চুচন চন্দ্ৰ গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে আগুৱাই গৈ সংগ্ৰাম কৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ আঠখেল মৌজাধীন দোলাকাষৰীয়া গাঁ‌ৱৰ বাসিন্দা স্বৰ্গীয় শশীধৰ গগৈৰ তৃতীয় পুত্ৰ আছিল চুচন চন্দ্ৰ গগৈ। ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈ কেইবাবাৰো জেইল খোৱা সংগ্ৰামীজনে স্বাধীনতাৰ পৰবৰ্তী কালত বৈষ্ণৱ ধৰ্মৰে দিক্ষিত হৈ নামাচাৰ্য হিচাবে দিন নিয়াইছিল। পত্নীৰ মৃত্যুৰ পাছত পুনৰ বিবাহ নকৰোৱা সংগ্ৰামীজনৰ তিনিগৰাকী কণ্যা আৰু তিনিজন পুত্ৰ আছিল। ১৯৯২ চনৰ বহাগ মাহত সংগ্ৰামী জনৰ বাধক্যজনিত কাৰণত মৃত্যু হ'য়।