চেনিৰাম গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চেনিৰাম গগৈ অসমৰ এগৰাকী কবি। বিগত প্ৰায় তিনিটা দশক ধৰি তেখেতে কবিতাৰ চৰ্চা কৰি আছে। বৰ্তমানলৈকে তেখেতৰ প্ৰকাশিত কবিতাপুথিৰ সংখ্যা দুখন: শব্দ শস্য গান (১৯৯৪) আৰু ঘৰগোনা বলধৰ কবিতা (২০২১)।[1]

জন্ম[সম্পাদনা কৰক]

কবি চেনিৰাম গগৈৰ জন্ম হয় ১৯৬০ চনত কাজিৰঙাৰ বছাগাঁৱত।[1]

চেনিৰাম গগৈৰ কবিতা সম্পৰ্কে বিভিন্ন ব্যক্তিৰ মত[সম্পাদনা কৰক]

  • ৰবীন্দ্ৰ বৰাৰ মতে সাম্প্ৰতিক কালৰ তৰুণৰ কবিতা সংকলন খনিত অন্তৰ্ভুক্ত এগৰাকী প্ৰতিভাৱান তৰুণ কবি চেনীৰাম গগৈৰ কবিতাত জাতীয় জীৱনৰ ঐতিহ্য আৰু কালচেতনা বিদ্যমান৷ বিশেষকৈ গাঁও জীৱনৰ বিচিত্ৰ অভিজ্ঞতা অৰ্থঘন ৰূপত প্ৰকাশ পাইছে৷ সাম্প্ৰতিক সময়ৰ দুৰ্দশাগ্ৰস্ত জনগণৰ জীৱনৰ আৰ্তস্বৰ তেখেতৰ কবিতাত বিক্ষিপ্ত হৈ আছে৷ জীৱনবোধৰ প্ৰকাশ তেওঁৰ কবিতাৰ আকৰ্ষণীয় সম্পদ৷ গগৈৰ কবিতাত অনায়াসলব্ধ চিত্ৰকল্পৰ প্ৰয়োগ মনকৰিবলগীয়া৷ কবি গগৈৰ মানুহৰ ওপৰত থকা বিশ্বাস তেওঁৰ অনেক কবিতাত প্ৰকাশ পাইছে৷ সমাজবাদী চিন্তাই কবিৰ কাব্যিক চেতনাক উজ্বলাই তুলিছে৷লোকজীৱনৰ ঐতিহ্য আৰু চিনাকি সমাজ জীৱনৰ পৰা বুটলি লোৱা ঘৰুৱা শব্দ আৰু বাক্যাংশই কবি গৰাকীৰ স্বকীয়শৈলীক সমৃদ্ধ কৰিছে৷মানৱীয় মূল্যবোধৰ প্ৰতি থকা সচেতনতাই কবিৰ কণ্ঠস্বৰ দৃঢ় কৰিছে৷[1]

= সন্মান[সম্পাদনা কৰক]

  • শংকৰদেৱ প্ৰকাশন সাহিত্য বঁটা৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 চেনিৰাম গগৈ (২০২১). ঘৰগোনা বলধৰ কবিতা. শংকৰদেৱ প্ৰকাশন.