চাট মছলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাট মছলা

চাট মছলা হৈছে দক্ষিণ এছিয়াত উৎপত্তি হোৱা গুড়া মছলাৰ মিশ্ৰণ। সাধাৰণতে চাটত সোৱাদ যোগ কৰিবলৈ এই মচলাৰ ব্যৱহাৰ কৰা হয়। ইয়াত সাধাৰণতে আমচুৰ (শুকান আমৰ গুড়ি), জিৰা, ধনীয়া, শুকান আদা, নিমখ (সততে ক'লা নিমখ), জালুক, আছাফ'ইটিডা আৰু জলকীয়া গুড়ি থাকে।[1] ঐচ্ছিকভাৱে গৰম মছলাও অন্তৰ্ভুক্ত।[2]

ব্যৱহাৰ[সম্পাদনা কৰক]

চাট প্ৰস্তুত কৰাত ইয়াৰ ব্যৱহাৰৰ বাহিৰেও অমিতা, ছীকু, আপেল আৰু কল আদিৰে তৈয়াৰী ভাৰতীয় ফলৰ চালাডত চাট মছলাৰ ব্যৱহাৰ কৰা হয়।[2] ভাৰতত আলু,[1] ফলমূল, কণীৰ টোষ্ট আৰু নিয়মীয়া চালাডৰ ওপৰতো চাট মছলা ছটিয়াই দিয়া হয়।

মছলাৰ ব্ৰেণ্ডসমূহে ফলৰ চাট মছলা নামৰ বিকল্প মছলাৰ মিশ্ৰণ বিক্ৰী কৰে। এই মছলাত জিৰা, ধনীয়া, আৰু আদা কমকৈ থাকে, বিপৰীতে জলকীয়া গুড়ি, ক’লা নিমখ, আমচূৰ আৰু ছফ গুড়ি বেছি থাকে। ৰাজপথৰ বিক্ৰেতাসকলে সাধাৰণতে নিজাকৈ চাট মছলা মিহলাই লয়। কটা ফল বা সতেজ শাক-পাচলিৰ ওপৰত ছটিয়াই সোৱাদ দিয়া হয়। কেতিয়াবা কেৱল জলকীয়া গুড়িৰ সৈতে ক'লা নিমখ ব্যৱহাৰ কৰা হয়।[1][3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Saran, Suvir (2012). Masala Farm. Chronicle Books. পৃষ্ঠা. 214. ISBN 9781452110325. https://books.google.com/books?id=WoAKgk2lKFIC&q=%22Chaat+masala%22। আহৰণ কৰা হৈছে: 17 February 2020. 
  2. 2.0 2.1 Peter, K. V., ed (2012). Handbook of herbs and spices. 2. Woodhead. পৃষ্ঠা. 124. 
  3. The encyclopedia of herbs, spices & flavorings. Elisabeth Lambert Ortiz. প্ৰকাশক New York: Dorling Kindersley. 1992. ISBN 1-56458-065-2. OCLC 25316107. https://www.worldcat.org/oclc/25316107.