইংৰাজীকৃত ৰূপ।[1] এই খাদ্য প্ৰবাসী চীনাসকলৰ মাজত অতিকৈ জনপ্ৰিয় আৰু ই প্ৰায় চীনা ভোজনালয়সমূহৰ খাদ্য তালিকাৰ অন্তৰ্গত।[2] ই বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ,[3] ব্ৰিটেইন,[4] নেপাল,[5] আৰু ভাৰতত[6] জনপ্ৰিয়।

নাম[সম্পাদনা কৰক]

চাউ মিনৰ অৰ্থ ভজা নুডলছ। চাউ মানে ভজা আৰু মিন মানে নুডলছ। চাউ মিন টাইছানিজ ভাষাৰ চাউ মিঙৰ অশুদ্ধ ৰূপ।

স্থানীয় ৰূপ[সম্পাদনা কৰক]

আমেৰিকান[সম্পাদনা কৰক]

চিকেন ক্যুব চাউ মিন
চাবগাম চাউ মিন
চয় চচ চাউ মিন

আমেৰিকী চীনা খাদ্যত ই এক তেলত ভজা খাদ্য য'ত নুডলছ, মাংস (প্ৰায় মুৰ্গী, কিন্তু গাহৰী, গৰু, মিছা মাছ, ট'ফু আদিও দিয়া যায়), পিঁয়াজ আৰু আজৱাইন দিয়া হয়। নিৰামিষ আৰু ভেগান চাউ মিনো উপলব্ধ।

ব্ৰাজিলীয় জাপানী খাদ্য[সম্পাদনা কৰক]

চাউ মিন ব্ৰাজিললৈ আনিল জাপানীসকলে। তাত এই খাদ্যক য়াকিচবা বোলা হয়। পিচে জাপানীসকলতকৈ অধিক ইয়াক ব্ৰাজিলীয়সকলে ভক্ষণ কৰে আৰু ই আমেৰিকী সংস্কৰণৰ সৈতে বহু মিলে।

কেনেডীয় চীনা খাদ্য[সম্পাদনা কৰক]

কানাডাত পশ্চিমীকৃত চীনা ভোজনালয়সমূহত ৩ প্ৰকাৰৰ চাউ মিন পোৱা যায়, যি আমেৰিকান সংস্কৰণসমূহতকৈ বেলেগ। কেণ্টনিজ ষ্টাইল চাউ মিন গভীৰকৈ ভজা আৰু তাত মচমচীয়া সোণালী নুডলছ, সেউজীয়া জালুক, মতৰ, বাঁহ গাজ, মিছা মাছ, গাহৰী, মুৰ্গী, গৰু আদি দিয়া হয়। সাধাৰণ চাউ মিন পশ্চিমীয়া চাউ মিনৰ দৰেই, পিচে বীন অধিক থাকে। হংকং ষ্টাইল চাউ মিন গভীৰকৈ ভজা মচমচীয়া সোণালী কণীযুক্ত নুডল্ছৰ ওপৰত দিয়া হয়। জাপানী সকলৰ নিজা সংস্কৰণ কানাডাত পোৱা যায়।[7][8]

ভাৰতীয় চীনা খাদ্য[সম্পাদনা কৰক]

বাংলাদেশী ধৰণৰ চাউ মিন

ভাৰতীয় চীনা, বাংলাদেশী চীনা আৰু পাকিস্তানী চীনা খাদ্যতো চাউ মিন জনপ্ৰিয়। ইয়াক প্ৰথম কলিকতীয়া চীনা সকলে চিনাকী কৰি দিশিল। ইয়াক প্ৰায় হাক্কা বা জুলৰ সৈতে দিয়া হয়। নিৰামিষ সকলৰ বাবে বন্ধা কবি, বাঁহ গাজ, মতৰ, জলকীয়া, গাজৰ আদি থকা সংস্কৰণ পোৱা যায়। কণীযুক্ত চাউ মিনো পোৱা যায়।[9][10] কলকাতাত নিজা বিশেষ সংস্কৰণ পোৱা যায়, যাক কালকাত্তা চাউ মিন বোলা হয়।[11]

নেপালী চীনা খাদ্য[সম্পাদনা কৰক]

নেপালী ধৰণৰ জ্বলা মুৰ্গী চাউ মিন

তিব্বতীয়সকলে চাউ মিন নেপাললৈ আনিল। নেৱাৰীসকলে ভাৰতীয় ম'হযুক্ত আৰু মুৰ্গীযুক্ত চাউমিন গ্ৰহণ কৰে।

কেৰিবিয়ান চীনা খাদ্য[সম্পাদনা কৰক]

পেৰুৱিয়ান চীনা খাদ্য[সম্পাদনা কৰক]

চাউ মিন বৰ্তমান পেৰুৰ মূলসূতিৰ পেৰুৱিয়ান সংস্কৃতিৰ অংগ হৈ পৰিছে। তাত ইয়াক তালাৰিণ চাল্টিয়েড' বোলা হয়।[12]

অষ্ট্ৰেলীয় চীনা খাদ্য[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hsiung, Deh-Ta; Simonds, Nina (2005). Food of China. Murdoch Books. পৃষ্ঠা. 239. http://books.google.co.uk/books?id=-9XWQrpbLAgC&pg=PA239&dq=#v=onepage&q&f=false. 
  2. Cho, Lily (2010). Eating Chinese. University of Toronto Press. পৃষ্ঠা. 51. http://books.google.co.uk/books?id=t024cSJL--YC&pg=PT51&dq=#v=onepage&q&f=false. 
  3. Aggarwal, Uma (2013). America's Favorite Recipes. iUniverse. পৃষ্ঠা. 199. http://books.google.co.uk/books?id=Hd_uAQAAQBAJ&pg=PA199&dq=#v=onepage&q&f=false. 
  4. Mason, Laura (2004). Food Culture in Great Britain. Greenwood Publishing Group. পৃষ্ঠা. 163. http://books.google.co.uk/books?id=9rFIyN1OWfQC&pg=PA163&dq=#v=onepage&q&f=false. 
  5. Bindloss, Joseph (2010). Nepal: Country Guide Series, Lonely Planet guidebooks. Lonely Planet. পৃষ্ঠা. 65. ISBN 9781742203614. https://books.google.com/books?id=wiIw2_WFwC4C&pg=PA65&lpg=PA65&dq=chow+mein+nepali#v=onepage&q=chow%20mein%20nepali&f=false. 
  6. Ahuja, Aashna (2015-11-27). "Indian Chinese Cuisine: India's Love Affair with Chinese Food". http://food.ndtv.com/food-drinks/indian-chinese-cuisine-indias-love-affair-with-chinese-food-1214445. 
  7. Sakauye, Russell (2013-05-29). "The Legacy of the Cumberland Chow Mein". The Bulletin (JCCA) (Japanese Canadian Citizens Association). Archived from the original on 2013-09-27. https://web.archive.org/web/20130927170954/http://jccabulletin-geppo.ca/national-feature/the-legacy-of-the-cumberland-chow-mein/. 
  8. Bain, Jennifer (2011-03-08). "Japanese-Canadian chow mein: Chow mein — with seaweed and pickled ginger — never tasted so good". Toronto Star. http://www.thestar.com/life/food_wine/recipes/2011/03/08/japanesecanadian_chow_mein.html. 
  9. "Recipe: Egg Chowmein". Zee News. 2013-01-21. http://zeenews.india.com/entertainment/gourmet/recipe/recipe-egg-chowmein_2390.htm. 
  10. Shaw, Kanchan (2010-03-17). "Egg Hakka Chowmein". Gourmet India. Archived from the original on 2013-12-17. https://web.archive.org/web/20131217050037/http://www.gourmetindia.com/topic/1253-egg-hakka-chowmein/। আহৰণ কৰা হৈছে: 2016-07-23. 
  11. Bhattacharya, Chandrima S. (June 21, 2015). "Long live chow mein: Hakka or gravy, Dacres Lane or Tangra, Chandrima S. Bhattacharya traces the journey of the ubiquitous Calcutta chowmin". Calcutta Telegraph. http://www.telegraphindia.com/1150621/jsp/calcutta/story_26925.jsp#.VcaYLbXCV7k. 
  12. "Lunch Bunch: A Peruvian twist; Andes fare meets Mexican eatery". Times Record News. 2012-07-06. Archived from the original on 2013-10-20. https://web.archive.org/web/20131020171211/http://www.timesrecordnews.com/news/2012/jul/06/lunch_bunch/.