সমললৈ যাওক

চেঙেলীয়াকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই ছবিখনে মানুহ ডাঙৰ হওঁতে মূৰ সমানুপাতিকভাবে সৰু আৰু ভৰি সমানুপাতিকভাবে দীঘল হোৱা দেখুৱাইছে। সমানুপাতিক ভাবে ডাঙৰ মূৰ আৰু চুটি ভৰি ডাঙৰ মানুহৰ বাবে চেঙেলীয়াকৰণ হোৱাৰ ঠাচ।

চেঙেলীয়াকৰণ বা নিয়টেনি (ইংৰাজী: neoteny)[1][2][3] হৈছে জীৱৰ (সাধাৰণতে প্ৰাণীৰ) শৰীৰতাত্ত্বিক (বা চ’মেটিক) বিকাশ দেৰি বা লেহেমীয়া কৰা। আধুনিক মানুহত চেঙেলীয়াকৰণ পোৱা যায়।[4] প্ৰজেনেছিছত যৌনবিকাশ ত্বৰিত।[5]

চেঙেলীয়াকৰণ আৰু প্ৰজেনেছিছ দুয়োটাৰে ফলত পেড’মৰ্ফিজম হয় যি এক ধৰণৰ হেটেৰ’ক্ৰনি।[6] কিছুমান লেখকে পেড’মৰ্ফিজমক পেলীয়া গুণ বজাই ৰখা বোলে, যিটো মাগুৰীয়া ভেকুলীত দেখা যায়।[7][8][9]

চেঙেলীয়াকৰণ আৰু প্ৰজেনেছিছ দুয়োটাই আগতে অকল সৰু বয়সীয়া জীৱত দেখা গুণবিলাক ডাঙৰ বয়সীয়া জীৱত বজাই ৰাখে। এনেকুৱা বজাই ৰাখন বিৱৰ্তনগত জীৱবিজ্ঞান, ঘৰচীয়াকৰণ আৰু বিৱৰ্তনগত বিকাশৰ জীৱবিজ্ঞানত জৰুৰী।

"কেতিয়াবা চেঙেলীয়া হিচাপে ধৰা গঠন বেটী বুপৰ কাৰ্টুনটোৱে দেখুৱাইছে। ইয়াৰ ভিতৰত ডাঙৰ মূৰ, চুটি হাত-ভৰি আৰু সৰু ল’ৰা-ছোৱালীৰ নিচিনা খোজ-কাটল আদি পৰে।" — বেৰী বগিন[10]

মানুহত চেঙেলীয়াকৰণ হৈছে বাকী প্ৰেয়মেটৰ তুলনাত মানুহত গাৰ বিকাশ লেহেমীয়াকৈ বা দেৰিকৈ হোৱা, যাৰ ফলত ডাঙৰ মূৰ, চেপেটা মুখমণ্ডল আৰু চুটি বাহু আৰু হাত দেখা যায়। চেঙেলীয়াকৰণৰ এই সালসলনিবিলাক হয়তো মানুহৰ বিৱৰ্তনত যৌন বাচনিয়ে আনিছে। এইখিনিয়ে হয়তো মানুহৰ কিছুমান ক্ষমতা যেনে হুগীয়া যোগাযোগৰ বিকাশ ঘটাব দিছে। যদিও মানুহৰ কিছুমান পেৰামৰ্ফিক (চেঙেলীয়াকৰণ হোৱা নহয়) গুণো আছে যেনে দীঘল ভৰি আৰু ডাঙৰ নাক। কিছুমান বিৱৰ্তন-জীৱবিজ্ঞানীয়ে চেঙেলীয়াকৰণক মানুহৰ বিৱৰ্তনৰ এটা মূল বস্তু বুলি প্ৰস্তাৱ দিছে।[11] গৌল্ডে কৈছিল আমি "সৰুকালৰ লক্ষণবোৰ ডাঙৰকাললৈ বজাই ৰখাটো" মানুহৰ "বিৱৰ্তনৰ কাহিনী"।[12] জেবিএছ হাল্ডেনে "মানুহত বিৱৰ্তনৰ এটা ডাঙৰ ধাৰা" "সৰুকাল বেছিকৈ দীঘল হোৱা আৰু পুৰঠ হোৱা মন্থৰ হোৱা" বুলি গৌল্ডৰ উপকল্পনাটো দেখুৱাইছিল।"[13] ডেল থিয়েছেনে কৈছিল "প্ৰথম প্ৰাইমেটবোৰ পিছৰ গঠনলৈ বিৱৰ্তন হৈ থাকোতে চেঙেলীয়াকৰণ বেছিকৈ ভাহিছে" আৰু "প্ৰাইমেটবোৰে চেপেটা মুখৰ পিনে বিৱৰ্তিত হৈ আছে।"[14] যদিও কিছুমানে চেঙেলীয়াকৰণক বৰ্ণবভেদক সমৰ্থন কৰিবলৈ ব্যৱহাৰ কৰাৰ বাবে গৌল্ডেও ক’লে যে "কোনো মানুহৰ চেঙেলীয়াকৰণ কিমান হৈছে তাৰ ওপৰত মানুহক উচ-নীচ কৰাটো উচিত নহয়" (গৌল্ড, ১৯৯৬, ১৫০নং পাত)।[15] ডৌগ জন্সে কৈছিল মানুহৰ বিৱৰ্তনৰ চেঙেলীয়াকৰণৰ পিনে ধাৰাটো হয়তো মাইকী মানুহৰ মুখত চেঙেলীয়া গুণ বিচাৰি মতা মানুহে মানুহৰ বিৱৰ্তনত যৌন বাচনি ঘটাইছিল আৰু মতা মানুহৰ মুখৰ চেঙেলীয়াকৰণ মাইকী মানুহৰ মুখৰ চেঙেলীয়াকৰণত হোৱা যৌন বাচনিৰ "উপজাত-সামগ্ৰী"।[16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Neoteny. (2012). Dictionary.com. Retrieved September 19, 2012, from link
  2. Neoteny. (2012). Your dictionary. Retrieved September 19, 2012, from link. Pronunciation is shown as (nēŏtˈnē) and in IPA notation it is /niːˈɒtni/ as can be inferred from the Pronunciation Key.
  3. Neoteny. (2012). Oxford Dictionaries. Retrieved September 19, 2012, from link Archived 2016-08-08 at the Wayback Machine. Pronunciation is shown as /nēˈätn-ē/ and was changed to IPA notation using Help:IPA/English and the vowels of fleece Archived 2016-08-08 at the Wayback Machine, lot Archived 2016-08-08 at the Wayback Machine, and happy Archived 2016-08-08 at the Wayback Machine.
  4. Being More Infantile May Have Led to Bigger Brains
  5. Volkenstein, M. V. 1994. Physical Approaches to Biological Evolution. Springer-Verlag: Berlin, [1].
  6. Ridley, Mark (1985). Evolution. Blackwell. http://www.blackwellpublishing.com/ridley/a-z/Neoteny.asp. 
  7. Whiteman, H.H. (1994). "Evolution of facultative paedomorphosis". Quarterly Review of Biology খণ্ড 69: 205–221. doi:10.1086/418540. 
  8. Schell, S. C. Handbook of Trematodes of North America North of Mexico, 1985, pg. 22
  9. Ginetsinskaya, T.A. Trematodes, Their Life Cycles, Biology and Evolution. Leningrad, USSR: Nauka 1968. Translated in 1988, [2].
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Bogin1999 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. Shea, Brian T. (1989). "Heterochrony in human evolution: The case for neoteny reconsidered". American Journal of Physical Anthropology খণ্ড 32 (S10): 69–101. doi:10.1002/ajpa.1330320505. http://onlinelibrary.wiley.com/doi/10.1002/ajpa.1330320505/pdf. 
  12. Gould, S.J. A Biological Homage to Mickey Mouse.
  13. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Montagu নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  14. Thiessen, D.D. (1997). Bittersweet destiny: the stormy evolution of human behavior. Transaction Publishers, N.J.
  15. Gould, S.J. (1996). The mismeasure of man. W.W. Norton and Company, N.Y.
  16. Jones, D. (1995). "Sexual selection, physical attractiveness, and facial neoteny: Cross-cultural evidence and implications [and comments and reply]". Current Anthropology খণ্ড 36 (5): 723–748. doi:10.1086/204427.