চুম্বক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলনিক'(alnico)ৰ পৰা গঠিত এটুকুৰা "ঘোঁৰানলীয়া চুম্বক"।
দণ্ড চুম্বক(bar magnet) দ্বাৰা উদ্ভাৱিত চুম্বকীয় ক্ষেত্ৰলোৰ গুড়ি আকৰ্ষিত হোৱা দেখা গৈছে।

চুম্বক (গ্ৰীকৰ পৰা μαγνήτις λίθος magnḗtis líthos, "মেগনেছিয়া শিল") হৈছে এবিধ পদাৰ্থ যি চুম্বকীয় ক্ষেত্ৰ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। এই চুম্বকীয় ক্ষেত্ৰ অদৃশ্য যদিও চুম্বকৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্টৰ বাবে দায়বদ্ধ, এই শক্তিৰ বাবে চুম্বকে অন্য পদাৰ্থ যেনে লো, নিকেল,ক'বাল্ট ইত্যাদি আকৰ্ষণ আৰু অন্য চুম্বকক বিকৰ্ষণ কৰিব পাৰে।

ইতিহাস[সম্পাদনা কৰক]

অতীজৰ মানুহসকলে চুম্বকীয় শক্তিৰ বিষয়ে চুম্বকশিলা(lodestone)ৰপৰা শিকিছিল। চুম্বকশিলা হৈছে লোৰ আকৰ। ই প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা চুম্বক, যি লোৰ টুকুৰা আকৰ্ষণ কৰে। গ্ৰীক ভাষাত "চুম্বক"ৰ অৰ্থ হৈছে "মেগনেছিয়াৰ পৰা পোৱা শিল", পুৰণি গ্ৰীচৰ এটি ভাগ য'ত চুম্বকশিলা পোৱা গৈছিল। চুম্বকশিলা বিলাক ওলোমাই ৰাখি চুম্বকীয় কম্পাচৰ উদ্ভাৱন কৰা হৈছিল। প্ৰায় ২৫০০ বছৰ মানৰ আগতেই গ্ৰীচ, চীন আৰু ভাৰতবৰ্ষত চুম্বকৰ ব্যৱহাৰৰ চিন পোৱা গৈছে।

১২শৰপৰা ১৩শ শতিকাৰ ভিতৰত চীন, ইউৰোপ আৰু অন্য ঠাইত জাহাজৰ গতিপথ নিৰ্দেশন কৰিবলৈ চুম্বকীয় কম্পাচৰ ব্যৱহাৰ হৈছিল।

চুম্বকৰ মেৰু[সম্পাদনা কৰক]

এটুকুৰা চুঙা আকৃতিৰ দণ্ড চুম্বক(cylindrical bar magnet)ৰ চুম্বকীয় ক্ষেত্ৰ

আমাৰ সুবিধা অনুসৰি চুম্বকৰ দুটা মেৰু আছে বুলি ধৰা হয়: উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। এই মেৰু দুটাৰ সহায়ত চুম্বকৰ দুয়োটা বিপৰীত কাষকহে বুজোৱা হয়। যদি এটুকুৰা চুম্বক ভাঙি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক পৃথক কৰিবলৈ চেষ্টা কৰা হয়, তেতিয়া আমি পুনৰ দুটুকুৰা চুম্বকহে পাম। এই দুটুকুৰা চুম্বকত দুয়োটা মেৰু থাকিব।

ব্যৱহাৰ[সম্পাদনা কৰক]

হাৰ্ড ডিস্কয়ে এটি পাতল চুম্বকৰ প্ৰলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে
  • ৰেকৰ্ডিঙ মিডিয়া: সাধাৰণ অডিঅ' কেছেট সমূহো চুম্বকৰ ফিতাৰে নিৰ্মিত। কম্পিউটাৰফ্লপি ডিস্ক(Floppy Disk) আৰু হাৰ্ড ডিস্ক(Hard Disk) সমূহে এটি পাতল চুম্বকৰ প্ৰলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]