চুঙা
চুঙা হ’ল এফালে গাঁঠি ৰাখি বা নাৰাখি কটা বাঁহৰ পাব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীসকলৰ দৈনন্দিন জীৱন প্ৰবাহ, কলা, সংগীত, সাহিত্য, ধৰ্মীয় আদি বিভিন্ন দিশত চুঙাৰ ব্যৱহাৰ দেখা যায়। অসমলৈ চুঙাৰ আগমন ঘটিছিল জনজাতিসকলৰ মাজেদি।
প্ৰকাৰ
[সম্পাদনা কৰক]লাংথে লাংপং, দুমা লাংপং, কিতেং লাংপং, টাংকা লাংপং (কাৰ্বি); টাকা বাকক, তাংখুবাকক, চুনি বাকক, মায়ৰুং বাকক (ৰাভা); তাংখু হাচুং, থাখা হাচুং(বড়ো); তুই থেই(কুকি); ডিফং (ডিমাছা); গৰং চুঙা (তিৱা) আদি। [1]
ব্যৱহাৰ
[সম্পাদনা কৰক]অতীজৰে পৰা বিভিন্ন ফেত্ৰত চুঙাৰ ব্যৱহাৰ মন কৰিবলগীয়া। বাঁহ সভ্যতাৰ ধ্বজাবাহী মংগোলীয়সকলে চুঙাৰ ব্যৱহাৰ ভালদৰে জানিছিল।[1] মংগোলীয় সংস্কৃতিত (জনজাতীয় লোকসকল)চুঙাৰ গুৰুত্ব বৰ্তমান সময়তো দেখা যায়।
বুৰঞ্জীৰ পাতত
[সম্পাদনা কৰক]অতীজৰে পৰা চুঙাৰ প্ৰচলন দেখা যায়। বুৰঞ্জীৰ পাততো চুঙাৰ উল্লেখ আছে - এনে পত্ৰ-সন্দেহ প্ৰেৰণ কৰা চুঙাৰ ভিতৰত সংগোপনে মাৰণাস্ত্ৰ সুমুৱাই পঠিয়াই বিদ্ৰোহ ঘোষণা কৰা হৈছিল৷[1] কামৰূপাধিপতি কুমাৰ ভাস্কৰ বৰ্মাই সম্ৰাট হৰ্ষবৰ্দ্ধনলৈ মিত্ৰতাৰ চিহ্ন স্বৰূপে আভোগ ছত্ৰৰ লগত পঠিয়াই দিয়া অন্যান্য উপহাৰ সামগ্ৰীৰ ভিতৰত 'মুখ কাপোতিকাৰ পাতেৰে বন্ধা সহকাৰ (সুগন্ধি আম) ৰসেৰে পৰিপূৰ্ণ বাঁহৰ চুঙাও' অন্যতম আছিল।[1]
জনজাতীয় জীৱনত
[সম্পাদনা কৰক]জনজাতীয় সমাজত বিয়া বাৰু বা ৰাজহুৱা ভোজ আদিত চুঙা বহুল ব্যৱহাৰ পৰিলক্ষিত হয়। জনজাতীয় সমাজত মদ বা পানী খোৱা,দৈ পতা, শুকান মাছৰ সুস্বাদু 'সিদল' বা 'সিন্দল' প্ৰস্তুতকৰণ, খৰিচা কৰা, খাদ্য বস্তু আদি জুইত সেঁক দিয়া, ভাত আৰু পিঠা, মাংস (ৱক কিমুং) সিজাই খোৱা আদিত চুঙাৰ ব্যৱহাৰ দেখা যায়।
জনজাতিসকলৰ মাজত চুঙা ফালি মঙল চোৱা নিয়মৰ প্ৰচলন দেখা যায়। কাৰ্বিসকলে বছৰৰ প্ৰথম দিনত ৰঙা কুকুৰা, হৰলাং আৰু চুঙা-ভাত দি শক্তিদেৱী ৰাছিনজাৰ পূজাত এটা এটাকৈ যথাক্ৰমে ভাত, সাংস আৰু পানীৰ চুঙা ফালি বতৰৰ শুভাশুভ গণনা কৰে।[2]ৰাভাসকলৰ জাতীয় উৎসৱ বায়খো পূজাত বতৰৰ শুভাশুভ চোৱাৰ উপৰিও মাটিত চুঙা ফালি সেয়া ঢালৰ দৰে পেলাই গাঁওখনলৈ কিমানজন ল'ৰালৈ ন- কইনা আহিব আৰু কিমানজনী ছোৱালী বোৱাৰী হৈ ওলাই যাব তাৰ মঙল চায়। জনজাতীয় সমাজত দেৱ-দেৱীলৈ মদ, নৈবদ্য আদিও চুঙাত (বাঁহৰ) আগবঢ়োৱা হয়।
ফঁকৰা-যোজনা,প্ৰবচনত
[সম্পাদনা কৰক]লোকসমাজত চুঙাৰ লগত জড়িত ফকৰা-যোজনা, প্ৰবচনৰ ব্যৱহাৰ দেখা যায়৷ যেনে: আপুতৰ পুত চুঙাতে মূত (মূৰত থ’লে ওকনিয়ে খায়, মাটিত থ’লে পৰুৱাই খায়); গাখীৰ খাব যি চুঙা ধুব সি (যাৰ প্ৰয়োজন তেওঁ উঠি পৰি লগা); ৰাজাৰ মুখে চুঙাৰ মুখে সমান (যথেচ্ছাচাৰ) আদি।
লোক-বিশ্বাস
[সম্পাদনা কৰক]চুঙাৰ সৈতে জড়িত নানা লোকবিশ্বাস জনজাতীয় সমাজত দেখা যায়। গালং আৰু আদিসকলৰ মপিন উৎসৱত বলি দিয়া মেথোনৰ তেজ বাঁহৰ চুঙাত সংগ্ৰহ কৰি নি শস্য পথাৰৰ গুটিত লগোৱা হয় নতুবা বাঁহৰ চুঙাত তেজ সানি পথাৰত পুতি থোৱা হয়। [2]বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে চুঙাক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। 'আঙুলি হাড়া' নামৰ আঙুলি উখহা ৰোগবিধ হ'লে সিজু গছৰ ঠাৰিৰ মাজ অংশ খুলি কৰা চুঙা আঙঠিয়ে ঔষধৰ কাম কৰে। সৰু ল'ৰা-ছোৱালীৰ বমি আৰু ওকালি অহা নিৰাময় কৰিবলৈ মাছে গিলা মাছৰ পেট ফালি উলিয়াই চুঙাত সিজাই খোওৱা হয়। গৰুৰ গাত যাতে কোনো চৰ্মৰোগে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে কোনো কোনো অঞ্চলত মাঘৰ গৰুবিহু দিনাখন মেজিৰ আধা পোৰা বাঁহৰ পৰা একে সমান দৈৰ্ঘ্যৰ চুঙা তিনিটা কাটি একেলগে থোক কৰি বান্ধি লোৱা চুঙা প্ৰতীকেৰে পিঠাগুৰি আৰু ঘিমছুৰ(ইকৰাৰ গেঁৰত থকা ধেঁতোৰ ক'লা) ফোঁট গৰুৰ গাত দিয়ে।[1]
চুঙাৰে নিৰ্মিত সঁজুলি
[সম্পাদনা কৰক]চুঙাৰ সহায়ত বিভিন্ন সঁজুলি যেনে: বাদ্যযন্ত্ৰৰ ভিতৰত বাঁহৰ পাব জোৰা দি প্ৰস্তুত কৰা শিঙা (জেঙো পাতেৰে জিভা লগোৱা মৰাণৰ বজালৰ পেঁপাৰ দৰে ৰাভাৰ ঝাপকাৰা); এমূৰে গাঁঠি থকা বাঁহ ফালি প্ৰস্তুত কৰা ঘাত বাধ্য টকা (বড়োৰ বৰ্খা, মিছিংৰ দুম্পাক) আদিৰ উপৰি মৰাণ সমাজৰ বাঁহ চুঙাৰ সুতুলি, বাঘধেনু আদি উল্লেখনীয়।[1]
আধুনিক যুগৰ সৃষ্টি দূৰবীণ (Zoom lens), মাইক (loud speaker), spray machin, নলীনাদ, বেৰোমিটাৰ আদি চুঙাৰে সৃষ্ট।