চাৰ অধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাৰ অধ্যায়
Char Adhyay
পৰিচালক কুমাৰ শ্বাহানী
ৰচনা কুমাৰ শ্বাহানী
উদয়ন বাজপেয়ী(সংলাপ)
ভিত্তি চাৰ অধ্যায় (১৯৩৪)
লেখক: ৰবীন্দ্ৰনাথ ঠাকুৰ
প্ৰযোজক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)
দূৰদৰ্শন
চিত্ৰগ্ৰহণকাৰী কে.কে. মহাজন
সম্পাদনা সুজাতা নৰুলা
সংগীত পৰিচালক বনৰাজ ভাটিয়া
মুক্তি
১৯৯৭
দৈৰ্ঘ্য
১১০ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

চাৰ অধ্যায় (ইংৰাজী: Four Chapters) হৈছে ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত, কুমাৰ শ্বাহানীৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখনি ড্ৰামা চলচ্চিত্ৰ৷ চলচ্চিত্ৰখনি ৰবীন্দ্ৰনাথ ঠাকুৰৰ অন্তিম উপন্যাসৰ ওপৰত আধাৰিত৷উপন্যাসখন লিখা হৈছিল ১৯৩৪ চনত৷[1]

১৯৩০আৰু ১৯৪০ৰ দশকৰ বাংলা ৰেনেছাঁৰ অন্তিমছোৱা সময়ৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছিল৷ ইয়াৰ লগতে ভাৰতীয় স্বাধীনতা আন্দোলনত অংশ লোৱা এচাম উদীয়ামান ডেকা বিপ্লৱীৰ কৰ্মকাণ্ড ছবিখনত সন্নিৱিষ্ট হৈছিল৷ [1][2][3]

ছবিখনত অভিনয় কৰা অধিকাংশ অভিনেতাই আছিল অপেছাদাৰী শিল্পী৷ নন্দিনী ঘোষাল আছিল কেলুচৰণ মহাপাত্ৰৰ অধীনত শিক্ষা লোৱা এগৰাকী ওডিছি নৃত্যশিল্পী৷ আনহাতে কৌশিক গোপাল আছিল ছাইক'এনেলিষ্ট৷ সুমন্ত ছট্টোপাধ্যায়ে বিজ্ঞাপনৰ কাম চোৱাৰ লগতে থিয়েটাৰ গোষ্ঠীত অভিনয় কৰিছিল৷[3]

অভিনয়-শিল্পী[সম্পাদনা কৰক]

  • সুমন্ত ছট্টোপাধ্যায় (অতীন্দ্ৰ)
  • নন্দিনী ঘোষাল (ইলা)
  • কৌশিক গোপাল (ইন্দ্ৰনাথ)
  • শিৱপ্ৰসাদ মূখাৰ্জী
  • শ্ৰুতি ইউছিফী
  • ৰজত কাপুৰ
  • ৰামচন্দ্ৰ পৰিহাৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Rabindranath Tagore (2011). The Essential Tagore. Harvard University Press. পৃষ্ঠা. 656. ISBN 978-0-674-05790-6. https://books.google.com/books?id=5Ih-TOTwfogC&pg=PT692. 
  2. "Kumar Shahani". The 5th Asia Pacific Triennial of Contemporary Art. Archived from the original on 10 May 2014. https://web.archive.org/web/20140510084006/http://www.qagoma.qld.gov.au/asiapacifictriennial5/cinema/filmmakers/kumar_shahani। আহৰণ কৰা হৈছে: 2014-05-03. 
  3. 3.0 3.1 Madhu Jain (14 July 1997). "Char Adhyay: Tagore novel adaptation is set to create ripples". India Today. http://indiatoday.intoday.in/story/char-adhyay-tagore-novel-adaptation-is-set-to-create-ripples/1/274436.html। আহৰণ কৰা হৈছে: 2014-05-04. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]