চামাদি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

চামাদি তিৱাসকলৰ সমাজ সংস্কৃতিত এটি অপৰিহাৰ্য অংগ। তিৱা সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত চামাদিৰ গুৰুত্ব অসীম। প্ৰাচীন কালৰে পৰা তিৱা সকলৰ মাজত চামাদিৰ পৰম্পৰা প্ৰচলিত। তিৱা ভাষাৰ 'চামাদি' শব্দটিৰ অৰ্থ 'ডেকাচাং'। ডেকাচাং শব্দটি জনজাতীয় সমাজ আৰু সংস্কৃতিক পৰম্পৰাত ইয়াৰ আভিধানিক অৰ্থতকৈ বেছি তাৎপৰ্যপূৰ্ণ। 'ডেকাচাং' কেৱল এখন চাং নহয় বা কেৱল ডেকাসকলৰ অৱসৰ বিনোদনৰ এটা গৃহ নহয়, ই এটা বিশেষ অনুষ্ঠান - যাৰ যোগেদি জনজাতীয় লোকসকলে অতি সুপৰিকল্পিতভাৱে সমাজ সংগঠন আৰু পৰিচালনা কৰে। তিৱা সমাজৰ যিকোনো সমস্যাৰ স'তে চামাদি তথা ইয়াৰ বিষয়ববীয়াসকল জড়িত। গাওঁ এখনৰ সকলো ৰাজহুৱা সমস্যা, দুৰ্যোগ আদিৰ সমাধানত চামাদিৰ বিশেষ ভূমিকা আছে। আনহাতে, তিৱা সমাজৰ বহু উৎসৱ-পাৰ্বণ উদযাপনৰ সুপৰিকল্পিত আঁচনি সাধাৰণতে চামাদিৰ বিষয়াসকলৰ জৰিয়তেই কৰা হয়।[1]

তিৱা জনগোষ্ঠীৰ চমু পৰিচয়[সম্পাদনা কৰক]

তিৱাসকল ভাৰতীয় কিৰাত গোষ্ঠীৰ অন্তৰ্গত। অন্য প্ৰকাৰে তেওঁলোক ইন্দো-মংগোলীয় নৃগোষ্ঠীয়। তেওঁলোক লালুং নামেৰেও পৰিচিত যদিও নিজকে তিৱা বুলি চিনাকি দিবলৈ ভাল পায়।[2] তিৱাসকল অসমৰ আদিম অধিবাসী। তিৱা সকলৰ নিজস্ব ভাষা সংস্কৃতি আছে। এওঁলোক তিব্বতবৰ্মী গোষ্ঠীৰ লোক। এওঁলোকৰ আদি বাসস্থান আছিল তিব্বত মালভূমি। গুণাভিৰাম বৰুৱাই অসম বুৰঞ্জীত তিৱা বা লালুং লোকসকলেই অসমৰ আদিম অধিবাসী বুলিছে। তেখেতৰ মতে " এই দেশৰ লোক সকলক প্ৰধানকৈ তিনি শ্ৰেণীত ভগাব পাৰি। প্ৰথম আৰ্য অৰ্থাৎ আৰ্যাবৰ্ত বা ভাটীৰফালৰ পৰা আহি বাস কৰিছেহি যাৰ ভাষা সংস্কৃতমূলক। দ্বিতীয় অনাৰ্য অৰ্থাৎ যিসকল আৰ্য সন্তান নহয়, যি এই দেশত আদিৰে পৰা বসবাস কৰি আছে বা পাছত দেশলৈ আহিছে আৰু যাৰ স্বতন্ত্ৰ ভাষা আছিল বা আছে। ইয়াৰ মাজত এই দেশৰ মিকিৰ কছাৰী লালুং আহোম প্ৰভৃতি পৰে। তৃতীয় মিশ্ৰ জাতি অৰ্থাৎ আৰ্য আৰু অনাৰ্য জাতিৰ দ্বাৰা উৎপন্ন হোৱা জাতি অধিকাংশ কোচ আৰু চুতীয়া প্ৰভৃতি জাতি ইয়াৰ অন্তৰ্গত। " সেই কছাৰীৰ এক উপজাতি। লালুং সকল প্ৰায় সমভূমিত থাকে।[3] মধ্য অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে নগাঁও মৰিগাঁও, কামৰূপৰ দক্ষিণ পূব অঞ্চল, কাৰ্বি আংলং জিলা আদি আৰু মেঘালয়ৰ দাঁতি কাষৰীয়া অঞ্চলে তিৱাসকলৰ আদিভূমি, যি বৰ্তমান লালুং স্বায়ত্ত্ব শাসিত অঞ্চল হিচাপে চিহ্নিত।[4]ধেমাজি, তিতাবৰ আৰু নাহৰকটীয়াতো তিৱালোকৰ বসতি আছে।

চামাদিৰ নিৰ্মাণ[সম্পাদনা কৰক]

চামাদি নিৰ্মাণত তিৱাসকলে চাংঘৰ পদ্ধতি ব্যৱহাৰ কৰে। ই চাংযুক্ত এটা উদং ঘৰ, ইয়াৰ কোনো বেৰ খোৰ নাথাকে। যিখিনি ঠাইত চামাদি নিৰ্মাণ কৰা হয় সেই ঠাইডোখৰ প্ৰথমতে পৰিষ্কাৰ কৰি চাঁচি লৈ গোবৰ পানীৰে লিপি লোৱা হয়। সন্ধিয়াপৰত কলপাতত এযোৰ তামোল পাণ আৰু চাউল, তামৰ পইচা এটা দি সেই স্থানত থাপনা পতা হয়। থাপনাৰ ওচৰতে 'জু' (সাজপানী) এলোটা আৰু বাঁহৰ সৰু চুঙা কেইটামান ৰখা হয়। থাপনাৰ চাউলৰ ওপৰত এটা আঙুঠি আৰু তাৰ ওপৰত কুকুৰাৰ কণী দি থাপিব লাগে। ইয়াৰ পিছত শলিতা জ্বলাই লোটাৰ পৰা জু অলপ কলপাতত বাকি দিয়াৰ পিছত তামৰ পইচা দি ফা-মহাদেউ আৰু চাৰিভাই চাৰিকৰাৰ স্তুতি কৰি চামাদি নিৰ্মাণৰ ঠাইটুকুৰা মাগে। এনেদৰে পূজা কৰি ৰাতিয়েই তাৰপৰা গুচি আহে। পিছদিনা পুৱাই গৈ স্থানডোখৰ নিৰীক্ষণ কৰা হয়। তাত যদি বাঘ অথবা চৰাই চিৰিকতিৰ খোজ দেখা পোৱা যায়, তেনেহ'লে সেই ঠাই চামাদি নিৰ্মাণৰ উপযুক্ত হ'য়। অন্যথা একে নিয়মেৰে আন ঠাই বাচি ল'ব লাগিব। চামাদি ঘৰ সাধাৰণতে গাঁৱৰ সোঁমাজতে সজা হয়। তিৱা সকলৰ 'চামাদি'ত তিৰোতা মানুহ উঠাটো নিষিদ্ধ। আনকি সৰু সৰু ছোৱালীয়েও কদাপি তাত নুঠে। তিৱা সমাজত প্ৰচলিত জনশ্ৰুতিমতে এই চামাদি মহাদেৱ আৰু তেওঁৰ লগৰীয়াসকলৰ অৱসৰ বিনোদনৰ গৃহ আৰু বাসগৃহ, নৃত্যগীতৰ উৎস লগতে মানুহে বাস কৰা আদিম ঘৰৰ নমুনা।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বৰদলৈ, জ্যোতিৰ্ময় (অক্টোবৰ ২০১৭). "তিৱা সকলৰ 'চামাদি'". তিৱা জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতি. প্ৰকাশক গুৱাহাটী ৩: তিৱা সাহিত্য পৰিষদ. পৃষ্ঠা. ২৫৪ - ২৫৮. ISBN 978-93-87035-11-9. 
  2. শৰ্মা, নবীন চন্দ্ৰ (অক্টোবৰ ২০১৭). "ভূমিকা". তিৱা জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতি. প্ৰকাশক গুৱাহাটী ৩: তিৱা সাহিত্য পৰিষদ. পৃষ্ঠা. ১৩. ISBN 978-93-87035-11-9. 
  3. বৰুৱা, নৱকান্ত (২২ অক্টোবৰ ২০০৩). "তিৱা জনজাতি আৰু সংস্কৃতি". অসমীয়া জাতি আৰু সংস্কৃতি. প্ৰকাশক গুৱাহাটী ৯: অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়. পৃষ্ঠা. ১০৩ - ১০৫. 
  4. ৰাভা হাকাচাম, উপেন (২০০৯). "অসমীয়া আৰু তিব্বত বৰ্মীয় ভাষা". অসমীয়া আৰু তিব্বত বৰ্মীয় ভাষা. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২. 
  5. দেউৰী, মনেশ্বৰ (২০০৫). "তিৱা সকলৰ চামাদি". তিৱাসকলৰ চামাদি (ডেকাচাং) অনুষ্ঠানঃ এটি বিশ্লেষণাত্মক অধ্যয়ন. প্ৰকাশক গুৱাহাটী: মনেশ্বৰ দেউৰী. পৃষ্ঠা. ৫৬.