চাৰ্কাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

চাৰ্কাছ (ইংৰাজী: Circus)-ৰ উৎপত্তি নতুন নহয়, ই বহু পুৰণি। আদিতে অৱশ্যে ইয়াক চাৰ্কাছ বোলা হোৱা নাছিল। প্ৰথম চাৰ্কাছ হৈছিল খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত ৰোমত। সেই সময়ত ৰোমানসকলৰ ৰজা আছিল তাৰ্কিনিয়াছ প্ৰিছকাছ (Tarquinus Priscus)। এইজনা ৰজাই লেটিনসকলক যুদ্ধত হৰুৱাই এপিঅ'লাছ (Apiolus) অধিকাৰ কৰি পেলেটাইন আৰু এডেণ্টিন পাহাৰৰ (ৰোমৰ সাতটা পাহাৰৰ এটা) মাজৰ কোনো এঠাইত বিজয় উত্সৱ পাতিছিল। এই উৎসৱৰ এটা প্ৰধান খেল আছিল ৰথদৌৰ। এই উৎসৱ মানুহবোৰে ইমান ভাল পালে যে তেওঁলোকে ইয়াৰ বাবে এটা ঘৰ স্থায়ীভাৱে সজাই ল'লে। এই ঘৰটোৰ মাজডোখৰ আছিল ঘূৰণীয়া। ইংৰাজীত ঘূৰণীয়া বা গোল শব্দটোক 'চাৰ্কল' (Circle) বোলা হয়। চাৰ্কল শব্দটোৰ পৰাই এই ঘৰটোক 'চাৰ্কাছ' বুলি কোৱা হৈছিল। তাৰ্কিনিয়াছ ৰজাৰ এই চাৰ্কাছ পাচলৈ অৱশ্যে 'চাৰ্কাছ মেক্সিমাছ' (Circus Maximus) বুলিহে জনাজাত হৈ পৰে। এনে চাৰ্কাছত ৰথ দৌৰৰ লগতে এনে কিছুমান খেল দেখুওৱা হৈছিল য'ত মানুহ আৰু পশুৰ বীভত্স মৃত্যুৱেই আছিল মজাৰ উত্স। এই মেক্সিমাছ চাৰ্কাছেই আছিল আধুনিক চাৰ্কাছৰ পূৰ্বপুৰুষ। সম্ৰাট জুলিয়াছ চিজাৰে এই চাৰ্কাছৰ কিছু সংস্কাৰ সাধন কৰিছিল। এই চাৰ্কাছৰ প্ৰধান আকৰ্ষণ আছিল ঘোঁৰাই টনা ৰথৰ দৌৰ। অনুশীলনপ্ৰাপ্ত তিনি বা চাৰিটা ঘোঁৰাই টনা ৰথৰ চালক আছিল ক্ৰীতদাস। ৰথবোৰ আছিল বিশাল আৰ বৰ্ণাঢ্য। ৰথৰ দৌৰ প্ৰতিযোগিতাত পৰাজিত চালকক লগে লগেই হত্যা কৰা হৈছিল। এইটোৱেই আছিল মেক্সিমাছ চাৰ্কাছৰ বীভত্স মজাৰ খেল। তদুপৰি সেই সময়ৰ বহু ৰজাই এখন দেশ জয় কৰিলে সেই দেশৰ পৰা বহু জীৱ-জন্তু ধৰি আনি প্ৰথমে সেইবোৰৰ মাজত যুঁজ লগোৱাইছিল। পাচত সেই জন্তুবোৰ সমূহীয়াভাৱে বধ কৰিছিল। এইদৰে সম্ৰাট আগষ্টাছৰ ৰাজত্ব কালত হেনো চাৰ্কাছ খেলত তিনি হাজাৰৰো অধিক প্ৰাণী হত্যা কৰা হৈছিল।

বৰ্তমান অৱশ্যে চাৰ্কাছত দৰ্শকক আমোদ-প্ৰমোদ দিয়াৰ বাবেহে খেল তথা কৌশল দেখুওৱা হয় আৰু এনে ধৰণৰ চাৰ্কাছৰ সূচনা হয় অষ্টাদশ শতিকাৰ শেষৰফালে। সেইসময়ত ইংলেণ্ডত ফিলিপ এষ্টলি (Philip Astley) নামৰ এজন সামৰিক বিষয়া আছিল। ১৭৬৯ চনৰ কোনোবা এদিনাখন এষ্টলিয়ে অকস্মাতে লণ্ডনৰ বাটত এটা হীৰাৰ আঙঠি হেৰাই পায়। এষ্টলিয়ে সেই সময়ত ঘোঁৰা চলোৱাত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। সেয়ে তেওঁ হীৰাৰ আঙঠিটো বিক্ৰী কৰি পোৱা ধনেৰে এখন খেল দেখুওৱা ঠাই সাজি উলিয়ালে আৰু তাতে তেওঁ ঘোঁৰাত উঠি নানা ধৰণৰ খেলা দেখুওৱাবলৈ ল'লে। এই ঘোঁৰাৰ খেলা দেখুওৱাৰ বাবে তেওঁ দৰ্শকৰ পৰা পইচা লৈছিল। লাহে লাহে যেতিয়া দৰ্শক বেছি হ'বলৈ ধৰিলে তেতিয়া এষ্টলিয়ে আন এখন ঠাইত ঘেৰ দি লৈ সেই ঘেৰৰ ভিতৰত ঘোঁৰাৰ উপৰি আন জীৱ-জন্তুক লৈ খেলা দেখুওৱা আৰম্ভ কৰিলে। বৰ্তমান অৱশ্যে চাৰ্কাছত জীৱ-জন্তু প্ৰৰ্দশন কৰাটো বন্ধ কৰা হৈছে।

১৭৮২ চনত এষ্টলিয়ে প্ৰথমবাৰৰ বাবে 'চাৰ্কাছ' শব্দটো ব্যৱহাৰ কৰি 'ৰয়েল চাৰ্কাছ' নামৰ এটা চাৰ্কাছ দেখুওৱা কোম্পানী প্ৰতিষ্ঠা কৰে। এনেদৰেই এষ্টলিয়ে চাৰ্কাছৰ লগত পূৰ্বতে জড়িত থকা বীভত্স মৃত্যু আৰু হত্যাৰ সকলো সম্পৰ্ক ছিন্ন কৰি জন্ম দিলে আধুনিক চাৰ্কাছৰ। এষ্টলিৰ চেষ্টাতেই অষ্টাদশ শতিকাৰ শেষৰফালে ফ্ৰান্স, ইংলেণ্ড, আমেৰিকা, ইটালী, ৰাছিয়া আদিতো চাৰ্কাছৰ শুভাৰম্ভ হ'ল। চাৰ্কাছৰ ইতিহাসত অসমৰো অৰিহণা নথকা নহয়। বহুতৰ মতে অসমশিৱসাগৰৰ ৰংঘৰ বাকৰিত আহোম স্বৰ্গদেউসকলে যি ৰং-ধেমালি, জীৱ-জন্তুৰ যুঁজ আদিৰ আয়োজন কৰিছিল সেইবোৰ আচলতে এক প্ৰকাৰৰ চাৰ্কাছেই আছিল। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ পৰা অসমতো আধুনিক চাৰ্কাছৰ প্ৰচলন হয়।

চাৰ্কাছৰ এটা মন কৰিবলগীয়া কথা হ'ল যে ইয়াত জ'কাৰৰ দুই-এটা কথা আৰু ৰিং মাষ্টাৰজনৰ নিৰ্দেশৰ বাহিৰে আনসকলে কোনো কথা নকয়। আচলতে ইংলেণ্ডৰ থিয়েটাৰবোৰত আগতে এনে এটা নিয়ম আছিল যাতে কোনো কথা কোৱা নহয়। চকুৰে দেখিয়েই যাতে থিয়েটাৰ সকলোৱে উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছিল। সেই নিয়ম ৰাখিয়েই আজিও চাৰ্কাছবিলাকত কোনো কথা কোৱা নহয়।