সমললৈ যাওক

চিংগিজ আইৎমাতভ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিংগিজ আইৎমাতভ
২০০৩ চনত আইৎমাতভ
২০০৩ চনত আইৎমাতভ
জন্ম (1928-12-12)১২ ডিচেম্বৰ ১৯২৮

শ্বেকাৰ, কিৰগিজ ASSR, ছোভিয়েট ইউনিয়ন
মৃত্যু ১০ জুন ২০০৮(2008-06-10) (বয়স  ৭৯)

নুৰেমবাৰ্গ , জাৰ্মানী[1]
Genre উপন্যাস, গল্প
উল্লেখযোগ্য গ্ৰন্থ জামিলা, The Day Lasts More Than a Hundred Years

চিংগিজ আইৎমাতভ (ইংৰাজী: Chinghiz Torekulovich Aitmatov)[টোকা 1] এজন কিৰগিজস্তানৰ জনপ্ৰিয় লেখক আছিল। কিৰগিজস্তানৰ হ'লেও তেওঁ মূলতঃ ৰাছিয়া ভাষাত বেছিকৈ লিখা মেলা কৰিছিল।[2][3][4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আইৎমাতভৰ দেউতাক কিৰগিজস্তানৰ আছিল আৰু মাক এগৰাকী টাৰ্টাৰ আছিল। আইৎমাতভৰ দেউতাক ১৯৩৭ চনত মস্কোত "বুৰ্জোৱা জাতীয়তাবাদ"ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ১৯৩৮ চনত মৃত্যুদণ্ড দিয়া হৈছিল।

আইৎমাতভে নিজৰ জীৱনকালতে দেখা পাইছিল কিৰগিজস্তান ৰাছিয়ান সাম্ৰাজ্যৰ আটাইতকৈ দূৰৱৰ্তী অঞ্চলৰ পৰা কেনেকৈ ছোভিয়েট ৰাছিয়াৰ গণৰাজ্যলৈ ৰূপান্তৰিত হৈছিল। আইৎমাতভে শ্বেকাৰৰ এখন ছোভিয়েট বিদ্যালয়ত অধ্যয়ন কৰিছিল। জীৱন নিৰ্বাহৰ বাবে তেওঁ অতি কম বয়সৰ পৰাই কাম কৰিবলৈ লৈছিল। চৈধ্য বছৰ বয়সত, তেওঁ ভিলেজ ছোভিয়েটৰ সচিবৰ সহায়ক আছিল। পিছলৈ তেওঁ কৰ সংগ্ৰাহক, লোডাৰ আৰু এজন অভিযন্তাৰ সহায়ক আদিৰ লগতে বিভিন্ন কামত জড়িত হৈছিল।

১৯৪৬ চনত তেওঁ ফ্ৰুঞ্জৰ কিৰগিজ কৃষি প্ৰতিষ্ঠানৰ পশুপালন বিভাগত অধ্যয়ন আৰম্ভ কৰে। কিন্তু পিছলৈ মস্কোৰ মেক্সিম গৰ্কি সাহিত্য প্ৰতিষ্ঠানত সাহিত্য অধ্যয়নলৈ পাতনি মেলে। মস্কোত তেওঁ ১৯৫৬ চনৰ পৰা ১৯৫৮ লৈ বাস কৰিছিল। পৰৱৰ্তী আঠ বছৰ তেওঁ প্ৰভদা(Pravda)ৰ বাবে কাম কৰিছিল।

১৯৬১ চনত তেওঁ মস্কোত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত জুৰিৰ সদস্য হৈছিল।[5] ১৯৭১ চনত তেওঁ মস্কোত অনুষ্ঠিত হোৱা সপ্তম আন্তজাৰ্তিক চলচ্চিত্ৰ উৎসৱৰ জুৰিৰ সদস্য আছিল।[6] ১৯৯৪ চনত তেওঁ ৪৪ তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰিৰ সদস্য আছিল। .[7] ২০০২ চনত তেওঁ ২৪ তম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সভাপতি আছিল। .[8]

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]
২০০৭ চনত আইৎমাতভ

আইৎমাতভৰ প্ৰথম ৰচনা দুখন ১৯৫২ চনত ৰাছিয়ান ভাষাত প্ৰকাশিত হৈছিল: "Газетчик Дзюйо" ("দ্য নিউজপেপাৰ বয় ডিজিউইঅ") আৰু "Ашым" ("অসীম")। কিৰগিজ ভাষাত প্ৰকাশিত তেওঁৰ প্ৰথম ৰচনা আছিল "Ак Жаан" ("হোৱাইট ৰেইন", ১৯৫৪), আৰু তেওঁৰ প্ৰসিদ্ধ ৰচনা "জামিলা" ১৯৫৮ চনত প্ৰকাশ পাইছিল।

১৯৮০ চনত তেওঁৰ প্ৰথমখন উপন্যাস 'দি দে লাষ্টচ ম'ৰ ডেন এ হাণ্ডেদ ইয়েৰছ' প্ৰকাশ হয়। ১৯৮৭ চনত তেওঁৰ অন্য এখন উপন্যাস' The Place of the Skull' প্ৰকাশ হয়। তেওঁৰ ' দি লাষ্টচ ম'ৰ ডেন এ হাণ্ডেদ ইয়েৰছ' উপন্যাসখনকে ধৰি অন্যান্য গ্ৰন্থসমূহ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে।

আইতমাতভক ১৯৬৩ চনত টেলছ অফ দ্য মাউণ্টেইনছ এণ্ড ষ্টেপছৰ বাবে লেনিন বঁটা (জামিলা, প্ৰথম শিক্ষক আৰু বিদায়, গুলচাৰীকে ধৰি এটা সংকলন! ) পুৰস্কৃত কৰা হৈছিল আৰু পিছত বিদায়, গুলচাৰীৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হৈছিল।[9] আনকি আইৎমাতভৰ সমালোচকসকলেও তেওঁৰ উপন্যাসসমূহ উচ্চ মানদণ্ডৰ বুলি উল্লেখ কৰিছিল।

তেওঁৰ গ্ৰন্থৰ কিছুমান কাহিনীক লৈ চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল, যেনে ১৯৬৫ চনত প্ৰথম শিক্ষক, ১৯৬৯ চনত জামিলা, আৰু কেইবাবাৰো টু হেভ এণ্ড টু লজ।

আইৎমাতভ কিৰগিজ আৰু ৰাছিয়ান দুয়োটা ভাষাতে সাবলীল আছিল। তেওঁ এটা সাক্ষাৎকাৰত কৈছিল, ৰাছিয়ান তেওঁৰ বাবে কিৰগিজৰ দৰেই এক স্থানীয় ভাষা। প্ৰাৰম্ভিক ৰচনাসমূহ বেছিভাগেই তেওঁ কিৰগিজতে লিখিছিল ইয়াৰে কিছুমান তেওঁ পিছলৈ নিজে ৰাছিয়ান ভাষালৈ অনুবাদ কৰিছিল, আনহাতে আন কিছুমান অনুবাদকে ৰাছিয়া ভাষালৈ অনুবাদ কৰিছিল। ১৯৬৬ চনৰ পৰা তেওঁ ৰাছিয়ান ভাষাত লিখিবলৈ লৈছিল।

কূটনৈতিক জীৱন

[সম্পাদনা কৰক]

তেওঁৰ সাহিত্যকৰ্মৰ উপৰিও, চিংগিজ আইৎমাতভ ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰদূত হিচাপে বেলজিয়ামত আছিল। ৰাছিয়াআৰু পিছলৈ কিৰগিজস্তানৰ হৈ ইউৰোপীয় ইউনিয়ন, নাটো, ইউনেস্কো আৰু বেনেলাক্স দেশত ৰাষ্ট্ৰদূত আছিল।

২০০৮ চনৰ ১৬ মে তাৰিখে আইৎমাতভক জাৰ্মানীৰ নুৰেমবাৰ্গৰ এখন চিকিৎসালয়ত বৃক্ক বিকল হোৱাৰ বাবে ভৰ্তি কৰোৱা হয় আৰু ইয়াতে ২০০৮ চনৰ ১০ জুনত ৭৯ বছৰ বয়সত নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। [10]

বঁটাসমূহ

[সম্পাদনা কৰক]

চোভিয়েট ইউনিয়নৰ

[সম্পাদনা কৰক]

কিৰগিজস্তান

[সম্পাদনা কৰক]
  • কিৰগিজ গণৰাজ্যৰ নায়ক (৪ ফেব্ৰুৱাৰী ১৯৯৭)
  • স্মাৰক সোণৰ অৰ্ডাৰ "মানস-1000" আৰু স্মাৰক সোণৰ পদক (15 আগষ্ট 1995)
  • Order of Manas (24 May 1999)

অন্যান্য দেশৰ

[সম্পাদনা কৰক]
  • ৰাছিয়া – অৰ্ডাৰ অফ ফ্ৰেণ্ডশ্বিপ (৮ ডিচেম্বৰ ১৯৯৮)[11]
  • উজবেকিস্তান – অৰ্ডাৰ অফ ফ্ৰেণ্ডশ্বিপ (৩০ আগষ্ট ১৯৯৫)[12]উজবেকিস্তান – অৰ্ডাৰ অফ আউটষ্টেণ্ডিং মেৰিট (11 ডিচেম্বৰ 1998)[13]
  • কাজাখস্তান – অৰ্ডাৰ অফ ফাদাৰলেণ্ড (২৩ জানুৱাৰী ১৯৯৯)
  • আজাৰবাইজান – অৰ্ডাৰ অফ ফ্ৰেণ্ডশ্বিপ (25 ফেব্ৰুৱাৰী 2008)
  • পোলেণ্ড – অৰ্ডাৰ অফ দ্য স্মাইল

মূল কৰ্মৰাজি

[সম্পাদনা কৰক]
বীশ্বেকৰ ওচৰত আইৎমাতভটভৰ সমাধি
  • A Difficult PassageТрудная переправа», 1956)
  • Face to FaceЛицом к лицу», 1957)
  • Jamila / JamiliaДжамиля», 1958)
    • in compilation Tales of the Mountains and Steppes, Progress Publishers (1969). ("Jamila", translated by Fainna Glagoleva)
    • Telegram Books, (2007). আই.এচ.বি.এন. 978-1-846-59032-0 ("Jamilia", translated by James Riordan)
  • To Have and to LoseТополек мой в красной косынке», 1961) in compilation Short Novels, Progress Publishers (1965). (translated by Olga Shartse)
  • Camel's Eye / Camel EyeВерблюжий глаз», 1961)
    • in compilation Anthology of Soviet Short Stories, two volumes, compiled by Nikolai Atarov, Volume 2, pp. 54–86, Progress Publishers (1976). ("Camel's Eye", translated by Olga Shartse)
    • in compilation Mother Earth and Other Stories, Faber (1989). আই.এচ.বি.এন. 978-0-571-15237-7ISBN  978-0-571-15237-7 ("Camel Eye", translated by James Riordan)
  • Duishen / The First TeacherПервый учитель», 1962)
  • Mother EarthСаманчынын жолу» / «Материнское поле», 1963)
    • in compilation Short Novels, Progress Publishers (1965). (translated by Fainna Solasko)
    • in compilation Mother Earth and Other Stories, Faber (1989) আই.এচ.বি.এন. 978-0-571-15237-7 (translated by James Riordan)
  • Tales of the Mountains and SteppesПовести гор и степей», 1963), Progress Publishers (1969).
  • Farewell, Gulsary! Прощай, Гульсары», 1966)
  • The White Steamship / The White ShipБелый пароход», 1970)
  • The Ascent of Mt. FujiВосхождение на Фудзияму», written together with Kaltai Mukjamedzhanov, 1973), Farrar, Straus and Giroux (1975). আই.এচ.বি.এন. 978-0-374-10629-4ISBN  978-0-374-10629-4 (translated by Nicholas Bethell)
  • Cranes Fly EarlyРанние журавли», 1975). Raduga Publishers (1983). আই.এচ.বি.এন. 978-7080321133ISBN  978-7080321133 (translated by Eve Manning)
  • Piebald Dog Running Along the Shore / Spotted Dog Running Along the SeashoreДеңиз Бойлой Жорткон Ала Дөбөт» / «Пегий пес, бегущий краем моря», 1977)
  • The Day Lasts More Than a Hundred YearsИ дольше века длится день», 1980). Indiana University Press (1983). আই.এচ.বি.এন. 978-0-253-11595-9ISBN  978-0-253-11595-9 (translated by John French)
  • The Place of the SkullПлаха», 1987). Grove Press (1989). আই.এচ.বি.এন. 978-0-8021-1000-8ISBN  978-0-8021-1000-8 (translated by Natasha Ward)
  • The Time to Speak OutЧас слова», 1988) Library of Russian and Soviet Literary Journalism, Progress Publishers (1988). আই.এচ.বি.এন. 978-5-01-000495-8ISBN  978-5-01-000495-8 (translated by Paula Garb)
  • Cassandra's BrandТавро Кассандры», 1996)
  • When The Mountains FallКогда горы падают», 2006)
  • Ode to the Grand Spirit: A Dialogue with Daisaku Ikeda, I.B Tauris (2009). আই.এচ.বি.এন. 978-1-84511-987-4ISBN  978-1-84511-987-4

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Kyrgyz writer, perestroika ally Aitmatov dies," Reuters UK,10 June 2008
  2. Peter Rollberg (2016). Historical Dictionary of Russian and Soviet Cinema. প্ৰকাশক US: Rowman & Littlefield. পৃষ্ঠা. 35–36. ISBN 978-1442268425. 
  3. Porter, Robert, ed (18 June 2008). "Chingiz Aitmatov: Leading novelist of Central Asia". The Independent. https://www.independent.co.uk/news/obituaries/chingiz-aitmatov-leading-novelist-of-central-asia-writer-849174.html। আহৰণ কৰা হৈছে: 22 February 2020. 
  4. "AITMATOV, Chingiz (Torekulovich)". The World’s #1 Online Encyclopedia. https://www.encyclopedia.com/arts/encyclopedias-almanacs-transcripts-and-maps/aitmatov-chingiz-torekulovich। আহৰণ কৰা হৈছে: 22 February 2020. 
  5. "2nd Moscow International Film Festival (1961)". MIFF. Archived from the original on 2013-01-16. https://web.archive.org/web/20130116210653/http://www.moscowfilmfestival.ru/miff34/eng/archives/?year=1961। আহৰণ কৰা হৈছে: 2012-11-04. 
  6. "7th Moscow International Film Festival (1971)". MIFF. Archived from the original on 2014-04-03. https://web.archive.org/web/20140403094201/http://www.moscowfilmfestival.ru/miff34/eng/archives/?year=1971। আহৰণ কৰা হৈছে: 2012-12-22. 
  7. "Berlinale: 1994 Juries". berlinale.de. http://www.berlinale.de/en/archiv/jahresarchive/1994/04_jury_1994/04_Jury_1994.html। আহৰণ কৰা হৈছে: 2011-06-09. 
  8. "24th Moscow International Film Festival (2002)". MIFF. Archived from the original on 2013-03-28. https://web.archive.org/web/20130328141921/http://moscowfilmfestival.ru/miff34/eng/archives/?year=2002। আহৰণ কৰা হৈছে: 2013-03-30. 
  9. Iraj Bashiri. The Art of Chingiz Aitmatov's Stories Lua error in Module:In_lang at line 40: attempt to call local 'name_from_tag' (a nil value). (discussion of Aitmatov's characters)
  10. "Chingiz Aitmatov's Lifelong Journey Toward Eternity". Radio Free Europe, Radio Liberty. 2008-12-12. http://www.rferl.org/content/Chyngyz_Aitmatovs_Lifelong_Journey_Toward_Eternity/1359041.html। আহৰণ কৰা হৈছে: 2009-07-26. 
  11. Smirnov, Vitaly. "Айтматов Чингиз Торекулович" (ru ভাষাত). warheroes.ru. https://warheroes.ru/hero/hero.asp?Hero_id=10508। আহৰণ কৰা হৈছে: 2024-10-02. 
  12. "Указ Президента Республики Узбекистан О награждении Айтматова Чингиза Торекуловича орденом «Дустлик» Республики Узбекистан" (ru ভাষাত). 31 August 1995. পৃষ্ঠা 1. 
  13. "Указ Президента Республики Узбекистан О награждении Айтматова Чингиза Торекулович орденом "Буюк хизматлари учун"" (ru ভাষাত). 12 December 1998. পৃষ্ঠা 1. http://press.natlib.uz/ru/editions/15432. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল