চাৰ চিনাৰ
স্থানীয় নাম: ৰোপা লেংক, বা ৰূপা লেংক | |
---|---|
ভৌগোলিক | |
অৱস্থান | ডাল হ্ৰদ |
ভৌগোলিক স্থানাংক | 34°06′01″N 74°51′59″E / 34.1004°N 74.8663°Eস্থানাংক: 34°06′01″N 74°51′59″E / 34.1004°N 74.8663°E |
মাটিকালি | 18 km2 (6.9 sq mi) |
ৰাষ্ট্ৰ | |
ভাৰত | |
জনগাঁথনি | |
জাতিৰ নাম | চাৰ চিনাৰী |
জনগোষ্ঠীসমূহ | কাশ্মিৰী |
চাৰ চিনাৰ (ইংৰাজী: Char Chinar) হৈছে জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰ চহৰৰ ডাল হ্ৰদত অৱস্থিত এটা দ্বীপ, যাক চাৰ চিনাৰী, ৰোপা লেংক বা ৰূপা লেংক নামেৰেও জনা হয়। লকুট ডাল (সৰু ডাল)ত অৱস্থিত এই দ্বীপটোক ৰোফ লেংক (চিলভাৰ আইলেণ্ড) নামেৰেও জনা যায়। হ্ৰদখনৰ চুকত, চাৰিটা চিনাৰ গছ থকাৰ বাবেই ইয়াক চাৰ চিনাৰী (অৰ্থাৎ, চাৰিটা চিনাৰ) বুলি জনা যায়।[1][2] সোণ লেংক (গোল্ড আইলেণ্ড) নামেৰে জনাজাত, দ্বিতীয়টো চিনাৰ দ্বীপ, বড ডাল (ডাঙৰ ডাল)ত অৱস্থিত। ইয়াৰ পৰা হজৰতবলৰ দৰগাহটো দেখা যায়।[2]
ইতিহাস
[সম্পাদনা কৰক]মোগল সম্ৰাট ঔৰংগজেবৰ ভাতৃ, মুৰাদ বখ্শই ৰোফ লেংকৰ নিৰ্মাণ কৰিছিল।[3]
চিনাৰ
[সম্পাদনা কৰক]বিশেষকৈ পশ্চিম হিমালয়ত চিনাৰ গছ গজে। ইহঁতৰ বৈজ্ঞানিক নাম প্লেটানাছ অৰিয়েণ্টেলিছ (Platanus orientalis)। এই গছবোৰ কাশ্মীৰৰ পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে, কাশ্মীৰৰ প্ৰায় প্ৰতিখন গাঁৱতে চিনাৰ গছ পোৱা যায়। এই গছবোৰ যুগ যুগ ধৰি জীয়াই আছে, কাৰণ চিনাৰ গছবোৰ মূলতঃ দীৰ্ঘজীৱী গছ। পৰ্যাপ্ত পানী থকা শীতল জলবায়ুৰ অঞ্চলত ই ব্যাপকভাৱে গজি উঠে। গছজোপাৰ কেইবাটাও গুণ আছে। পাত আৰু বাকলি ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়, কাঠখিনি (লেছ উড নামেৰে জনাজাত) সূক্ষ্ম আচবাব-পত্ৰ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ডাল আৰু শিপাবোৰ ৰং বনাবলৈ ব্যৱহাৰ কৰা হয়।[4]
অৱনতি আৰু পুনৰুদ্ধাৰ
[সম্পাদনা কৰক]চোৰাংকৈ গছ কটা আৰু বানপানীৰ দৰে বিভিন্ন কাৰণত, সমগ্ৰ জম্মু-কাশ্মীৰতে চিনাৰ গছবোৰ ক্ষতিগ্ৰস্ত হৈছে। দ্বীপটোৰ চাৰিটা গছৰ ভিতৰত তিনিটা গছত শুকাই যোৱাৰ লক্ষণ দেখা গৈছে। কিছুমান স্থানীয় লোকে দ্বীপটোত চলি নিৰ্মাণ কাৰ্যক ইয়াৰ বাবে দোষাৰোপ কৰে, আনহাতে আন কিছুমানে সাম্প্ৰতিক বানপানী আৰু জলবায়ু পৰিৱৰ্তনক দোষাৰোপ কৰে।[5][6]
জম্মু-কাশ্মীৰৰ পুষ্পকৃষি বিভাগে দ্বীপটো পুনৰ নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু লগতে দ্বীপটোত প্ৰচুৰ পৰিমাণে চিনাৰ গছো ৰোপণ কৰিছে।[3]
চিত্ৰ বীথিকা
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Geographer". The Geographer খণ্ড 41: 24. 1994. https://books.google.com/books?id=twRLAAAAYAAJ&q=%22char+chinari%22+-wikipedia.
- ↑ 2.0 2.1 Sharma, Shiv (2008). India - A Travel Guide. Diamond Pocket Books (P) Ltd.. পৃষ্ঠা. 816. ISBN 9788128400674.
- ↑ 3.0 3.1 "The lost charm of Char Chinari" (en-US ভাষাত). https://www.kashmirmonitor.in/Details/128226/the-lost-charm-of-char-chinari.
- ↑ Ashiq, Peerzada (2015-11-19). "The speaking tree of Kashmir" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/thread/reflections/article7892357.ece.
- ↑ "Dying Chinars enchant no visitors at Char Chinari" (en-gb ভাষাত). Kashmir Reader. https://kashmirreader.com/2017/07/27/dying-chinars-enchant-no-visitors-char-chinari/.
- ↑ "Kashmir's famed Char Chinari island dying a slow death". The Tribune. 8 August 2017. http://www.tribuneindia.com/news/jammu-kashmir/kashmir-s-famed-char-chinari-island-dying-a-slow-death/448603.html.
ৱিকিমিডিয়া কমন্সত চাৰ চিনাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |