চীনা কমিউনিষ্ট পাৰ্টিৰ ইতিহাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চীনা কমিউনিষ্ট পাৰ্টিৰ ইতিহাস (ইংৰাজী: History of the Chinese Communist Party) আৰম্ভ হয় ১৯২১ চনৰ জুলাই মাহত। পেকিং বিশ্ববিদ্যালয়ৰ অধ্যাপক চেন ডুছিউ আৰু লি ডাঝাও ৰ নেতৃত্বত মাৰ্ক্সবাদৰ বিষয়ে আলোচনা কৰিবলৈ গোট খোৱা এক অধ্যয়ন দলৰ আলোচনাৰ ফলত ১৯২১ চনৰ জুলাই মাহত আনুষ্ঠানিকভাৱে চীনা কমিউনিষ্ট পাৰ্টি (CCP) প্ৰতিষ্ঠা কৰা হয়। ১৯২৩ চনত, ছান ইয়াট-চেনে চিচিপি(CCP)ক সংযুক্ত ফ্ৰণ্ট গঠন কৰিবলৈ আমন্ত্ৰণ জনায়, আৰু ছোভিয়েট ইউনিয়নৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা কমিউনিষ্ট ইণ্টাৰনেশ্যনেলৰ প্ৰতিনিধিৰ অধীনত হোৱা প্ৰশিক্ষণৰ বাবে কেণ্টনত তেওঁলোকৰ নেচনেলিষ্ট পাৰ্টি (জিএমডি)ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। ছোভিয়েট প্ৰতিনিধিয়ে দুয়োটা দলকে পুনৰ সংগঠিত কৰি লেনিনবাদী দলত পৰিণত কৰে। দুয়োটা দলে স্বকীয় বৈশিষ্ট্য হেৰুওৱালৈকে লেনিনবাদী দলটোৱে গণতান্ত্ৰিক কেন্দ্ৰীয়তাবাদৰ নীতিৰ ওপৰত কাম কৰিছিল, যাৰ ওপৰত ভিত্তি কৰি সামূহিক নেতৃত্বই সদস্যপদৰ মানদণ্ড নিৰ্ধাৰণ কৰিছিল আৰু সৰ্বশক্তিমান কেন্দ্ৰীয় সমিতিয়ে সকলো সদস্যই মানি চলিবলগীয়া দলীয় বিধি-বিধান নিৰ্ধাৰণ কৰিছিল।

ছান ইয়াট-চেন ৰ উত্তৰাধিকাৰী চিয়াং কাই-শ্বেক ৰ নেতৃত্বত চলা “উত্তৰ অভিযান’’ নামে চলা এক সামৰিক একত্ৰীকৰণ অভিযান (১৯২৫–১৯২৭)ত চিচিপিৰ দ্ৰুত উত্থান ঘটিছিল। তেতিয়াও বুদ্ধিজীৱী নাগৰিকসকলৰ নেতৃত্বত চলি থকা দলটোৱে গণ সংগঠন, শ্ৰমিক সংগঠন, গ্ৰাম্য বিদ্ৰোহ, সাম্ৰাজ্যবাদ বিৰোধী, জাতীয় একত্ৰীকৰণৰ বাবে আমূল এজেণ্ডা গঢ়ি তুলিছিল। উত্তৰ অভিযানৰ সফলতা ওচৰ চাপি অহাৰ লগে লগে ১৯২৭ চনৰ ডিচেম্বৰ মাহত চিয়াঙে শ্বেত আতংকৰ সৃষ্টি কৰে, যিয়ে চহৰসমূহত চিচিপিক কাৰ্যতঃ নিঃশেষ কৰি পেলায়। তথাপি স্থানীয় কৃষকসকলক শৰৎকালীন শস্য চপোৱা সময়ত সংগঠিত কৰাত মাও জেডং দৰ্শনীয়ভাবে ব্যৰ্থ হ’লেও তেওঁ চিচিপিৰ নেতা হৈ “গ্ৰাম্য ঘাটি’’ স্থাপন কৰে আৰু তেওঁলোকক সুৰক্ষা দিবলৈ চীনৰ ৰঙা সেনাবাহিনী গঠন কৰে। দ্বিতীয় চীন-জাপান যুদ্ধৰ সময়ত (১৯৩৭–১৯৪৫) মাওৱে মাওবাদ আৰু দলটোৰ তেওঁৰ নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সংশোধন অভিযানৰ নেতৃত্ব দিয়ে আৰু যুদ্ধৰ পিছত তেওঁ চিচিপিক চীনৰ গৃহযুদ্ধত (১৯৪৫–১৯৪৯) বিজয়ৰ দিশত আগুৱাই লৈ যায়। ১৯৪৯ চনৰ পিছৰ বছৰবোৰত চিচিপিৰ গাঁথনি লেনিনবাদী হৈয়েই থাকিল যদিও চিচিপিৰ নেতৃত্বৰ শৈলী কেইবাবাৰো সলনি হ’ল।

উৎপত্তি[সম্পাদনা কৰক]

চীনা কমিউনিষ্ট পাৰ্টিৰ পতাকা
চীনা কমিউনিষ্ট পাৰ্টিৰ ১৯৯০ চনৰ আগৰ পতাকা

চীনা বুদ্ধিজীৱীসকলে ইউৰোপীয় দাৰ্শনিকসকলৰ কাম-কাজৰ অধ্যয়ন আৰম্ভ কৰাৰ লগে লগে কিং বংশৰ শেষৰ ফালে চীনত মাৰ্ক্সবাদী আৰু সমাজবাদী ধাৰণাসমূহে শিপাবলৈ আৰম্ভ কৰে।[1] মাৰ্ক্সবাদৰ অন্যতম প্ৰাচীন চীনা প্ৰচাৰক আছিল জু জিক্সিন, এজন বিপ্লৱী লেখক আৰু ছান ইয়াট-চেন ৰ ঘনিষ্ঠ সহকৰ্মী, যিয়ে ১৯০৫ চনত দ্য কমিউনিষ্ট মেনিফেষ্টোৰ প্ৰথম চীনা অনুবাদ প্ৰকাশ কৰে।[2][3] ছান ইয়াট-চেন কিছুমান সমাজবাদী আদৰ্শৰ প্ৰাৰম্ভিক সমৰ্থকো আছিল, তেওঁ যুক্তি দিছিল যে সমাজবাদ আৰু সাম্যবাদ দুয়োটা মিনশ্বেং বা জনজীৱন মতবাদৰ উপগোট, যিটো ধাৰণা ভূমিৰ ওপৰত কৰ আৰোপক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল।[4] চিচিপিয়ে এতিয়াও নিজকে ছান ইয়াট-চেন ৰ পৰা ধ্যান-ধাৰণাৰ পৰাই জন্মা বুলি দাবী কৰে, তেওঁক এজন আদি-কমিউনিষ্ট আৰু তেওঁলোকৰ আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।[5][6][7] ছানে কৈছিল, "আমাৰ জীৱিকাৰ নীতি হৈছে সাম্যবাদৰ এক প্ৰকাৰ।" [8] তেওঁৰ বিধৱা পত্নী ছুং চিং-লিং শেষলৈ পি আৰ চিৰ সন্মানীয় ৰাষ্ট্ৰপতি হয়।[9]

১৯১৯ চনৰ মে’ চতুৰ্থ আন্দোলনৰ পিছত চীনত সাম্যবাদে খোপনি পুতিবলৈ আৰম্ভ কৰে। ১৯১৯ আৰু ১৯২০ চনৰ ভিতৰত চীনত নতুনকৈ উত্থান হোৱা মাৰ্ক্সবাদৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা পঠন গোটৰ বিকাশ হ'বলৈ ধৰে, য'ত ১৯১০ চনৰ চেন ডুচিউ আৰু লি ডাজাও ৰ দৰে ৰাজনৈতিক আন্দোলনৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগতে মাও জে ডঙকে ধৰি দলৰ নতুন কৰ্মীসকল উপস্থিত থাকে।[10]

১৯১৯ চনৰ গ্ৰীষ্মকালত ৰাছিয়ান কমিউনিষ্ট পাৰ্টি (বলছেভিক)য়ে পূৰ্ব-এছিয়াৰ লোকসকলক সহায় কৰাৰ সিদ্ধান্ত লয়।[11] ১৯২০ চনৰ জুন মাহত চীনলৈ পঠিওৱা কমিউনিষ্ট ইণ্টাৰনেশ্যনেলৰ এজেণ্ট কেইবাজনৰো মাজত আছিল গ্ৰীগৰী ভয়টিনস্কি, তাত তেওঁ লি ডাঝাও আৰু অন্যান্য সংস্কাৰকসকলক লগ পাইছিল। চীনত থকাৰ সময়ত ভয়টিনস্কিয়ে সমাজবাদী যুৱ বাহিনী প্ৰতিষ্ঠাৰ বাবে ধন আগবঢ়ায়।[12] ভয়টিনস্কিয়ে চাংহাইত কমিউনিষ্ট পাৰ্টিৰ পূৰ্ব-এছিয়াৰ সচিবালয় পায়গৈ। ৫ জুলাইত তেওঁ চীনত “চিচিপি’’ প্ৰতিষ্ঠাৰ প্ৰচাৰৰ বাবে ৰাছিয়ান কমিউনিষ্টৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। তেওঁ চেন ক চাংহাই বিপ্লৱী ব্যুৰো অৰ্থাৎ চাংহাই কমিউনিষ্ট গোট প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। গুৱাংঝু, ৱুহান আৰু বেইজিংলৈ ক্ৰমে ষ্টোজানোভিচ, মমাইভ আৰু ব্ৰ’ৱেই গৈ চীনক কমিউনিষ্ট গোট স্থাপন কৰাত সহায় কৰে। ভয়টিনস্কিয়ে এই গোটসমূহক প্ৰচাৰ, সন্মিলন আৰু বিদেশ অধ্যয়নৰ খৰচ প্ৰদান কৰিছিল। .[11][13] ১৯২১ চনৰ জুন মাহত কমিউনিষ্ট ইণ্টাৰনেশ্যনেলৰ এজন ডাচ এজেণ্ট হেংক স্নিভলিয়েট চাংহাইত উপস্থিত হয় আৰু ফৰাচী সাহায্যৰ এখন আওহতীয়া ছোৱালী বিদ্যালয়ত এখন সভাৰ ব্যৱস্থা কৰে; য’লৈ সাতাৱন্নজন পৰিচিত কমিউনিষ্ট নেতাৰ ভিতৰত তেৰজনক আমন্ত্ৰণ জনোৱা হয়। তাত তেওঁলোকে চীনা কমিউনিষ্ট পাৰ্টি প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰে।[14]

প্ৰথম অধিৱেশন[সম্পাদনা কৰক]

১৯২১ চনৰ ১ জুন তাৰিখে এই পাৰ্টিৰ প্ৰতিষ্ঠাৰ তাৰিখ বুলি কোৱা হয়।.[10] ইয়াৰ প্ৰথম আনুষ্ঠানিক বৈঠক ১৯২১ চনৰ ২৩ জুলাইত হয়, যেতিয়া পূৰ্বৰ দুবছৰৰ ভিতৰত বৈঠকত মিলিত হোৱা স্থানীয় চীনা গোটৰ ১২ জন প্ৰতিনিধিয়ে চাংহাইত একত্ৰিত হয়।[10]

কেইবাদিনো বৈঠকৰ অন্তত নিৰাপত্তাৰ খাতিৰত গোটটোৱে এই ঠাইৰ পৰিৱৰ্তে ওচৰৰ ঝেজিয়াঙৰ হ্ৰদৰ এখন হাউচবোটত লগ হ’বলৈ ঠিক কৰে।[10] সাধাৰণ পৰিষদে চীনৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰথম কাৰ্যসূচী হিচাপে, পাৰ্টিৰ নাম চীনৰ কমিউনিষ্ট পাৰ্টি নামেৰে নামকৰণ কৰে আৰু ইয়াৰ উদ্দেশ্য নিৰ্দিষ্ট কৰা হয়: পুঁজিপতি শ্ৰেণীৰ ক্ষমতা ওফৰাই পেলোৱা, "পুঁজিবাদ আৰু সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্ব নিৰ্মূল কৰা" আৰু "কমিণ্টাৰনত যোগদান কৰা।"[15]

প্ৰথমখন কংগ্ৰেছত হুনান কমিউনিষ্ট গোটৰ দুজন প্ৰতিনিধিৰ ভিতৰত এজন হিচাপে মাও জে ডং উপস্থিত আছিল। আন আন উপস্থিতসকলৰ ভিতৰত আছিল ডং বিউ, লি হানজুন, লি দা, চেন টাংকিউ, লিউ ৰেঞ্জিং, ঝৌ ফ’হাই, হে শ্বুহেং, ডেং এনমিং। কমিণ্টাৰনৰ দুজন প্ৰতিনিধিও উপস্থিত আছিল, ইয়াৰে এজন আছিল হেংক স্নিভলিট (মেৰিং নামেৰেও জনাজাত[16])। এই প্ৰাৰম্ভিক সময়ত উল্লেখযোগ্যভাৱে অনুপস্থিত আছিল ভৱিষ্যতৰ নেতা লি লিছান আৰু ক্যু কিউবাই।[উদ্ধৃতিৰ প্ৰয়োজন]

১৯২১ চনৰ পৰা ১৯৩৪ চনৰ ভিতৰত চিচিপিৰ বিকাশৰ সময়ছোৱাক প্ৰায়ে "কমিউনিষ্ট আন্তৰ্জাতিক যুগ" বুলি কোৱা হয় কাৰণ ছোভিয়েট ইউনিয়ন পাৰ্টিৰ কাৰ্যকলাপৰ মূল পৃষ্ঠপোষক আছিল।[17]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. he Penguin History of Modern China, Penguin 2008, pages 143–4.
  2. 毛, 泽东 (1991). 中国共产党创建史研究文集. 百家出版社出版. ISBN 9787805761985
  3. 毛, 泽东 (1991). 中国共产党创建史研究文集. 百家出版社出版. ISBN 9787805761985. https://books.google.com/books?id=dvpPAAAAIAAJ&q=%E4%B8%AD%E5%9B%BD%E5%85%B1%E4%BA%A7%E5%85%9A%E6%98%AF%E5%9C%A8%E5%88%97%E5%AE%81%E7%9A%84%E5%8F%B7%E5%8F%AC%E4%B9%8B%E4%B8%8B%E7%BB%84%E7%BB%87%E8%B5%B7%E6%9D%A5%E7%9A%84,%E6%98%AF%E5%85%B1%E4%BA%A7+%E5%9B%BD%E9%99%85%E6%B4%BE%E4%BA%BA%E6%9D%A5%E5%B8%AE%E5%8A%A9%E7%BB%84%E7%BB%87%E7%9A%84,%E5%9C%A8%E4%B8%AD%E5%85%B1%E7%AC%AC%E4%B8%80%E6%AC%A1%E4%BB%A3%E8%A1%A8%E5%A4%A7%E4%BC%9A%E4%B8%8A%E5%B0%B1%E6%9C%89%E5%9B%BD%E9%99%85%E4%BB%A3%E8%A1%A8%E5%88%B0%E4%BC%9A. 
  4. 張, 國燾 (1971). "我的囘憶". 明報月刊出版社Google Books. https://books.google.com/books?id=GIYHAQAAIAAJ&q=%E8%88%87%E7%94%B1%E5%9C%8B%E9%A6%AC%E5%85%8B%E6%80%9D%E4%B8%BB%E7%BE%A9%E8%80%85%E7%99%BC%E7%94%9F%E8%81%AF%E7%B5%A1%E3%80%81+%E5%8D%94%E5%8A%A9%E4%B8%AD%E5%9C%8B%E5%85%B1%E7%94%A2%E9%BB%A8%E7%9A%84%E7%B5%84%E6%88%90%E3%80%81%E4%B8%A6%E4%BF%83%E9%80%B2%E5%85%B6%E8%88%87%E5%85%B1%E7%94%A2%E5%9C%8B%E9%9A%9B%E7%9A%84%E9%97%9C%E4%BF%82,%E5%A8%81%E9%87%91%E6%96%AF%E5%9F%BA%E5%AF%A6%E7%82%BA%E6%9C%80%E5%88%9D%E4%B8%94%E6%9C%80%E6%9C%89%E8%B2%A2%E7%8D%BB%E7%9A%84%E4%B8%80%E5%80%8B%E4%BA%BA. 
  5. Allen-Ebrahimian, Bethany (2019-03-08). "The Chinese Communist Party Is Still Afraid of Sun Yat-Sen's Shadow" (en-US ভাষাত). Foreign Policy. https://foreignpolicy.com/2019/03/08/the-chinese-communist-party-is-still-afraid-of-sun-yat-sens-shadow/। আহৰণ কৰা হৈছে: 2023-07-16. 
  6. "Tug of war over China's founding father Sun Yat-sen as Communist Party celebrates his legacy". 10 November 2016. https://www.scmp.com/news/china/policies-politics/article/2044782/tug-war-over-chinas-founding-father-sun-yat-sen. 
  7. "Which is Sun Yat-sen's heir – Communist Party or KMT?". 25 November 2016. https://www.scmp.com/magazines/post-magazine/short-reads/article/2048614/which-sun-yat-sens-heir-communist-party-or-kmt. 
  8. Godley, Michael R. (1987). "Socialism with Chinese Characteristics: Sun Yatsen and the International Development of China". The Australian Journal of Chinese Affairs (18): 109–125. doi:10.2307/2158585. 
  9. "Soong Qingling: 'The mother of modern China'". https://www.bbc.com/culture/article/20151223-soon-qingling-the-mother-of-modern-china. 
  10. 10.0 10.1 10.2 10.3 Hammond, Ken (2023). China's Revolution and the Quest for a Socialist Future. প্ৰকাশক New York, NY: 1804 Books. ISBN 9781736850084. 
  11. 11.0 11.1 Party History Research Office of the CPC Central Committee (1997). Beijing Library Press. পৃষ্ঠা. 39–51. 
  12. Schwartz, Benjamin Isadore (1951) (en ভাষাত). Chinese Communism and the Rise of Mao. Harvard University Press. ISBN 978-0-674-12251-2. https://archive.org/details/chinesecommunism0000unse_c0g7. 
  13. Hunt, Michael (2013). The World Transformed:1945 to the Present. Oxford University Press. পৃষ্ঠা. 114. 
  14. The Penguin History of Modern China, Penguin 2008, pages 143–4.
  15. Huang, Yibing (2020). An ideological history of the Communist Party of China. 1. Qian Zheng, Guoyou Wu, Xuemei Ding, Li Sun, Shelly Bryant. প্ৰকাশক Montreal, Quebec. পৃষ্ঠা. 20. ISBN 978-1-4878-0425-1. OCLC 1165409653. 
  16. Tony Saich. "The Chinese Communist Party during the era of the Comintern (1919-1943)". http://ksghome.harvard.edu/~asaich/chinese-communisty-party-during-comintern.pdf। আহৰণ কৰা হৈছে: 14 October 2008. 
  17. Marquis, Christopher; Qiao, Kunyuan (2022). Mao and Markets: The Communist Roots of Chinese Enterprise. প্ৰকাশক New Haven: Yale University Press. doi:10.2307/j.ctv3006z6k. ISBN 978-0-300-26883-6. OCLC 1348572572.